থাইলেণ্ডৰ কিছু কিছু ঠাই ভ্ৰমণ-পৱিত্ৰ কুমাৰ শৰ্মা

©Admin
0
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কিছু ঠাই ফুৰাৰ পিছত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ কেইবাবাৰো ফুৰিবলৈ গৈছিলোঁ । অৱশ্যে ইয়াৰ আগতে ভাৰতৰ বাহিৰলৈ যোৱাৰ তেনে কোনো সুযোগ পোৱা নাছিলোঁ যদিও যোৱাৰ এটা প্ৰৱল ইচ্ছা আছিল । এনেতে বাঙ্গালোৰত থকা মোৰ ল'ৰা ৰিম্পুৱে মোক যোৱা বছৰতে ফোন কৰি জনাইছিল যে তেওঁ অলপ ভাৰতৰ বাহিৰলৈ ফুৰিবলৈ যাবলৈ ইচ্ছা কৰিছিল আৰু কোন কোন ঠাইলৈ ফুৰিবলৈ যাব সেয়া তেতিয়ালৈকে চূড়ান্ত হোৱা নাছিল । সেয়ে তেওঁ আমাৰ দুয়োকে(মাক-দেউতাক) লগত লৈ বিদেশত ফুৰিবলৈ যোৱাৰ কথা ভাবিছিল। মই শুনি যথেষ্ট আনন্দিত হৈছিলোঁ আৰু তালৈ যোৱাৰ এটা আগ্ৰহ প্ৰকাশ কৰিছিলোঁ । যিহেতু বিদেশত ফুৰিবলৈ হ'লে পাচপৰ্টৰ প্ৰয়োজন, সেয়ে আমাক ইয়াৰ বাবে পাচপৰ্টৰ ব্যৱস্থা কৰি লবলৈ জনাই থৈছিল আৰু আমিও সময়মতে পাচপৰ্ট যোগাৰ কৰি লৈছিলোঁ । ইয়াৰ আগতে মই চকুৰ চিকিৎসাৰ বাবে নেপাললৈ দুবাৰো গৈছিলোঁ যদিও তাত পাচপৰ্টৰ কোনো প্ৰয়োজন হোৱা নাছিল । ইউৰোপ বা আমেৰিকাৰ দৰে ঠাইলৈ ফুৰিবলৈ হ'লে বুজন পৰিমাণৰ ধনৰ প্ৰয়োজন হয়। গতিকে, তুলনামূলকভাৱে অলপ কম খৰছতে ভাৰতবৰ্ষৰ ওচৰৰে আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে যথেষ্ট মিল থকা থাইলেণ্ডৰ কেইখনমান ঠাইলৈ ফুৰিবলৈ যোৱাৰ আমি সিদ্ধান্ত লৈছিলোঁ ।
         আমি ফুৰিবলৈ যোৱা স্থানসমূহ ইতিমধ্যে ঠিক কৰি লোৱা হৈছিল আৰু সেই অনুসৰি গুৱাহাটীৰ পৰা বাঙ্গালোৰলৈ আৰু বাঙ্গালোৰৰ পৰা থাইলেণ্ডৰ ফুকেটলৈ যোৱা বিমানৰ টিকট বুক কৰা হৈছিল । থাইলেণ্ড হৈছে সমগ্ৰ বিশ্বৰ পৰা পৰ্যটকক আকৰ্ষণ কৰা ই এক জনপ্ৰিয় ঠাই । এই দেশখন কিছুমান খুব আচৰিত প্ৰাকৃতিক দৃশ্যৰ বাবে বিখ্যাত বিশেষকৈ ইয়াৰ বীছ আৰু দ্বীপসমূহৰ বাবে । প্ৰায় ১০০০ মান দ্বীপ আৰু ২৪০০ কিমি উপকুলৰ সৈতে থাইলেণ্ডৰ বীছসমূহে ডাইভিং , নাইটলাইফ ,পাৰ্টি আৰু বহুতো সুবিধা প্ৰদান কৰে ।
