লঠঙা শিমলুজোপা,
ফাগুনৰ ফিৰফিৰিয়া বতাহ জাকৰ পৰশত
ৰঙা কলিজাৰ কোঁহ মেলে।
পতঙ্গ ভোজি পক্ষীৰ নান্দনিক নাচোনত
বুকুৰ কোনোবা খিনিত উকা উকা লাগে ।
লিৰিকি বিদাৰি চাওঁ
কাৰোবাৰ মৌনতাৰ চাবুকেৰে
হিয়াত আঁকি যোৱা নিসংগতাৰ চিন ।
এতিয়া কেনেকৈ উচ্চাৰণ কৰোঁ
আকলুৱা প্ৰেমৰ আৱাহনি মন্ত্ৰ ।
তোমাৰ বাবেই আছোঁ ৰৈ
হে বসন্ত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