আমাৰ একোৱেই নহয় --ৰাতুল চেতিয়া ফুকন

©Admin
0
ৰাজহাঁহৰ খোজ দেখি
নিজৰ খোজ পাহৰা
আমি একো একোটা ঘনচিৰিকা।
হয় আমিয়েই সেইটো শহা
হাতীৰ লাড দেখি
নিজৰ পায়ু ফলা নিমাষিত।
ময়ূৰৰ পাখি লগাই
সমাজত পেখম ধৰা
আমিয়েই সেইটো কাউৰী।
গঁৰালত জোপ লৈ
নীলৰ পানীত পৰি
নীলা হোৱা শিয়ালৰ ৰজা
আমিয়েই আমিয়েই ।
আমি আনৰ দৰে খোজ কাঢ়ো
আনৰ দৰে হাঁহো
কথা কওঁ আনৰ দৰে
আনৰ দৰে কান্দো ।
আমাৰ এতিয়া নিজৰ বুলিবলৈ একোনাই
সকলো আনৰ ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)