" তহঁত বঙালীবোৰ নিলাজ ভীৰু !
তহঁতৰ জাতিটোৱেই এটা নিশকতীয়া জাতি । বৰ পৰিতাপৰ কথা যে তহঁতে এনে এটা জাতিত জন্ম হৈছ । তাত অৱশ্যেই তহঁতৰ দোষ নাই যিহেতু কোনেও জন্ম নিজে বাচি ল'ব নোৱাৰে । একমাত্ৰ উচ্চ শিক্ষাৰে শিক্ষিত হৈ তহঁতে চৰকাৰৰ তলত চাকৰি বাকৰি লৈ অন্তঃত তহঁতৰ সংস্কৃতিৰ সংশোধন কৰি এদিন ভদ্ৰলোকৰ শাৰীলৈ উন্নীত হোৱাৰ দৰকাৰ । তাৰ কাৰণে ইংৰাজী ভাষাৰ ওপৰত সাংঘাটিক দখল থকাৰ প্ৰয়োজন । সেয়া লেখ-জোখ কৰাৰ কাৰণে কাইলৈ তহঁতে নিজৰ ভাল লগা বিষয় বস্তুৰ ওপৰত ৰচনা লিখি আনিবি । শ্ৰেষ্ঠ ৰচনা লেখা বিবেচিত হোৱা ছাত্রজনক পুৰস্কৃত কৰা হ'ব ।
ফৰাচী উপনিবেশ চহৰ চন্দন নগৰৰ প্ৰসিদ্ধ ডুপ্লেইক্স কলেজৰ অতিথি অধ্যাপক এডোৱাৰ্ড গোমচৰ তিৰস্কাৰ ভৰা মন্তব্য শুনি নৱম শ্ৰেণীৰ সকলো ছাত্ৰ খঙত তিঙিৰিতুলা হৈ পৰিছিল । শ্ৰেণীকোঠাৰ একেবাৰে শেষৰ শাৰীত বহি থকা দুজন নলে-গলে লগা কিশোৰ বন্ধু ৰচু আৰু শ্ৰীষে বৃটিছ অধ্যাপকজনৰ ককৰ্থনাৰ প্ৰতুত্তৰ কিদৰে দিয়া হ'ব তাকে গুণাগঁথা কৰিব ধৰিলে ।
"শ্ৰীষ, এই অহংকাৰী গোমচক সহজে এৰি দিয়া উচিত নহ'ব । ই বেটাই নিজৰেই ঘৰত বঙালীক উপহাস কৰিছে সেইটো মই সহ্য নকৰোঁ । ৰচনাৰ জৰিয়তেই ইয়াক উচিত উত্তৰ দিম। গতিকে ৰচনাৰ বিষয় বস্ত যদি 'আনন্দ মঠ' লওঁ কেনে হ'ব কোৱাচোন ?"
