এতিয়া কাহিনীৰ অন্তিমটো
শব্দৰ সন্ধানত,
হয়তো সেই শব্দৰ অৰ্থ
এক প্ৰশ্ন.....
যিটো প্ৰশ্নৰ উত্তৰ সময়ে দিব....
এটি কবিতা হৈ আৰম্ভ হৈছিল আৰু এটি কাহিনী হৈ শেষ .....
জীৱনৰ এটি অধ্যায় ,
যি অধ্যায় আমি পঢ়িব আৰু নোৱাৰোঁ ।
যি অধ্যায় এতিয়া মাথোঁ
আমাৰ স্মৃতিৰ ওপৰত নিৰ্ভৰশীল,
কবিতা নহয় এইয়া এক বিশেষ কাহিনী,
মচি দিব পৰা কোনো শব্দ নহয়,
এইয়া এক জীৱন্ত কাহিনী।
মোৰ এইটো কাহিনী নহয়,
কবিতা হে ....
শেষৰটো কবিতা!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