জ্যোতিপ্ৰসাদে দিলে জেউতি- পাপু শইকীয়া

©Admin
0
‘‘.. শিল্পী মোৰ মনৰে তই
শিল্পী মোৰ প্ৰাণৰে তই
শিল্পী মোৰ গানৰে
সুৰৰে
ছবিৰে
ৰূপৰে তই জুই জ্বলালি
নিত্য নতুন হবিৰে
চিনাকি তোৰ যুগ যুগৰে
ৰবিৰে । ..’’

- জ্যোতিপ্ৰসাদ আগৰৱালা ।




অসম ভূমিত জন্ম গ্ৰহণ কৰি অসমীয়া ভাষা, সংস্কৃতি, গীত - মাত, নৃত্য - বাদ্য, অভিনয়, নাট্যকলা, চিত্ৰকলা, সাহিত্য ৰচনা সকলো দিশতে প্ৰতিভাশালী ব্যক্তিসকলৰ ভিতৰত বিখ্যাত  আগৰৱালা পৰিয়ালৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এটি উজ্জ্বল নক্ষত্ৰ।
  জ্যোতিপ্ৰসাদৰ ঘৰখন সাহিত্য - সংস্কৃতিৰ আৰু আধ্যাত্মিক চিন্তা - চৰ্চাৰে ভৰপূৰ আছিল বাবেই তেওঁৰ মনত বহুমূখী চিন্তা - চৰ্চাৰ বীজ শৈশৱ কালৰ পৰাই অংকুৰিত হৈছিল। হৰিবিলাস আগৰৱালাই প্ৰথমে কীৰ্ত্তন, দশম, নামঘোষা ছপাই অসমীয়া ভাষা আৰু জাতিৰ বাবে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। জ্যোতিপ্ৰসাদৰ পিতৃ পৰমানন্দ আগৰৱালা আছিল সংগীতজ্ঞ, লগতে অসমীয়া সাহিত্যৰ ৰমন্যাসিক যুগৰ ত্ৰিমূৰ্তিৰ এজন চন্দ্ৰকুমাৰ আগৰৱালা আৰু ভাঙনি কোঁৱৰৰূপে খ্যাত জোনাকী যুগৰ আনন্দ চন্দ্ৰ আগৰৱালা আছিল জ্যোতিপ্ৰসাদৰ বৰদেউতাক। সুন্দৰ মিঠা মাতেৰে নিচুকনি গীত, বিয়ানাম গাই জ্যোতিপ্ৰসাদৰ মন মুহিছিল মাতৃ কিৰণময়ী আগৰৱালাই।

জ্যোতিপ্ৰসাদৰ নাম ল'লেই মনত পৰে প্ৰথম অসমীয়া চলচ্চিত্ৰ "জয়মতী" লৈ। ১৯২৬ চনত উচ্চ শিক্ষাৰ বাবে বিদেশলৈ গৈ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত কিছুদিন অধ্যয়ন কৰাৰ পাছত জাৰ্মানলৈ গৈ কথাছবি নিৰ্মাণৰ প্ৰশিক্ষণ লয়। জ্যোতিপ্ৰসাদে এবাৰ কলিকতাৰ এটা চিনেমা হলত" আধাৰে আচলা "নামৰ নিৰ্বাক চিনেমা চাই থাকোঁতে তেওঁৰ মনটো চলচ্চিত্ৰ কৰা ইচ্ছা জাগৃত হয়। ইতিমধ্যে পাশ্চাত্য দেশ ভ্ৰমণ কৰি আমেৰিকান, ইংৰাজী আৰু জাৰ্মানীৰ চলচ্চিত্ৰ শিল্পৰ ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰিছিল। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত "জয়মতী কুৱঁৰী" নাটখনৰ কিছু বছা বছা অংশ লৈ জয়মতী নামৰ চলচ্চিত্ৰখন কৰাৰ ঠিৰাং কৰে। এই নিমিত্তে ১৯৩৩ চনৰ ১৫ অক্টোবৰত "বাতৰি" নামৰ বাতৰিকাকতখনত বিজ্ঞাপন দিয়ে। সেই সময়ত অসমত ষ্টুডিঅ নথকাৰ বাবে ভোলাগুৰি চাহ বাগিচাত এটা ষ্টুডিঅ নিৰ্মান কৰে, নাম দিয়ে "চিত্ৰবন"। গোলাঘাট কমাৰগাঁৱৰ পানীদিহিঙীয়াৰ আইদেউ সন্দিকৈ, নটসূৰ্য ফণী শৰ্মাকে আদি কৰি বহু অসমৰ শিল্পী একত্ৰিত কৰি তেখেতে বহু কষ্টেৰে চিত্ৰবন ষ্টুডিঅ ত জয়মতীৰ চিত্ৰগ্ৰহণ সম্পন্ন কৰে। ১৯৩৫ চনৰ ১০ মাৰ্চত কলিকতাৰ "ৰৌণক মহল" ত এই ছবিখন মুক্তি দিয়া হয়। ব্যৱসায়িকভাৱে এই ছবিখন সফল নহ'লেও ১৯৩৯ চনত অসমীয়া দ্বিতীয়খন চলচ্চিত্ৰ "ইন্দ্ৰমালতী" মুক্তি দিয়ে জ্যোতিপ্ৰসাদে। ছবিদুখনত তেওঁ বহু লোকচান ভৰিব লগীয়া হয় যদিও অসমীয়া চলচ্চিত্ৰ জগতৰ ভেটি তেওঁ গঢ়ি তোলে এই চলচ্চিত্ৰৰ দ্বাৰা । জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যি সময়ত অসমীয়া চলচ্চিত্ৰ নিৰ্মানৰ কাম হাতত লৈছিল সেইয়া সৰ্বভাৰতীয় পৰ্য্যায়তে এক উল্লেখনীয় কাৰ্য্য। 

