ৰাধাৰ প্ৰেমতেই বলীয়া --কংকন ডেকা 

©Admin
0
মই আগতেই
কৈছোঁ তোমাক 
মই যে ৰাধাৰ
প্ৰেমতে বলীয়া,
তুমি..!
তুমি ৰাধা হʼব
পাৰিবা জানো ?

এতিয়া আকৌ
কথাতো ভাবিছোঁ
তুমি যদি 
ৰুক্মিণী হৈ যোৱা 
মই হৈ ৰম যে 
আধৰুৱা;

সেয়ে ৰাধা হৈয়ে 
থাকাচোন 
মোৰ মৰমৰ মাজত,
মইও ৰাধাৰ 
উশাহত হয়তো থাকিব 
পাৰিম তেতিয়া
প্ৰতিটো ক্ষণত,

নাভাবিবা তুমি 
মোক কৃষ্ণ দৰেই 
এৰি যাম বুলি 
লগত থাকি 
মৰমৰ ফাকু 
খেলিম আমি ।
আঘোণৰ পূৰ্ণিমা ৰাতি
ৰাসক্ৰীড়া কৰি,
প্ৰেমৰ মিঠা
আলিঙ্গনত ডুবি 
যাম আমি,
তাতেই সুখী হম
তুমি আৰু মই  
মৰম বুটলি ।

         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)