       যোৱা ৩০ আগষ্ট/২৪ দিনা গুৱাহাটীৰ বিমান বন্দৰ উপস্থিত হৈ সময়মতে যাব লগা বিমানত উঠি বাঙ্গালোৰলৈ ৰাওনা হৈছিলোঁ । সচৰাচৰ বাঙ্গালোৰৰ তাপমাত্ৰা ‌অসমতকৈ যথেষ্ট কম । যি সময়ত অসমত মানুহে গৰমত চটফটাই থাকে , সেই সময়ত তাত অলপ ঠাণ্ডা অনুভৱ হয় । ইয়াৰ কাৰণ হৈছে ইয়াত প্ৰায়েই শীতল বতাহ বলি থাকে । গতিকে বিমান বন্দৰত নমাৰ পিছত সামান্য শীত অনুভৱ কৰিছিলোঁ । ইতিমধ্যে ৰিম্পুৱে আমাক বাঙ্গালোৰ বিমান বন্দৰৰ পৰা তেওঁ থকা ঠাইলৈ লৈ আহিছিল ।
       বাঙ্গালোৰলৈ অহাৰ পিছত তেনে কোনো বিশেষ ৰোগ নাথাকিলেও পিছদিনা তাত থকা এখন ভাল চিকিৎসালয়ত আমি তিনিও গোটেই শৰীৰৰ স্বাস্থ্য পৰীক্ষা কৰিছিলোঁ । ইয়াৰ পিছত ২ চেপ্তেম্বৰ তাৰিখে ৰাতিপুৱা ৬-১০ বজাত ফুকেটলৈ যোৱা বিমানত উঠিবৰ বাবে ৰাতি ২ বজাতে উঠি দুঘণ্টাৰ আগেয়ে বাঙ্গালোৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাকৈ যাত্ৰা কৰিছিলোঁ । প্ৰায় এঘণ্টামান যোৱাৰ পিছত বাঙ্গালোৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হৈছিলোঁ । এই বিমানবন্দৰটো সচাঁকৈয়ে বৰ চকুত লগা । ই বাহেৰে নিৰ্মিত আটকধুনীয়া , অতি উন্নতমানৰ আৰু বিশাল এলেকা জুৰি থকা এটা বৃহৎ বিমান বন্দৰ । আমাৰ পাচপৰ্টসমূহ পৰীক্ষা কৰাৰ পিছত পূৱা ৬-১০ বজাৰ লগে লগেই বিমানখন ফুকেট অভিমুখে উৰা মাৰিছিল । থাইলেণ্ডৰ সময় অনুসৰি প্ৰায় ১২-৩০ বজাত (ভাৰতীয় সময়তকৈ ডেৰ ঘণ্টা আগবঢ়া) আমি থাইলেণ্ডৰ ফুকেট বিমান বন্দৰত উপস্থিত হৈছিলোঁ । 
       বিমান বন্দৰত নমাৰ পিছত আমাৰ মোবাইলত ভাৰতৰ নেটৱৰ্ক বন্ধ হৈ গৈছিল । সেইবাবে বিমান বন্দৰতে ৰিম্পু আৰু মোৰ বাবে থাইলেণ্ডৰ দুখন চিমকাৰ্ড লৈছিলোঁ । এই চিমকাৰ্ডেৰে থাইলেণ্ডত সাধাৰণ কল কৰিব পাৰি যদিও ভাৰতত কেৱল হোৱাটছ এপ কলহে কৰিব পাৰি । ইয়াৰ পিছতে এখন কেব ভাৰা কৰি আগতে ঠিক কৰি থোৱা হোটেলত সোমাইছিলোঁ । হোটেলত সোমাই তাত থকা ৱাই ফাইৰ সহায়ত হোৱাটছ এপ , ফেচবুক ইত্যাদি ব্যৱহাৰ কৰিব পাৰিছিলোঁ । ইয়াৰ পিছত ফুকেটৰ পাতঙ (Patong) নামৰ এখন বীছলৈ গৈছিলোঁ ।
