সংস্থাপন বিচাৰি হাবাথুৰি খাই
ভাগৰি নপৰা একোজন নিৱনুৱা ।
হ'লেও আমাক নাহাঁহিবা
আপদে বিপদে সময় মতে কেৱল
কেৱল আমাকহে পাবা ।
দূৰণিত চাকৰি কৰা ভাই বন্ধু
তোমালোক নিশ্চিন্ত থাকা
বিবাহ,সবাহ,তিলনি
সকলোতে আমাক পাবা ।
বিপদত দিব নোৱাৰিব পাৰো
ধন টকা
হাতে কামে লাগি দি
গৃহস্থক উদ্ধাৰ কৰাৰ
আছে বৰ হেঁপাহ ।
সেই যে সমাজৰ হিতৰ কাৰণে
বিনাবেতনে টেতু ফালি চিঞঁৰি
সমাজক সজাগ কৰি ফুৰা
তেওঁলোকো একোজন নিৱনুৱা
তাৰ মাজৰ বহুতেই
দহৰ কাৰণে কাম কৰিবলৈ নলয় হাজিৰা ।
সমাজৰ সেনানি হৈ
সমাজক আগুৱাই নিয়া
সৰহ ভাগেইতো নিৱনুৱা
কোৱা এতিয়া
তেওঁলোকক জানো হাঁহিবা ?
সুন্দৰ অনুভৱ। আগুৱাই যোৱা
ReplyDelete