আমি দুটা বস্তু কেতিয়াও উভতাই ঘূৰাই নাপাওঁ সেয়া হ'ল - এবাৰ মুখৰ পৰা ওলোৱা বাক্য আৰু আনটো হ'ল- এবাৰ গুছি যোৱা সময়। পৃথিৱীত এনেকুৱা একো আৱিষ্কাৰ হোৱা নাই এতিয়ালৈকে যি সময়ক ধৰি ৰাখিব পাৰে । সময়ক আমি কেতিয়াও ধৰি ৰাখিব নোৱাৰো বা কিনিবও নোৱাৰো আৰু আনৰ পৰা সময় ধাৰ কৰিবও নোৱাৰো। সময় এবাৰ যি যায় যায়েই। সেই সময় আমি কেতিয়াও ঘূৰাই আনিব নোৱাৰো। সময়ে কেৱল স্মৃতিহে এৰি থৈ যাব পাৰে। সেয়াই ভালেই হওঁক বা বেয়াই। মানুহৰ জীৱনৰ এক মূল্যৱান সম্পদ হ'ল সময় আৰু সেইবাবে সময়ক লৈ মানুহে বহুত চিন্তা-ৰ্চচা কৰে । বিভিন্নজনে বিভিন্ন সময়ত সময়ক লৈ প্ৰবন্ধ লিখাও দেখা পোৱা যায়। সময়ক লৈ বিভিন্ন সময়ত মহান শিল্পী সকলে সংগীতো লিখি থৈ গৈছে। যি সমূহ আমি বৰ্তমান সময়ত শুনিবলৈ পাওঁ। প্ৰত্যেকৰে জীৱনত যে সময়ৰ মূল্য আছে এই কথা গীত সমূহৰ মাজেৰে প্ৰকাশ পাইছে। বিদ্যালয়ত শিক্ষক সকলেও ছাত্ৰ-ছাত্ৰী সকলক প্ৰায়ে কয় - সময়ৰ কাম সময়ত কৰিবা। এই কথাষাৰ কিয় ক'ব লগা হয় ভাবি চাইছে নে ? এই কথাষাৰ এই কাৰণে ক'ব লগীয়া হয় যে - সাধাৰণতে আমি কামবোৰ থৈ দিওঁ আমাৰ হাতত বহুত সময় আছে পাছত কৰিম । কিন্তু সময় যে আমাৰ বাবে ৰৈ নাথাকে আমি কথাষাৰ পাহৰিয়ে যাওঁ। আৰু সেইবাবে আমাক মাজে সময়ে সোঁৱৰাই দিব লগা হয় যে - সময়ৰ কাম সদায় সময়ত কৰিবা। সময়ৰ কাম সময়ত কৰিব পৰাটো এটা ভাল অভ্যাস। কিন্তু সময় নাই হাতত সময় নাই বুলি কৈ থকাটো হে এটা বেয়া অভ্যাস। এজন ব্যক্তিয়ে যদি ২৪ ঘণ্টাত সকলো কাম সময়ত কৰিব পাৰে। তেতিয়া আপুনি আৰু মই সময় নাই সময় নাই বুলি কৈ থকা যুক্তিটো ক'ত ? সকলোৰে হাতত ২৪ ঘণ্টায়ে সময় থাকে সেই সময়খিনি কেনেদৰে ব্যৱহাৰ কৰে সেয়াহে আমাৰ ওপৰত নিৰ্ভৰ কৰে । আমাৰ হাতত অফুৰন্ত সময় থাকে মাত্ৰ সঠিক ভাৱে ব্যৱহাৰ কৰিলে আমিও হাতত সময় নাই বুলি ক'ব লগা নহয় ।
মহান দাৰ্শনিক চাণক্যই কৈছিল --- জীৱনৰ এটা মুহূৰ্তও কোটি সোণৰ মুদ্ৰা দি পোৱা নাযায়। তাক যদি অবাবতে কটোৱা যায় তাতকৈ ডাঙৰ হানি কি হ'ব পাৰে ?
উক্ত কথাষাৰৰ মমাৰ্থ অতি গভীৰ ।
আমি এটা কথা সদায় লক্ষ্য ৰাখিব লাগে আমাৰ লগত যদি কোনো ব্যক্তিয়ে কথা পাতে তেতিয়া যাতে আমাৰ কথাখিনিৰ দ্বাৰা ব্যক্তিজনৰ সময় অবাবত নষ্ট নহয়। যদিহে আমি অলাগতিয়াল কিছুমান কথা কৈ ব্যক্তিজনক কেতিয়াও বিৰক্তি অনুভৱ নকৰাওঁ।ঠিক তেনেদৰে আমাৰ সন্মুখত বহি কথা কোৱা জনেও এই কথাৰ প্ৰতি লক্ষ্য ৰাখিহে কথা কোৱা উচিত। যদি সেই মুহূৰ্তটো আপোনাৰ কাৰণে ব্যক্তিজনৰ বা ব্যক্তিজনৰ কাৰণে আপোনাৰ অবাবত সময় নষ্ট হৈ যায় তেতিয়া দুয়োজনৰ কাৰণে হৈ পৰিব হানিকাৰক । আমি সদায় যি কোনো কাম কৰোঁতে নিজৰ লগতে আনৰ সময়ৰ প্ৰতিও গুৰুত্ব দিয়া উচিত। কাৰণ - সময়ৰ মূল্য এজনেও আনজনক দিব নোৱাৰে ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