       'ফুকেট' হৈছে থাইলেণ্ডৰ অন্যতম পুৰণি চহৰ । মালয় উপদ্বীপৰ পশ্চিম উপকূলৰ এটা গুৰুত্বপূৰ্ণ বন্দৰ আছিল য'ত চীনা অনুপ্ৰৱেশকাৰীসকলে প্ৰথমে প্ৰৱেশ কৰিছিল । এই বীছত অসংখ্য বিদেশী পৰ্যটকক ঘূৰি ফুৰা দেখা পাইছিলোঁ । 
      পিছদিনা অৰ্থাৎ ৩ চেপ্তেম্বৰত এখন গাড়ীত উঠি কিছু দুৰ যোৱাৰ পিছত পাহাৰৰ অলপ ওপৰত থকা 'কাৰণ ভিউপ‌ইণ্ট' (Karon viewpoint)ত উপস্থিত হৈছিলোঁ । ইয়াৰ পৰা সাগৰৰ পাৰত থকা দুখন বীছৰ এক সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিছিলোঁ । আমাৰ লগত যোৱা গাইডে ইয়াৰ এই ঠাইসমূহৰ ইতিহাস , ভৌগোলিক অৱস্থান আৰু পৰ্যটন উদ্যোগৰ বিষয়ে খুব সুন্দৰকৈ বুজাই দিছিল । পিছত সেই ঠাই এৰি আন এক স্থানলৈ নিছিল য'ত বিভিন্ন ধৰণৰ বৌদ্ধ মন্দিৰ আছে । তেখেতে কোৱা ম'তে থাইলেণ্ডৰ অধিকাংশ লোকেই হৈছে বৌদ্ধ ধৰ্মাৱলম্বী (৯৩.৫%)মানুহ । গতিকে ইয়াত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ বেছি । অৱশ্যে তাত কিছু মুছলমান(৫.৪%) লোঁককো দেখা পাইছিলোঁ । সেইদিনা তাৰে এখন হোটেলত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি হোটেললৈ ঘূৰি আহিছিলোঁ আৰু সন্ধিয়া এখন মললৈকো গৈছিলোঁ । 
        ৪ চেপ্তেম্বৰ দিনা ৰাতিপুৱা ৭ বজাতে থাইলেণ্ডৰ অন্যতম আকৰ্ষণীয় ঠাই 'ফি ফি আইলেণ্ড'(Phi Phi Islands)লৈ গৈছিলোঁ । প্ৰথমতে সেইদিনা এখন টুৰিষ্ট বাছত উঠি প্ৰায় ৩০ কিমি মান দূৰত্বত আন্দামান সাগৰৰ পাৰত থকা প্ৰায় ৮০ জনমান মানুহ উঠিব পৰা এখন ডাঙৰ স্পীডবোটত উঠি সাগৰৰ মাজত প্ৰায় ৪৮ কিমি দূৰত্বত থকা ফি ফি আইলেণ্ডছ পাইছিলোঁ । এই আইলেণ্ডছবোৰ কেইবাটাও সৰু সৰু দ্বীপৰ সমষ্টি । স্পীডবোটত উঠাৰ আগে আগে তাৰ গাইডজনে গোটেই যাত্ৰাটোৰ বিষয়ে সুন্দৰকৈ বুজাই দিয়াৰ পিছত খোৱাৰো ব্যৱস্থা কৰি দিছিল । প্ৰথমতে বোটখনৰ বেগ কম আছিল যদিও ক্ষন্তেক পিছতে ইয়াৰ গতিবেগ আনুমানিক ঘণ্টাত ৭০/৮০ কিমি হোৱা যেন অনুভৱ হৈছিল । এনে লাগিছিল যেন উৰিহে গৈছিলোঁ । সাগৰৰ ঢৌৰ লগে লগেই বোটখন উঠা-নমা কৰি থকাৰ বাবে বৰ ভাল লাগিছিল । সাগৰৰ পাৰৰ পৰা যোৱা স্পীডবোটসমূহ ক্ৰমান্বয়ে সাগৰৰ মাজলৈ যোৱাৰ লগে লগেই প্ৰথমতে সম্পূৰ্ণ দেখা গৈছিল, তাৰ পিছত মাস্তুলটো আৰু তাৰ পিছত ক্ৰমান্বয়ে সৰু হৈ গৈ থাকে আৰু এসময়ত নেদেখা হৈ যায় । এই কথাটো দেখি মোৰ প্ৰথম শ্ৰেণীত পঢ়া পৃথিৱী যে ঘূৰণীয়া তাৰ এটা প্ৰমাণৰ কথা মনত পৰিছিল । এইদৰে ডেৰঘণ্টামান যোৱাৰ পিছত সাগৰৰ মাজত থকা শিলাময় সৰু পাহাৰ কেইটামান দেখা পাইছিলোঁ । আমাৰ গাইডে সেয়া 'ফি ফি আইলেণ্ডছ(Phi Phi islands) 'বুলি কৈছিল । সেই সময়ত বোটত থকা প্ৰায় সকলো লোকেই তাৰ ফটো লৈছিল । ইয়াৰ পিছত এটা পাহাৰৰ দাঁতিত বোটখন ৰখাই ৰছি লগাই যিসকল যাত্ৰীয়ে সাঁতুৰিব পাৰে আৰু পানীত নামিব খোজে সেই সকলক লাইফ জেকেট আৰু চকুত পানী সোমাব নোৱাৰা চশ্মা(snorkeling mask) পিন্ধিবলৈ কৈছিল । আনহাতে যিসকলে সাঁতুৰিব নোৱাৰে কিন্তু পানীত নামিবলৈ ইচ্ছুক , তেওঁলোকৰ বাবে লাইফ জেকেটৰ উপৰিও অতিৰিক্ত এটা টিউব ল'বলৈ কোৱা হৈছিল । মোৰ ল'ৰাটো আৰু এজনে সাতুৰিব নোৱাৰাৰ বাবে তেওঁলোকে লাইফ জেকেটৰ উপৰিও এটা টিউবো লৈ সাঁতুৰিছিল । এই ক্ষেত্ৰত পানীত নমা এজন ডুবাৰুয়ে বিশেষভাবে সহায় কৰিছিল । তাৰ পানী ফটফটীয়া হোৱাৰ বাবে এনে চছ্‌মা পিন্ধি পানীৰ তললৈ চালেও সৰু সৰু মাছবোৰ ইফাল-সিফাল কৰা দেখা গৈছিল । ইয়াৰ পিছত তেনেকুৱা আন এটা পাহাৰৰ চৌপাশে লৈ গৈছিল ।শেষত তৃতীয় বাৰৰ বাবে এখন বীছ(Bamboo Island) লৈ গৈছিল আৰু তাতেই বিভিন্ন স্পীডবোটত অহা যাত্ৰীসকলে দুপৰীয়া আহাৰ গ্ৰহণ কৰিছিল । গতিকে এই যাত্ৰাত আমাৰ এক নতুন অভিজ্ঞতা হৈছিল । ইয়াৰ পিছতে পোনে পোনে ঘূৰি আহি হোটেল পাইছিলোঁ ।
