সেয়া ১৯৪৩ চনৰ কথা । এফালে ইটালী, জাৰ্মানী আৰু জাপানৰ সন্মিলিত এক্সিচ সৈন্যবাহিনী আৰু আনফালে বৃটেইন, আমেৰিকা, ফ্ৰান্স আৰু ৰাছিয়াৰ সন্মিলিত এলাইড সৈন্যবাহিনীৰ মাজৰ যুদ্ধ একেবাৰে তুংগত উঠিছিল। বিশ্বৰ আকাশ বোমা বিস্ফোৰণৰ কলীয়া ধোঁৱাই চানি ধৰিছিল। চৌদিশ মৃত্যুৰ আতংকৰ লগতে বাৰুদ আৰু নৰৰক্তৰ গোন্ধই আৱৰি ধৰিছিল। জাপানৰ পৰাক্ৰম সহিব নোৱাৰি বহু স্থানত এলাইড বাহিনীয়ে চত্রভঙ্গ দিবলৈ বাধ্য হৈছিল। এইসময়ত জাপানৰো আৰ্থিক , সামাজিক আৰু ঔদ্যোগিক দিশত যঠেষ্ট ক্ষতি সাধন হৈছিল। বিশেষকৈ কোৰিয়া, চীন আৰু বৃটিছ মালে দেশ সমূহে জাপানলৈ লোৰ আকৰৰ ৰপ্তানি বন্ধ কৰি দিয়াৰ বাবে জাপানে ভাবুকিৰ সন্মুখীন হ'ব লগীয়া হৈছিল। যুদ্ধত ব্যৱহাৰ হ'বলগীয়া যানবাহন, জাহাজ, বিমানৰ পৰা আদিকৰি টেংক আৰু যাবতীয় অস্ত্ৰ শস্ত্ৰ প্ৰস্তুত কৰিবলৈ দেশত লোৰ ভয়ানক ভাৱে নাটনি হৈছিল। সেই সংকটৰ সময়ত জাপানৰ সম্ৰাটৰ হুকুম মতে দেশখনত পৰিত্যক্ত হৈ থকা পূৰণি নতুন সকলো সামগ্ৰী সংগ্ৰহ কৰাৰ অভিযান আৰম্ভ কৰা হৈছিল। যাতে সেই সংগ্ৰহিত লোহ পুনৰ গলাই যুদ্ধৰ বাবে আহিলাপাতি তৈয়াৰ কৰিব পৰা যায় ।
ইতিহাসবিদ সকলৰ মতে মোটামোটি ইডো শাসন কালৰ পৰা জাপানৰ মঠ মন্দিৰ আৰু ৰাজপ্ৰসাদ বোৰত চীনাসকলৰ আৰ্হিত বনোৱা বৃহৎ বৃহৎ ঘন্টা ৰখা হৈছিল। সংকেতপ্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা সত্তৰৰ পৰা আশী টন ওজনৰ সেই বৃহৎ হন্চু নামৰ এই ঘন্টা বোৰৰ মাজত কোনো লটকন ওলমি নাথাকে । এডাল বিশাল শালকাঠৰ খুটা দুমুৰে ৰচীৰে বান্ধি ওলোমাই ৰখা হয় । এজন নিৰ্দেশক আৰু দহ-বাৰজনলোকৰ সহায়ত খালকাঠৰ খুটা ডালেৰে খুন্দিয়াই খুন্দিয়াই এই বিশালাকাৰ ঘন্টা বজোৱা হয় । হন্চুতকৈ আকাৰ আৰু ওজনত সৰু আৰু লটকন ওলমি থকা হাতেৰে লৰাই বজোৱা চজু নামৰ ঘন্টাবোৰ সাধাৰণতে কলিঙ বেল হিচাপে ব্যৱহাৰ কৰা হৈছিল।
এতিয়া আহো মুল কথালৈ। যুদ্ধৰ জৰুৰীকালীন পৰিস্থিতিৰ সময়ত জাপানৰ সম্ৰাটৰ নিৰ্দেশ মৰ্মে দেশখনৰ বিভিন্ন মঠ-মন্দিৰ আৰু ৰাজপ্ৰসাদৰ থকা হন্চু আৰু চজু ঘন্টাবোৰো সংগ্ৰহ কৰা হৈছিল। সেই নিৰ্দেশমতে নিজো প্ৰসাদৰো দুটা বিশাল ঘন্টা যথাস্থানৰ পৰা নমাই প্ৰসাদৰ চোতালত ৰখা হৈছিল। যথাসময়ত সামৰিক বাহিনীৰ লোক বিশাল ঘন্টা দুটা উঠাবলৈ আহি হেজাৰ চেষ্টা কৰিও ঘন্টা দুটা উঠাবলৈ অসমৰ্থ হ'ল । অৱশেষত সামৰিক বিষয়াৰ নিৰ্দেশমতে ঘন্টা দুটা ডাঙি নিবলৈ দুখন ক্ৰেণ অনাহক যদিও যান্ত্ৰিক বিজুতি ঘটি দুয়োখন ক্রেনেই অকামিলা হৈ পৰিল। অৱশেষত জাপানৰ সামৰিক বাহিনীয়ে ঘন্টা দুটা নিজো প্ৰসাদৰ চোতালতে এৰি থৈ যাবলৈ বাধ্য হৈছিল। সেই ঘন্টা আজিও অক্ষত অৱস্থাত নিজো প্ৰসাদৰ সেই স্থানতে পৰি থকা দেখি বিশ্বাস আৰু অবিশ্বাসৰ দোমোজাত পৰি গৈছিলোঁ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