মৌপ্রিয়া, তুলা আৰু নাথ বংশৰ যুদ্ধ --বিদ্যুৎ গগৈ

©Admin
0
কাশীৰ ৰাজ্য অর্থাত মৌপ্রিয়া বংশ। কাশীৰ ৰাজ্য মানৱ সম্পদত ইমান চহকী নাছিল যদিও প্রাকৃতিক সম্পদত বৰ চহকী আছিল। সেই ৰাজ্যখন ফ্রাঞ্চিছ দেশৰ ভিতৰতে আটাইতকৈ বেছি প্রাকৃতিক সম্পদত চহকী ৰাজ্য বুলি কোৱা হৈছিল। সেয়েহে এই ৰাজ্যত নাথ বংশই নিজৰ ৰাজ্যৰ ৰাজধানী পাতিব বিছাৰিলে। এদিন নাথ বংশৰ ৰজা হৌলনাথে নিজৰ সৈন্য লৈ মৌপ্রিয়া বংশৰ ৰাজ্যত আক্ৰমণ কৰিলে।এই যুদ্ধত মৌপ্রিয়া বংশৰ সেনাপতি যুদ্ধা মৌপ্ৰিয়াৰ মৃত্যু হ'ল । সেইহে মৌপ্রিয়া বংশৰ ৰজা মৌর্যমৌপ্রিয়া নিজে যুদ্ধত নামিল । এই যুদ্ধ প্রায় ৪২ দিন চলিছিল । এই যুদ্ধত নাথ বংশৰ ৰজা হৌলনাথৰ মৃত্যু হৈছিল যদিও তেওঁৰ পুত্র সিদ্ধনাথ ৰাজপদত বহি যুদ্ধত জয় হবলৈ সক্ষম হ'ল । আৰু কাশীৰ ৰাজ্যত তেওঁ নিজৰ ৰাজধানী পাতিল । দুয়োখন ৰাজ্য মিলাই তেওঁ এখন ৰাজ্যত পৰিণত কৰিলে । 
        নিজ ৰাজ্যৰ পৰাজয়ৰ পাছত মৌর্যমৌপ্রিয়া মানসিক ভাৱে ভাগি পৰিল । তেতিয়া তেখেতৰ মন্ত্রীয়ে পৰাধীন কাশীৰ ৰাজ্য স্বাধীন কৰিব বিচাৰিলে আৰু মহাৰাজ মৌর্যমৌপ্রিয়াক বুজাই বহায় এটি বুদ্ধি ওলিয়ালে । মৌর্য বংশৰ ৰাজকুমাৰ বৰ মৰমৰ আৰু বৰ ধুনীয়া আছিল । সেয়েহে মন্ত্রীবৰে ৰাজকুমাৰক নাথ বংশৰ ৰাজকুমাৰীক নিজৰ জীৱন সংগী পতাৰ ভেকচন কৰিবলৈ ক'লে । সেই মতে ৰাজ কুমাৰে নাথ বংশৰ ৰাজকুমাৰীক জীবন সংগী বনালে আৰু নাথ বংশৰ লগত মৌপ্রিয়া বংশই ভাল সম্পর্ক কৰাৰ অভিনয় কৰিলে ।
        ইফালে মন্ত্রীবৰ আৰু মহাৰাজ মৌর্যমৌপ্রিয়াই তুলা বংশৰ ৰজা ৰাজতুলাৰ লগত ভাল সর্ম্পক স্থাপন কৰিলে । মন্ত্রীবৰে তুলা বংশৰ ৰজাক ক'লে- আপুনি যদি ইচ্ছা কৰে আপুনি আমাৰ ৰাজ্যত ৰাজত্ব কৰিব পাৰিব । আমাৰ কোনো আপত্তি নাই । কিন্তু আপোনালোকে নাথ বংশক আক্রমন কৰি যুদ্ধত হৰুৱাব লাগিব । যুদ্ধত মৌপ্রিয়া বংশয়ো আপোনালোকৰ লগত থাকিব । আপুনি আমাৰ ৰাজ্যত আক্রমন কৰিব পাৰে ।
তেন্তে মন্ত্রীবৰ সেয়াই হওক কাইলৈ মই নাথ বংশত আক্রমন কৰিম । আৰু মহাৰাজ আপোনাক মোৰ ৰাজ্যৰ প্রধান মন্ত্রী পাতিম । তুলা বংশৰ ৰজাই মৌপ্রিয়া বংশৰ ৰজা আৰু মন্ত্রীক ক'লে । 
         পাছদিনা যুদ্ধ আৰম্ভ হ'ল । নাথ আৰু তুলা বংশৰ মাজত ১০১ দিনলৈ যুদ্ধ চলি থাকিল । কিন্তু তেতিয়া লৈকে যুদ্ধত কোনো জয় হব পৰা নাছিল । শেষত ১০২ৰ দিনা নাথ আৰু তুলা বংশৰ ৰজা দুয়োজনৰ মৃত্যু হৈছিল । এই যুদ্ধত দুয়ো বংশৰ বহুতো সৈন্যৰ মৃত্যু হৈছিল । ফলত দুয়ো বংশ বৰ দুর্বল হৈ পৰিল । এই সুযোগ লৈ মৌপ্রিয়া বংশই দুয়োটা বংশকে আক্রমন কৰি 32 দিনৰ ভিতৰতে জয় হয় । আৰু তিনিওখন ৰাজ্যতে মৌপ্ৰিয়া বংশই ৰাজত্ব কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)