গীত -বিদ্যুৎ গগৈ

Rinku Rajowar
0
একতাৰে আগুৱাই যাওঁ

বল বল সমনীয়া 
      আগুৱাই যাওঁ বল।
            সমনীয়া 
      একতাৰে আগুৱাই যাওঁ।
একতাৰ সূতাডাল 
        মেৰিয়াই বান্ধি লৈ 
                সকলো আগুৱাও বল।

জ্ঞানৰ কিৰণে
       একতাৰ দ্যুতিৰে 
              জেউতি বিলাই 
                     আগুৱাও বল।

একতা বান্ধি লৈ 
       সোণৰ সজাতি লৈ 
দীপ্তি উজ্বলাও বল।

সবে মিলি গাও আজি একতাৰ গান 
স্বদেশ উজ্বলাও একতাৰ সূতাৰে।
আমি আন্ধাৰ আঁতৰাই পোহৰ আনিম 
স্বদেশক সবাতোকৈ আগত ৰাখিম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)