শৰতৰ নিশা
সৰি পৰা নিথৰ পাতবোৰক
সুধি চালেও ক'ব,
তোমাৰ আৰু মোৰ ভালপোৱাৰ কথা,
আধালেখা দস্তাবেজৰ
প্ৰতিটো পৃষ্ঠাত
একো একোটা কাহিনী বৰ্ণিত
আমাৰ জীপাল প্ৰেমৰ সম্পৰ্ক।
হয়তো কামদেৱেও
প্ৰেমৰ পুষ্পশৰ বৰৰ্ষিছে
শৰৎ কালত,
দ্বৈত মিলন উন্মেষ ঘটিছে প্ৰেমৰ
দীঘলীপুখুৰীৰ পাৰত সন্ধিয়া পৰত।
পাণ্ডু ঘাটত এদিন সাহসেৰে
কথা দিছিলা
মহাবাহু ব্ৰহ্মপুত্ৰক সাক্ষী কৰি
আজীৱন একে লগে থকাৰ,
বিচ্ছেদৰ প্ৰাক:ক্ষণত
মনৰ পিঞ্জৰাত থকা
মাইনা পক্ষী জনিৰো
ছাই হৈ গল ধোঁৱা ৰঙীন সপোন বোৰ
নিমিষতে হেৰাই।
যন্ত্ৰণাৰ অনুভূতিবোৰে
হৃদয়ৰ প্ৰাপ্তি অপ্ৰাপ্তিৰ
জীৱনৰ সুখ বোৰক
সময়ৰ সোঁতত অজুহাত উলিয়াই
হেৰুৱাই পেলালে পুৱতি নিশাৰ তৰাৰ দৰে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