ৰচু , অতি উত্তম । চন্দন নগৰৰ বাসিন্দা হোৱাৰ উপৰিও ফৰাচী বিপ্লৱ বিষয়ে জনাৰ লগতে আনন্দমঠৰ কাহিনী পঢ়ি মোৰ মন ক্রমাত বিপ্লৱৰ প্ৰতি আকৰ্ষিত হ'ব ধৰিছে । নিধক এডোৱাৰ্ড গোমচক উচিত শিক্ষা দিবলৈ তোমাৰ ৰচনাৰ বিষয় বস্তু বঢ়িয়া হ'ব ।
বিশ্বাস কৰা শ্ৰীষ আনন্দমঠ পঢ়ি এটা কথা মোৰ মনত শিপাই গৈছে যে একামাত্ৰ সশস্ত্ৰ সংগ্ৰামেই হৈছে এই অহংকাৰী বৃটিছক ভাৰতৰ পৰা খেদি পঠোৱাৰ উচিত উপায় । কিন্ত অস্ত্র-শস্ত্র আহিব ক'ৰ পৰা ? গতিকে আমি সকলোৱেই বৃটিছ সৈন্য বাহিনীত যোগদান কৰি বিশ্বাসঘাটকতাৰে সিহঁতক হত্যা কৰিব লাগে । মই সেয়েহে সেনাত যোগদান কৰাৰ সুযোগ বিচাৰি আছোঁ ।
বন্ধু ৰচুৰ ৰোমাঞ্চকৰ গোপন যোজনা শুনি কিশোৰ শ্ৰীষৰ চকু কপালত উঠিল । সেই দিনাখন গোটেই নিশা ৰচু আৰু শ্ৰীষ দুয়ো বন্ধুয়ে অধ্যাপক গোচৰ ওপৰত পোতক ল'বলৈ বুলি আনন্দমঠৰ কাহিনীৰ পটভূমিত 'বিপ্লৱ' নামৰ এটা প্ৰৱন্ধ লিখি যুগুতালে ।
যথা দিনত ডুুপ্লেস্ক কলেজৰ অধ্যাপক চাৰু চন্দ্ৰ ৰয়ৰ উপস্থিতিত অধ্যাপক এডোৱাৰ্ড গোমচে ৰচনা প্ৰতিযোগিতাৰ আৰম্ভ কৰিলে আৰু এখনৰ পাছত আনখন ৰচনা পাঠ কৰি যাব ধৰিলে । সদৌ শেষত ৰচু আৰু শ্ৰীষে লিখা ৰচনা বিপ্লৱ পাঠ কৰি থাকোতেই অধ্যাপক গোমচ থকথক কৰি কপিবলৈ ধৰিলে।
Damn it. How have you shown your audacity to criticise the imperial rule by a writing a essay on Revolution and Fight of Plassey. I take this as personal insult on behalf of British. খঙত জ্বলি পকি অধ্যাপক গোমচে অধ্যক্ষ চাৰু চন্দ্ৰ ৰয়ক ৰচু আৰু শ্ৰীষৰ ওপৰত যথাযথ শাস্তি বিহাবলৈ জনালে । অন্যথাই তেওঁ এতিয়াই কলিকতালৈ উভতি গৈ দুয়োজন ল'ৰাৰ নামত বৃটিছ প্ৰশাসনৰ ওচৰত দেশদ্ৰোহৰ গোচৰ তৰিব বুলি ভাবুকি দিলে ।
অধ্যাপক গোমচৰ ভাবুকিৰ প্ৰত্যুত্তৰত অধ্যক্ষ চাৰু চন্দ্ৰ ৰয়ে ইয়াৰ উচিত বিচাৰ কৰিব বুলি ক'লে । কিন্ত ভাবুকিৰ হেচাঁত তেওঁ খৰধৰ কৰিব নোৱাৰিব বুলি জনাই দিয়াত অসন্তুষ্ট হৈ অধ্যাপক গোমচে হতাশাত লম্ফ জম্ফ কৰি কলিকতালৈ বুলি উভতি গৈছিল ।
