মই এজন কমাৰ -নাজিমুদ্দিন আহমেদ

Rinku Rajowar
0
মই এজন কমাৰশালৰ কমাৰ, 
সেয়া হৈছে মানৱ গঢ়াৰ কমাৰশাল, 
য'ত থাকে খহটা মসৃণ কৰা হেজাৰ মন্ত্র, 
মই এজন কমাৰ।

মই সেই কমাৰশালৰ কমাৰ 
য'ত থাকে হেজাৰ স্বপ্নৰ ভাণ্ডাৰ,
 য'ৰ পৰা সৃষ্টি স্বদেশৰ ভৱিষ্যত, 
মই এজন কমাৰ।

মই সেই কমাৰশালৰ কমাৰ 
য'ত নেকি পোৱা যায় 
মামৰে আৱৰা হেজাৰ লােহাৰ খণ্ড, 
মসৃণ কৰি গঢ়ি তোলা হয় 
কঠিন কঠিন শীলাখণ্ড 
মই এজন কমাৰ।

মই সেই কমাৰশালৰ কমাৰ 
য'ত মই নিজে  জ্বলি বিলাওঁ 
নৱ জীৱনৰ সৃষ্টি, 
মই এজন কমাৰ।

মই জগত ডাঠি কওঁ, 
মই এজন কমাৰ
 মই এজন কমাৰ 
অহংকাৰে কওঁ
মই এজন কমাৰশাল কমাৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)