     চেপ্তেম্বৰ মাহৰ ৫ তাৰিখে পুৱাই ফুকেটৰ হোটেল এৰি এখন টুৰিষ্ট বাছত উঠি ক্ৰাবিলৈ আহিছিলোঁ । বাছৰ পৰা নামি প্ৰথমতে আন্দামান সাগৰত ফেৰীত উঠি ক্ৰাবিলৈ আহিছিলোঁ । অৱশ্যে ফেৰীৰ গতিবেগ স্পীডবোটৰ তুলনাত যথেষ্ট কম , আমাৰ দেশৰ ফেৰীৰ দৰেই । যিহেতু থাইলেণ্ডত যথেষ্ট সৰু-ডাঙৰ দ্বীপ আছে , গতিকে অলপ দূৰ যোৱাৰ পাছত দূৰৈত ৰিণিকি-ৰিণিকি তেনেকুৱা দ্বীপ দেখা পাইছিলোঁ । ফেৰীখন ক্ৰমান্বয়ে আগবাঢ়ি যোৱাৰ লগে লগেই ওচৰৰ পৰাই দেখা পাইছিলোঁ । ডেৰ ঘণ্টামান পিছত ফেৰীখন ক্ৰাবি পাইছিল । ইতিমধ্যে ফেৰীৰ পৰা আমাক নিবলৈ এখন গাড়ী ৰৈ আছিল আৰু সেই গাড়ীতে উঠি আগতে বুক কৰা এখন হোটেলত সোমাইছিলোঁ । আবেলি সময়ত আমি ক্ৰাবিৰ পৰা নাৱত উঠি অলপ দূৰৰ এঠাইত ফুৰিবলৈ গৈছিলোঁ ।
         ৬ চেপ্তেম্বৰ তাৰিখে ৰাতিপুৱা ৮ মান বজাত আমি ক্ৰাবিৰ পৰা ৪ টা দ্বীপত ফুৰিবলৈ ওলাইছিলোঁ । সেয়ে আমাক নিবলৈ এখন গাড়ী আহিছিল । সেই গাড়ীত বিভিন্ন পৰ্যটকৰ লগতে আমাকো এখন যন্ত্ৰচালিত নাৱত উঠাবলৈ লৈ গৈছিল । নাৱত উঠাৰ আগতে হোটেলৰ পৰা যোৱা সুন্দৰ পথচোৱাৰ কাষে কাষে থকা শাৰী শাৰী গছবোৰ দেখি খুব ভাল লাগিছিল । নাৱত উঠাৰ আগতে তাৰ গাইডে আমাক যাত্ৰাটোৰ বিষয়ে বুজাই দিছিল লগতে খোৱাৰো ব্যৱস্থা কৰি দিছিল । এই যাত্ৰাটোত ফুৰাৰ লগতে খোৱা-বোৱাৰো আগতীয়া বন্দৱস্ত আছিল । যাত্ৰা আৰম্ভ হোৱাৰ লগে লগেই কাষত ৰৈ থকা শাৰী শাৰী স্পীডবোৰ দেখি মনটো বৰ ভাল লাগিছিল । অলপ দুৰলৈ যোৱাৰ লগে লগেই সাগৰৰ মাজত থকা সৰু সৰু পাহাৰৰ দ্বীপসমূহ চকুত পৰিছিল । কি এক সুন্দৰ প্ৰাকৃতিক দৃশ্য দেখিলেই মন মুগ্ধ হৈ পৰে । এইদৰে আধা ঘণ্টামান যোৱাৰ পিছত ক'পডা(KO PODA) নামৰ এঠাইত ৪৫ মিনিট মানৰ বাবে ৰৈছিলোঁ । ইয়াত পাহাৰৰ নামনিত প্ৰাচীন গুহাৰ সদৃশ যথেষ্ট ঠাই দেখা গৈছিল । তাৰোপৰি তাত যথেষ্ট বান্দৰো আছিল । এই বান্দৰৰ বাবে সাৱধান হ'বৰ বাবে গাইডে আগতেই সকিয়াই থৈছিল । কোনো লোকে যাতে বান্দৰক একো নুখুৱায় সেয়াও তাত লিখা আছিল । সেই গুহাৰ মাজতে এটা সৰু বৌদ্ধ মূৰ্তিও আছিল আৰু বহু লোকে তাৰ কাষতে ৰৈ ফটো উঠিছিল । ইয়াৰ পিছত নাৱত উঠি আকৌ এঠালৈ গৈছিলোঁ য'ত মুৰ্গীৰ ডিঙি(Chicken neck )ৰ দৰে পাহাৰৰ ওপৰত এডোখৰ শিলাখণ্ড দেখা পাইছিলোঁ । সেই ঠাইতে নাওখন কিছু সময় ৰোৱাৰ পিছত যাত্ৰীসকলে তাৰ ফটো লৈছিল । ইয়াৰ পিছত অলপ দূৰ গৈ এডোখৰ ঠাইত নাওঁসমূহ ৰৈছিল আৰু তাতেই যাত্ৰীসকলে সাঁতুৰিব বাবে গোট খাইছিল । আমাৰ লগত যোৱা যাত্ৰীসকলৰ লগতে ৰিম্পুৱেও সাঁতুৰিছিল । ইয়াৰ পিছত চিকেন বীছলৈ গৈ খোৱা-বোৱা কৰি পুনৰ এখন ৰাষ্ট্ৰীয় উদ্যানলৈ গৈছিলোঁ । এই উদ্যানত অভ্যন্তৰত সোমোৱা নাছিলোঁ যদিও তাত থকা সুন্দৰ আৰু শাৰী-শাৰীকৈ ৰোৱা গছবোৰে ঠাইখনৰ শোভা বঢ়াইছিল । ইয়াৰ পিছতে পুনৰ ঘূৰি আহিছিলোঁ ।
      ৭ চেপ্তেম্বৰৰ দিনা পূৱা ৮-৩০ বজাত এখন কেৱত ঊঠি বেঙ্কককলৈ বুলি ক্ৰাবি বিমান বন্দৰলৈ আহিছিলোঁ । এই বিমান বন্দৰটো সচাঁকৈয়ে বৰ সুন্দৰ আৰু যথেষ্ট ডাঙৰ । ১০-৫৫ বজাত বিমানত উঠি ১২-১০ত বেঙ্কক পাঁলোহি । ক্ৰাবিৰ দৰে বেঙ্কক বিমান বন্দৰটোও যথেষ্ট ডাঙৰ । বেঙ্কক পোৱাৰ পিছত আগেয়ে বুক কৰি থোৱা এখন হোটেল পালোগৈ । হোটেলত অলপ জিৰণি লৈ আবেলি ৪-বজাত ২০ কিমি মান দূৰলৈ গৈ চায়না বজাৰলৈ গৈছিলোঁ । বেঙ্ককৰ ৰাজপথ খুব শুৱনি ,আহল-বহল আৰু অত্যন্ত পৰিষ্কাৰ । ক'তো অকনো কাগজ এনেয়ে পৰি থকা নেদেখিলোঁ । চৰকাৰী আইন যিয়েই নাথাকক কিয় ইয়াৰ মানুবোৰো পৰিষ্কাৰ-পৰিচন্নতাক লৈ খুবেই সচেতন । অৱশ্যে এই কথা থাইলেণ্ডৰ যি ঠাইতেই ফুৰিবলৈ গৈছিলোঁ , সকলোঁতে একেই পাইছিলোঁ ।ইয়াৰ মানুহে সকলোঁ কাম ঘড়ীৰ কাটাৰ মতে চলে । মানুহবোৰ বৰ ভদ্ৰ আৰু কিবা নজনা কথা সুধিলে সুন্দৰকৈ বুজাই দিয়ে । ৰাষ্টাৰ দুয়ো কাষে আৰু দূৰৈত ঠায়ে ঠায়ে অলেখ সুউচ্চ আকাশলঙ্ঘী (Skyscraper) অট্টালিকা দেখা পাইছিলোঁ । চায়না বজাৰ আচলতে খুব সুন্দৰ আৰু চাবলগীয়া । ৰাষ্টাৰ কাষত কিছুমান ঠাইত সেই দেশৰ বিখ্যাত লোকৰ মূৰ্ত্তি সজাই থোৱা আছিল । আমাৰ দেশত থকা মীনা বজাৰত ওলোৱা চাকৰিতকৈ বহু গুনে ডাঙৰ চকৰি ইয়াত দেখিবলৈ পাইছিলোঁ । সেই ঠাইত ফটো উঠিবলৈ অনেক লোক গোট খাইছিল । এই চকৰিটোৰ কাষতে এখন ডাঙৰ নদী আছে য'ত ক্ৰুজ (আমোদ-প্ৰমোদৰ বাবে পৰ্যটকসকলে উঠা জাহাজ) চলাচল কৰে । আমি সেই ঠাইত ৰৈ থাকোতে হঠাৎ এখন ক্ৰুজ আহিছিল আৰু আমি সেইখনতে ঊঠি কিছু দুৰ ফুৰিছিলোঁ । এই ক্ৰুজখন দেখিবলৈও খুব সুন্দৰ আছিল । বিভিন্ন দেশৰ নাগৰিকে সেই ক্ৰুজতে একেলগে গৈছিল । ইয়াত উঠি খুব ভাল লাগিল । ইয়াৰ পিছতে এটা চপিংমলত সোমাইছিলোঁ আৰু তাৰ পিছত কেৱত উঠি হোটেল পাঁলোহি ।
