আমাৰ দেশত আমাৰ গাঁৱত আজি বাৰত পিশাচ চৰে
আগে ই সন্ধ্যা ওলাই মৰীচিকাৰ দৰে
কিন্তু এতিয়া সময় সলনি হ'ল
দিনে দুপৰে সন্ধ্যা কি ৰাতিৰ আন্ধাৰ
একো চিন চাব নাই
সঁচাকৈ কৈছোঁ আজি শনিবাৰ
তই আহিব নালাগে
আইৰ গৰ্ভটো গৰ্ভধাৰণ নকৰিবি
তাতো হয় তোৰ বলি
তেজ-মঙহ খোৱা আৰু শুহা বেহা ওৰ পৰক
পিশাচ বোৰ ধেলপোঙা দি মৰক
যদি ভবা দৰে হয়
তেন্তে
লক্ষীমি কৰি আদৰিম তোক
কিন্তু
আজি আহিব নালাগে আজি শনিবাৰ
আমাৰ দেশত আমাৰ গাঁৱত আজি বাৰত পিশাচ চৰে
সেই বাবে আহিব নালাগে।।
✍️অজয় ডেকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