১৯১২ চনৰ ১৮ মেৰ দিনা মুম্বাইৰ কৰোনেচন চিনেমেটোগ্ৰাফত দাদাচাহেৱ টোৰ্ণে পৰিচালিত ভাৰতৰ প্ৰথম নিৰ্বাক কাহিনী চিত্ৰ শ্ৰী পুণ্ডলিক মুক্তি পায়।ভাৰতৰ সৰ্বপ্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি আছিল দাদাচাহেব ফাল্কে পৰিচালিত ১৯১৩ চনত মুক্তিপ্ৰাপ্ত ৰজা হৰিশ্চন্দ্ৰ। সংস্কৃত গ্ৰন্থ আধাৰিত এইখন এখন নিৰ্বাক ছবি আছিল। ছবিখনত নাৰীৰ ভাও পুৰুষ অভিনেতাই কৰিছিল। শ্ৰী পুণ্ডলিক ছবিখন যদিও ৰজা হৰিশ্চন্দ্ৰতকৈ আগতে মুক্তি পাইছিল, তথাপি ই ভাৰতৰ প্ৰথম ছবিৰ স্বীকৃতি পোৱাৰ পৰা বঞ্চিত হ'ল। কাৰণ পুণ্ডলিক আছিল- এখন বিখ্যাত মাৰাঠী নাটকৰ চিত্ৰৰূপ; ইয়াৰ চিত্ৰগ্ৰহণ কৰিছিল এজন ব্ৰিটিছ ব্যক্তিয়ে; আৰু ইয়াৰ প্ৰচেচিং কৰা হৈছিল লণ্ডনত।
১৯৩১ চনৰ ১৪ মাৰ্চত অৰ্দেশিৰ ইৰাণীৰ প্ৰথম ভাৰতীয় সবাক ছবি আলম আৰা মুক্তি পায়।১৯৩১ চনৰ ১৫ চেপ্তেম্বৰত এইচ এম ৰেড্ডী প্ৰযোজিত আৰু পৰিচালিত তেলুগু ভাষাৰ প্ৰথম সবাক ছবি ভক্ত প্ৰহ্লাদ মুক্তি পায়। একে বছৰৰে ৩১ অক্টোবৰত অৰ্দেশিৰ ইৰাণী প্ৰযোজিত আৰু এইচ এম ৰেড্ডী পৰিচালিত তামিল ছবি কালিদাস মুক্তি পায়। সবাক ছবিৰ আৰম্ভণিয়ে ভাৰতত কিছুমান চলচ্চিত্ৰ তাৰকাৰ জন্ম দিলে, যিয়ে অভিনয়ৰ যোগে সন্তোষজনক উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।১৯৩০ৰ দশকত শব্দ প্ৰযুক্তিৰ বিকাশৰ লগেলগে ভাৰতীয় ছবিত সংগীতৰ গুৰুত্ব বাঢ়িল। ইন্দ্ৰসভা আৰু দেৱী দেৱ্যানী ছবিৰ যোগে ভাৰতীয় ছবিত নৃত্য-গীতৰ প্ৰাধান্যৰ সূত্ৰপাত হ'ল।চেন্নাই, কলকাতা আৰু মুম্বাইত বহুতো ষ্টুডিঅ' নিৰ্মাণ হ'ল আৰু ১৯৩৫ চনলৈ ছবি নিৰ্মাণ এক সু-প্ৰতিষ্ঠিত ব্যৱসায় ৰূপে গঢ় লৈ উঠিল। দেৱদাস সফলতাই দেশব্যাপি দৰ্শকৰ সৃষ্টি কৰিলে। ১৯৩৪ চনত বোম্বে টকীজ গঠন হ'ল আৰু পুণেৰ প্ৰভাত ষ্টুডিঅই মাৰাঠী দৰ্শকৰ বাবে প্ৰযোজনা আৰম্ভ কৰিলে। আৰু তাৰ পাছতেই জ্যোতিপ্ৰসাদে জ্যোতি আনিছিল অসমীয়া চলচ্চিত্ৰ জগতলৈ।  তেখেতে চিত্ৰবন ষ্টুডিঅ নিৰ্মাণত থলুৱা বাঁহৰ জাপি, পহু আৰু ম'হৰ শিং আৰু নগা যাঠিৰে আহোম ৰাজচ'ৰা সাজি লৈছিল। লাহোৰৰ পৰা শব্দযন্ত্ৰী হিচাপে আহিছিল ফৈজী ভাতৃদ্বয়, নিজৰ ফৈজী ছাউন্ড চিষ্টেম লৈ, কলিকতাৰ মেহতাৰ পৰা কেমেৰা অনা হৈছিল। চিত্ৰবনতেই সকলো কলা কুশলীৰ বাবে থকা খোৱাৰ বন্দৱস্ত কৰা হৈছিল। ফ্লিম পৰিস্ফুটনৰ বাবে চিত্ৰবনতেই ৰসায়ানাগাৰ গঢ়ি লৈছিল। ইয়াতেই চিনেমা সম্পৰ্কীয় পাঠদানো কৰিছিল। দুটা কেম্পত পুৰুষ আৰু মহিলাক পৃথকে কলা - কৌশল শিকোৱা হৈছিল। 