      ৮ চেপ্তেম্বৰ ৰাতিপুৱা ৮ বজাতে কেব এখন লৈ বেঙ্কককৰ পৰা ৩০ কিমি দুৰত্বত থকা SAFARI WORLD নামৰ এখন পাৰ্কত সোমাইছিলোঁ । আচলতে এই পাৰ্কখন এখন চিৰিয়াখানাহে । সচৰাচৰ আমি দেখা চিৰিয়াখানাতকৈ অলপ বেলেগ । এই চিৰিয়াখানাখনক দুভাগত বিভক্ত কৰা হৈছে । এভাগত মুক্তভাৱে চলাচল কৰে জীৱজন্তুৱে আৰু ইয়াক কোৱা হয় SAFARI PARK আৰু আনভাগত জীৱজন্তুক বাহিৰলৈ ওলাব নোৱাৰাকৈ ৰখা হয় আৰু ইয়াক কোৱা হয় MARINE PARK । মুক্তভাৱে ৰখা জীৱজন্তু চাবৰ বাবে গাড়ীৰ ভিতৰৰ পৰাই আয়নাৰে চোৱা হয় । আমি গাড়ীৰ ভিতৰৰ পৰাই নানা ধৰণৰ চৰাই , বাঘ , ভালুক, জিৰাফ , জেব্ৰা , বনৰীয়া ম'হ ইত্যাদি জীৱজন্তু দেখা পাইছিলোঁ । ইয়াৰ পিছত গাড়ীৰ পৰা নামি MARINE PARK লৈ আহিছিলোঁ । MARINE PARK খন হৈছে এখন বৃহৎ পাৰ্ক । ইয়াৰ প্ৰধান আকৰ্ষণ হৈছে গ্লাচেৰে নিৰ্মিত এটা প্ৰকাণ্ড একুৰিয়ামত ৰখা অনেক ডাঙৰ সৰু মাছৰ সৈতে থকা কেইবাটাও প্ৰকাণ্ড ছী লায়ন । ইয়াক গ্লাচৰ বাহিৰৰ পৰা মানুহে চাব পাৰে । দ্বিতীয়তে, ডলফিন আৰু ছীলে দেখুৱা নানা কলা-কৌশলে দৰ্শকক যথেষ্ট আমোদ দিছিল । তাৰোপৰি দেখা পাইছিলো স্পাই ৱাৰ (চলন্ত অৱস্থাত থকা এখন যুদ্ধ ) ,এলিফেণ্ট স্ব ( হাতীয়ে দেখুওৱা বিভিন্ন খেল ) ইত্যাদি আৰু বহুতো বস্তু আছিল । বাকী অন্যান্যখিনি আমাৰ চিৰিয়াখানাত থকাৰ দৰেই । মই ভাবো যিসকল লোকে বেঙ্ককত ফুৰিবলৈ আহি যদি এই পাৰ্কখন নাচায় তেন্তে তেওঁলোকৰ ভ্ৰমণ অসমাপ্ত হ'ব । ইয়াৰ পিছত হোটেললৈ ঘূৰি আহি ৮-৩০ বজাত বাঙ্গালোৰ অভিমুখী বিমানত উঠিবলৈ গুচি আহিছিলোঁ । যথা সময়ত বিমানত উঠি ৰাতি প্ৰায় ১-৩০ বজাত বাঙ্গালোৰৰ ল'ৰা থকা ঠাই পাইছিলোঁ ।

✍️শ্ৰীপৱিত্ৰ কুমাৰ শৰ্মা


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)