অধ্যাপক গোমচ উভতি যোৱাৰ পাছত অধ্যক্ষ চাৰু চন্দ্ৰ ৰয়ে কৈশোৰ ৰচু আৰু শ্ৰীষক নিজৰ কাৰ্য্যালয়লৈ তলব কৰিলে । অধ্যক্ষৰ কপালৰ গাঁঠি ঠুপ খাই পৰা ৰূপ দেখি দুয়োজন অলপ চিন্তিত হৈ পৰিছিল । আজিয়েই সিহঁতৰ কলেজীয়া জীৱনৰ অন্তিম দিন বুলি মনতে অনুমান কৰি ৰচু ৰোমাঞ্চিত হৈ পৰিছিল । অন্তঃত দেউতাকৰ হেচাঁত পঢ়া শুনা কৰি বৃটিছ প্ৰশাসনৰ তলত কৰ্মচাৰীৰ চাকৰি কৰিব লগীয়া হোৱাৰ বিপৰীতে সৈন্য বাহিনীত যোগদান কৰি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব ।
সেমেনা-সেমেনি কৰি ৰচু আৰু শ্ৰীষ গৈ অধ্যক্ষ চাৰু চন্দ্ৰ ৰয়ৰ কাৰ্য্যালয়ত সোমোৱাৰ লগে- লগে তেওঁ দুয়োজনকে কি সাহসত সিহঁতে এজন বৃটিছ নাগৰিকক বৃটিছ প্ৰশাসনৰ বিৰুদ্ধে বিপ্লৱ কৰাৰ ভাবুকি ভৰা ৰচনা লিখিলে বুলি প্ৰশ্ন কৰিলে । এমুঠিমান ল'ৰাই সাহসিকতাৰে বৃটিছৰ বিৰুদ্ধাচৰণ কৰিলেই কি বিপ্লৱৰ সৃষ্টি হৈ যাব নেকি ? বৃটিছক জোকাই লোৱাৰ ধৃষ্টতা সিহঁতে কৰ পৰা পালে বুলি অধ্যক্ষই কৰা প্ৰশ্নৰ উত্তৰত কি ক'ব কি নক’ব একো ভাবিব নোৱাৰি স্বৰাজ বিপ্লৱৰ বাহ ল'গা পোন্ধৰ বছৰীয়া দুয়োজন কিশোৰ চুপচাপ ঠিয় দি আছিল ।
সিদিনাখন অধ্যক্ষ চাৰু চন্দ্ৰ ৰয়ৰ মনৰ ক্ষোভ দেখি কিশোৰ ৰচুৰ মনটো কিবা ভাল নালাগিল । ইয়াৰ আগতে ৰচুুৱে অধ্যক্ষ চাৰু চন্দ্ৰ ৰয় এজন বৃটিছ বিৰোধী বিপ্লৱী বুলিয়েই শুনিছিল । কিন্ত তেখেতৰ আচৰণ দেখি ৰচুৰ মনত সন্দেহ উপজিব ধৰিছিল । সেয়েহে অধ্যক্ষই সিহঁতক বিপ্লৱ কেনেদৰ কৰে জানা নে নেজানা বুলি বাৰে বাৰে প্ৰশ্ন কৰাত সি মৌনতা ভাঙি উত্তৰ দিলে, নাজানো । গতিকে আপুনিয়েই শিকাৱকচোন বিপ্লৱ কেনেদৰে কৰা যায় ?
অনাকাংক্ষিত ভাৱে ৰচুৰ নিৰ্ভীক প্ৰশ্নৰ সন্মুখীন হৈ অধ্যক্ষ চাৰু চন্দ্ৰ ৰয় যেন থতমত খাই উঠিল ।
কাইলৈ পুৱাই আহি কলেজৰ নটিছ বৰ্ডত চাবা তুমি তোমাৰ উত্তৰ পাই যাবা ।
অধ্যক্ষ চাৰু চন্দ্ৰ ৰয়ৰ কথা শুনি আজিয়েই সিহঁতৰ ডুপ্লেইক্স কলেজৰ শেষৰ দিন বুলি নিশ্চিত হৈ শৈশৱৰ পৰাই স্বাধীনচেতিয়া ৰচুৰ মনত আনন্দৰ সীমা নাইকিয়া হৈ পৰিছিল । শ্ৰীষ অলপ চিন্তিত হৈছিল । মধ্যবিত্ত ঘৰৰ ল'ৰা শ্ৰীষৰ মনৰ উৎকন্ঠা দূৰ কৰি ৰচুয়ে তাৰ মনত বিপ্লৱৰ জুই একুৰা পুণৰ জ্বলাই দিছিল ।
