সম্বন্ধ- প্ৰিয়ংকা চমুৱা

©Admin
0
কি যে অপূৰ্ব এটি শব্দ
তেওঁ মোৰ "আপোন"
অলংকৃত যেন এক আবেগ
এক ভালপোৱাৰ ৰুণজুন ধ্বনি...।

আপোন মানেনো কি!
আমি নাজানো বহুতেই
আত্মিক ভাৱৰ বুৰবুৰণিত মগন হৈ
আমি পাহৰি যাওঁ নিজক
কিন্তু,তেওঁ বাৰু মনত ৰাখেনে আপোনাক?

পছোৱাৰ হৃদি অনুৰাগ বোৰ সাৱতি
আমি বাৰু নিজক মনত ৰাখিছোঁ কিমান
সামৰিবলৈ আৰম্ভ কৰিয়ে 
হেৰুৱাই পেলাওঁ এনেকৈয়ে 
পাবলগীয়া সকলো নিজা ভাৱৰ…।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)