শিক্ষা - বিদ্যুৎ গগৈ

©Admin
0
মান্য ৰাজ্যত এজন বৰ ধনী মানুহ আছিল। তেওঁৰ নাম ভাটৌপকা। এদিন ৰাতিপুৱা ভাটোপকা এখন গাঁৱলৈ গৈ আছিল। তেতিয়া এজন খোজনিয়াই তেওঁক ক'লে-“দাদা মই এদিন ধৰি একেৱেই খোৱা নাই, মোৰ বৰ ভোক লাগিছে, মোৰ কোনো নিজা ঘৰ নাই মই আপোনাৰ ঘৰত থাকিব পাৰিমনে?” ভাটৌপকা ধনী আছিল যদিও তেওঁৰ মনটো বৰ ভাল আছিল। সেয়েহে তেওঁ খোজনীয়াজনক নিজৰ ঘৰত থাকিবলৈ অনুমতি দিলে।

         পুৱা 09.30 বাজিছে, ভাটৌপকাই খোজনীয়াজক প্রথমতে ঘৰৰ বাহিৰৰ এটা সৰু কোঠাত থাকিবলৈ ক'লে। কিন্তু খোজনীয়াজনে ক'লে-"মই অকলে থাকি বৰ বেয়া পাওঁ। আপোনাৰ লগত থাকিবলৈ দিলে ভাল হ'লহৈ।" ভাটৌপকা সহজ-সৰল আছিল বাবে তেওঁক নিজৰ ঘৰত থাকিবলৈ ক'লে। ভাটৌপকাৰ নিজৰ বুলিবলৈ কোনো নাছিল। সেয়েহে তেওঁ খোজনীয়াজনৰ পৰিচয় নজনাকৈ লগতে ৰাখি সুখ দুখৰ সকলো কথা পাতিলে। তেওঁ ধন-টকা-পইছা, পাকঘৰৰ বস্তু আদি থোৱা সকলো যেগা খোজনীয়াজনক দেখাই দিলে আৰু ধন-টকা-পইছা থোৱা বাকছটোৰ চাবিটো দেখাই দিছিল। তেখেতে খোজনীয়াজনক একেবাৰে নিজৰ সন্তানৰ দৰে লৈছিল। ভাটৌপকাৰ ইমানবোৰ টকা-পইচা দেখি খোজনীয়াজনৰ লোভ লাগিল আৰু দুয়ো খাই- বই শুই থাকিল। 
            পাছদিনা ৰাতি 03.30 বজাত খোজনীয়াজনে ধনৰ লোভতে ভাটেীপকাক মাৰি সকলো ধন সম্পতি লৈ যাবলৈ ওলাওতেই তেওঁক পুলিছে দেখি জেললৈ লৈ গ'ল। কাৰণ দুদিনৰ আগতেই ভাটৌপকাৰ ঘৰৰ পাছফালে এটা মৰাসৰ পাইছিল। সেইবাবে ভাটৌপকাৰ লগত আলোচনা কৰিবলৈ 03.30 বজাতেই সিহঁতৰ ঘৰলৈ পুলিছ আহিছিল। সেইবাবে অচিন কাঠৰ থোৰা লগাব নালাগে আৰু কেতিয়াও আনৰ সম্পতিৰ ওপৰত লোভ কৰিব নালাগে। বেছি মৰম কৰিলে মেকুৰীয়েও নিজকে বাঘ বুলি ভাবে।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)