ৰাতিটো উচপিচাই থাকি অধ্যক্ষ চাৰু চন্দ্ৰ ৰয়ৰ উত্তৰ জনাৰ উদ্দেশ্যলৈ ৰচু আৰু শ্ৰীষ গৈ ডুপ্লেইক্স কলেজৰ চৌহদত উপস্থিত হ'ল । ইতিমধ্যেই কলেজৰ নটিছ বৰ্ড আগুৰি ধৰি থকা ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীৰ ভিৰভাৰ দেখি সিহঁতে ভৱাৰদৰেই নটিছ লাগিছে বুলি ৰচু একেবাৰেই খাটাঙ হৈ পৰিছিল । তথাপিও মনৰ খু-ধুৱনি গুচাবলৈ বুলি ঠেলি হেঁচি আগুৱাই গৈ ৰচুৱে নটিছ বৰ্ডত চকু ফুৰাবলৈ ধৰিলে ।
কিন্ত এইয়া কি ? নটিছ বৰ্ডত চকু ফুৰাই সি যেন নিজকেই বিশ্বাস কৰিব পৰা নাই । সিহঁতে লিখা বিপ্লৱ নামৰ ৰচনাখন অধ্যক্ষ চাৰু চন্দ্ৰ ৰয়ে সৰ্ব শ্ৰেষ্ঠ ৰচনা ঘোষণা কৰি দেখোন পুৰস্কৃত কৰিছে ।
ৰচুৱে বিচৰা প্ৰশ্নৰ উত্তৰ পাই গ'ল । সি শ্ৰীষক লগত লৈ অধ্যক্ষ চাৰু চন্দ্ৰ ৰয়ক ধন্যবাদ জনাবলৈ খৰ-খেদা কৰি তেওঁৰ কাৰ্য্যালয়ত সোমাই গ'ল ।
সিদিনাখন অধ্যক্ষ চাৰু চন্দ্ৰ ৰয়ে বিপ্লৱৰ আদি পাঠ দি কয় — ৰাজবিহাৰী, বিপ্লৱ মানেই কেৱল ক্ষোভৰ বহিঃপ্ৰকাশ নহয় । কাৰ্য্য কৰিলেহে প্ৰকৃত বিপ্লৱ কৰা সূচায়। বিপ্লৱ সদায়েই নিজৰ পৰা আৰম্ভ হয় । সকলো জনপ্ৰিয় মানুহেই বিপ্লৱী নহয় কিন্তু বিপ্লৱী ব্যক্তি এজনৰ কাৰণে জনপ্ৰিয়তা অতিকৈ আৱশ্যক । তাৰ কাৰণে জনতাৰ আস্থা লাভ কৰিব পাৰিব লাগিব ।
৩৪ তম্ বেঙ্গল নেটিভ ইন্ফেট্ৰি চমুকৈ বি এন আই ৰেজিমেন্টৰ সৈনিক মংগল পাণ্ডেৰ নেতৃত্বত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে মুুকলি কৈ আৰম্ভ হোৱা চিপাহী বিদ্ৰোহৰ পাছতেই সমগ্ৰ ভাৰতবৰ্ষত স্বৰাজ স্থাপনৰ কাৰণে সু-সংগঠিত বিপ্লৱৰ সূচনা হৈছিল বুলি ক'ব পৰা যায় । এই বিপ্লৱৰ প্ৰধান প্ৰাণকেন্দ্ৰ আছিল দেশৰ তদানীন্তন ৰাজধানী কলিকতাৰ সমীপৱৰ্তী ফৰাছী উপনিবেশ চহৰ চন্দন নগৰ । সহজে বৃটিছ প্ৰশাসন ব্যৱস্থাই হস্তক্ষেপ কৰিব নোৱাৰা চন্দন নগৰ সেই সময়ৰ অখণ্ড বংগ আৰু দেশৰ অন্যান্য প্ৰান্তৰ বিপ্লৱী সকলৰ কাৰণে