জ্যোতিপ্ৰসাদে বিদ্যালয়ত পঢ়ি থকা অৱস্থাতে মাত্ৰ ১৪ বছৰ বয়সতেই ১৯১৭ চনত "শোণিত কুঁৱৰী" নাট ৰচনা কৰি  বান থিয়েটাৰৰ মঞ্চত মঞ্চস্থ কৰে। তেখেতৰ দ্বাৰা ৰচিত নাটসমূহৰ গীতসমূহ অসমীয়া সাংস্কৃতিক জগতলৈ এক উল্লেখযোগ্য অৱদান। তেখেতৰ দ্বাৰা ৰচিত নাটসমূহ হৈছে -
১/শোণিত কুঁৱৰী
২/কাৰেঙৰ লিগিৰী(১৯৩০)
৩/লভিতা(১৯৪৮)
৪/ৰূপালীম্(১৯৩৮)
৫/নিমাতী কইনা (১৯৬৪)
৬/খনিকৰ (১৯৭৭)
অসম্পূৰ্ণ নাটক
১/কনকলতা, ২/সুন্দৰ কোঁৱৰ, ৩/সোণপখিলী

তেখেতৰ দ্বাৰা ৰচিত কবিতা
১/লুইতৰ পাৰৰ অগ্নিসুৰ, ২/জ্যোতি ৰামায়ণ

গল্প
১/ৰূপহী, ২/বগীতৰা, ৩/সোণতৰা, ৪/সোণটি, ৫/যুঁজাৰু
৬/সতীৰ সোঁৱৰণী, ৭/সন্ধ্যা, ৮/শিলাকুটী, ৯/নীলাচৰাই।

উপন্যাস - আমাৰ গাওঁ

শিশু সাহিত্য - জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ১৩ টা মান শিশু উপযোগী কবিতা লিখি থৈ গৈছে, তাৰ ভিতৰত "কম্পুৰ সপোন" উল্লেখযোগ্য।

জ্যোতিসংগীত - প্ৰায় ৩০০ মান গীত ৰচনা কৰি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিজেই সুৰ কৰিছিল। তেখেতৰ নাটসমূহতও ৫০টা মান গীত পোৱা যায়।

অনুৰাধা শৰ্মা পূজাৰীৰ মতে জ্যোতিপ্ৰসাদ যাৰ নামেই প্ৰকাশ কৰে পোহৰৰ প্ৰসন্নতা। কিন্তু পৰিয়ালপ্ৰদত্ত নামটোৰ বাবেই নহয়, নামৰ পৰা কামলৈ তেওঁৰ সমগ্ৰ শিল্পৰূপৰ মাজত শক্তিশালী ৰূপত স্থিতি লাভ কৰা জ্যোতি চেতনাই তেওঁৰ নাম, ব্যক্তিত্ব আৰু দৰ্শনক একাকাৰ কৰি তুলিছে। তেওঁৰ সমস্ত ৰচনাত ব্যাপ্ত হৈ আছে আন্ধাৰৰ বিৰুদ্ধে আলোকৰ সংগ্ৰাম।

   অসমীয়া কলা সংস্কৃতিৰ লগতে সাহিত্যৰ জগতলৈ অনবদ্য অৱদান আগবঢ়াই অসমীয়া ভাষাৰ ভড়াঁল চহকী কৰি থৈ গ'ল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে।
বিংশ শতিকাৰ যিকেইগৰাকী মহাপ্ৰয়াণ অসমীয়াই জাতীয় জীৱনক আপোন যোগ্যতাৰে মহীয়ান কৰি তুলিছিল, তাৰ ভিতৰত জ্যোতিপ্ৰসাদ আগৰৱালা অন্যতম।



কৰ তই মহাধ্বনি প্ৰণৱ-ওঙ্কাৰ

ধ্বনিত ৰণিত কৰ শান্তিৰ ঝঙ্কাৰ

        আলোক নমাই আন

                       গা মহাগান,

        পৃথিৱী ব্যাপি যাওক

               পোহৰৰ বাটে বাটে

               ভেদি যাওক সপ্ত বিমান ৷
        (জ্যোতি-শঙ্খ (২১/০৭/১৯৪৩)

                       — জ্যোতিপ্ৰসাদ আগৰৱালা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)