অনুভূতিবোৰ তেতিয়া পাৰ ভাঙি ওলায় আহে,
শব্দবোৰ তেতিয়া কঠিন হৈ পৰে।
আৰু শব্দবোৰে যেতিয়া কথা কয়,
হৃদয়খন, হৃদয়খন এটুকুৰা মমৰ দৰে জ্বলি উঠে।
শব্দবোৰে প্ৰাণ ঢালি হাঁহে,
উশাহবোৰ ঘন হৈ পৰে,
মৌনতাই তেতিয়া কয়, তুমি কি মোৰ উপস্থিতি বেয়া পাইছা,
তেতিয়া ,তেতিয়া শব্দ আৰু উশাহবোৰে আকৌ প্ৰাণ ঢালি হাঁহি উঠে
আৰু মৌনতাক কয়,
তুমি হৈছা, তুমি হৈছা আমাৰ প্ৰাণৰো প্ৰাণ বন্ধু।
তুমি কঢ়িয়াই অনা স্নিগ্ধতা আৰু প্ৰশান্তিয়ে
আমাক জানা জীয়াই থকাৰ সংজ্ঞা দিয়ে,
জীয়াই থকাৰো যে এটা মধুৰতা আছে তাৰ কাৰণ দিয়ে।
এইবাৰ উন্মাদৰ দৰে মৌনতাই হাঁহি উঠে।
সঁচাকৈ মৌনতাই যেতিয়া কথা কয়
জীৱনটোক আকৌ জিপাল কৰি তুলিবলৈ মন যায় ,
মন যায় মৌনতাক এটা
সুকুমল পিঞ্জৰাৰে পিঞ্জৰিত কৰিবলৈ।
মৌনতাই যেতিয়া কথা কয়.......
✍️দিব্যজ্যোতি বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