সুৰক্ষিত ৰম্যভূমিলৈ পৰিৱৰ্তিত হৈ পৰিছিল । এটা কথা ঠিক যে স্বৰাজ স্থাপনৰ হেতু ভাৰতৰ পৰা বৃটিছক সমূলঞ্চে খেদি পঠোৱাৰ ক্ষেত্ৰত বৃটিছ ইষ্ট ইণ্ডিয়াৰ বঙ্গ আৰু পাঞ্জাৱ প্ৰভিন্সৰ বিপ্লৱী সকলৰ সৰ্বাধিক অৱদান অকপট ভাৱে চিৰকাললৈ ভাৰতবাসীয়ে স্বীকাৰ কৰিব লাগিব ।
বিপ্লৱ ৰাতিটোৰ ভিতৰতে জন্ম হৈ দিনটোৰ ভিতৰতে সমাপ্ত হৈ নাযায় । বিপ্লৱ হৈছে পৰিবৰ্তনৰ কাৰণে কৰা সংগ্ৰাম তথা প্ৰচেষ্টাৰ অবিৰাম যাত্ৰাৰ এক অন্য নাম । নিৰ্ধাৰিত লক্ষ্যত উপনীত নোহোৱালৈ এই যাত্ৰা যুগৰ পাছত যুগ ধৰি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি থাকে । বিপ্লৱী সকলে নিস্কাম কৰ্ম কৰে । নিজৰ সুখ আৰু খ্যাতিৰ কাৰণে নেভাৱে। সাৰ্বজনীন স্বাৰ্থৰ খাতিৰত বিপ্লৱ কৰে । সেইবাবে আদৰ্শৰ আধাৰত কৰা বিপ্লৱৰ সফলতা নিশ্চিত । চিপাহী বিদ্ৰোহৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানী সষ্টম হৈ উঠিছিল । বিশেষকৈ বঙ্গ আৰু পাঞ্জাৱ প্ৰভিন্সৰ মানুহৰ মনোবল ভাঙি পেলাবৰ কাৰণে সকলো বৃটিছ সাম্ৰাজ্যৰ আমোলা বিষয়াই যৎপৰোনাস্তি চেষ্টা কৰিছিল । পিছে অখণ্ড বংগ আৰু পাঞ্জাৱ প্ৰভিন্সত উমি উমি জ্বলি থকা সেই বিপ্লৱৰ জুইকুৰাত বঙ্কিমচন্দ্ৰ চত্তোপাধ্যায়ৰ 'আনন্দ মথ' নামৰ অন্যতম উপন্যাসখনে পুনৰ ঘি ঢালি দিছিল । উপনিবেশী বৃটিছৰ বিপক্ষে মুকলি কৈ বিদ্ৰোহৰ বাবে উচটনি নিদিলেওঁ ১৭৮৬ চনত বংগত মূৰ ডাঙি উঠা সন্যাসী বিদ্ৰোহৰ পটভূমিত ৰচিত আনন্দ মঠৰ কাহিনীৰে অনুপ্ৰাণিত হৈ দেশত পুনৰ এবাৰ বৃটিছৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামৰ উকমুকনি উঠিব ধৰিছিল । এই উপন্যাসখনতে পোন প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষক ভাৰত মাতাৰ ৰূপত উপস্থাপন কৰা হৈছিল আৰু বন্দে মাতৰম অৰ্থাত "মাতৃভূমিক প্ৰণাম" বাক্যাংশক স্বাধীনতা আন্দোলনৰ শ্লোগান হিচাপে পৰিচিত কৰা হৈছিল । আনন্দ মঠ উপন্যাসখনৰ জৰিয়তে বঙ্কিমচন্দ্ৰ চত্তোপাধ্যায়ে নায়ক মহেন্দ্ৰই উপাসনা কৰা ভাৰতমাতাৰ তিনিটা বিশেষ ৰূপৰ জৰিয়তে তিনিগৰাকী দেৱীৰ মহিমা বৰ্ণনা কৰি জনসাধাৰণক দেশমাতৃৰ উদ্ধাৰৰ বাবে উদ্বুদ্ধ কৰিছিল ।
