তেওঁ নিজকে
হেৰুয়াই পেলাইছে
দাপোনেও তেওঁক সোধে এতিয়া
-“তুমি কোন?”
স্পৰ্শকাতৰ মৌন ওঠ
কপে বুকুৰ ধপধপনিত
কাতৰ হৈ নষ্টালজিয়া
সময়ক সুঁৱৰি
গহীন ঘড়ীটোৰ কাঁটাইও
আৱেগত বশৱৰ্তী হৈ সময় পাহৰে
ছুনামি অনা সাগৰখন
আজি কিছুদিন ধৰি শ্ৰান্ত
কোনো মাছমৰীয়াই ডুব মাৰোতে
দেখিছিল - বাহ্যিকৰ
সাগৰখনে অতদিন ধৰি ৰখা
বিশাল ধুমুহা এজাক ৰুদ্ধ ৰাখিছে
উপায়ন্তৰ হৈ...
(এই ধুমুহা ইতিবাচক/উন্নতিৰ)
দূৰৈৰ পৰা ঈষৎস্বচ্ছ
দেখিব পৰা গৈছে এখনি
সোণালী নাও
গতি ধীৰ পৰিপাতি
নাওখন আহি আছে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