১৷ জগদ্ধাত্ৰী মাতা: অতীত ভাৰতৰ শৌৰ্য্য-বীৰ্য্য আৰু সমৃদ্ধিক উপস্থাপন কৰা হৈছিল ।
২৷ মাতা কালী : সেই সময়ৰ আৰ্থিকভাৱে শোষিত আৰু আকালত লাঞ্চিত ভাৰতবৰ্ষৰ ছবি ডাঙি ধৰা হৈছিল ।
৩৷ মা দূৰ্গা : যাৰ জৰিয়তে ভৱিষ্যত ভাৰতৰ দৃষ্টিভংগীক প্ৰকাশ কৰা হৈছিল ।
সমগ্ৰ ভাৰতৰ জনসাধাৰণৰ মনত আৱেগ আৰু দেশপ্ৰেম জাগ্ৰত কৰিবলৈ চাতুৰীতাৰে মহা মণিষী বঙ্কিমচন্দ্ৰ চত্তোপাধ্যায়ে লোৰ শিকলিৰে বান্ধি ৰখা ভাৰতমাতাক কল্পনাৰে অংকিত কৰিছিল । সেইয়া আছিল বৃটিছৰ উপনিবেশবাদৰ কবলত বন্দী পৰাধীন দেশমাতৃৰ ছবি । লোৰ শিকলিৰে বন্ধা মাতৃৰ ছবি দেখি কোন পুত্রৰ হাতৰ তৰোৱাল ঠমকি ৰ'ব । সেইয়াই আছিল প্ৰসিদ্ধ লেখক বঙ্কিমচন্দ্ৰ চত্তোপাধ্যায়ে কৌশলগত ভাৱে সৃষ্টিকৰা এটা মাথোঁন ফিৰিঙতি । যি ফিৰিঙতিৰে ভাৰতৰ স্বনামধন্য কিন্তু প্ৰচাৰ বিমুখ বিপ্লৱী ৰাজ বিহাৰী বোসে ভাৰতত উপনিবেশবাদৰ বিৰুদ্ধে খাণ্ডৱ দাহনৰ পাতনি মেলিছিল।
সুদূৰ জাপানত নাকামূৰীয়া ভাতৰ দোকান খুলি ভাৰতৰ স্বাধীনতাৰ কাৰণে আই এন এ ( ইণ্ডিয়ান নেচনেল আৰ্মি ) গঠন কৰি সশস্ত্ৰ আন্দোলনত জঁপিয়াই পৰা ৰাজবিহাৰী বোস হৈছে বৰ্তমান মই লিখি থকা উপন্যাস "বন্দী চামুৰাই"ৰ এটা বিশেষ চৰিত্ৰ । অচিৰেই মই জাপানলৈ যোৱাৰ সময়ত নাকামূৰীয়ালৈয়ো যোৱাৰ মানস কৰিছো । জাপানৰ পৰা ঘূৰি আহি সংগ্ৰামী বীৰপুৰুষ ৰাজবিহাৰী বোসৰ জীৱন গাঁথাৰ আৰু কিছু কথা আপোনালোকক অৱগত কৰিম বুলি মনতে পাঙি থলোঁ ।
এইখিনিতেই এটা কথা জনাব বিচাৰো যে ভাৰতৰ স্বাধীনতাৰ কাৰণে চলা আন্দোলনৰ প্ৰমুখ্য সংগঠন জাতীয় কংগ্ৰেছ দললৈ কৌশলগত ভাৱে বৃটিছ সাম্ৰাজ্যই লণ্ডনত পঢ়ি শুনি মন-মগজুৰে আধা বৃটিছ হৈ পৰা কিছুমান ভূূৱা স্বাধীনতা যুঁজাৰুক কিদৰে ভাৰতলৈ চালান দিছিল তাক বহুতেই হয়তো নাজানে । সেই সকল ভূৱা দেশপ্ৰেমিকৰ মুখা খুলি দিয়া হ'ব "বন্দী চামুৰাই"ৰ পাতত । আৰু মাত্ৰ এটা বছৰ অপেক্ষা কৰক ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