মই মোৰ গতি নিজেই নিৰ্ধাৰণ কৰোঁ
মোৰ গতি নিৰ্ধাৰণ কৰিবলৈ
মোৰ গতিৰ সাল-সলনি কৰিবলৈ
তুমিটো বতাহ নহয় চাগে?
চঞ্চল যদিও শান্ত-সমাহিত
বৈ আছো নদীৰ দৰেই
ঋতুৰ সাল-সলনিত এজাক বৰষুণ আহি
তমসাত পোত যোৱা বুকুখনক চোন
আকৌ এবাৰ জীপাল কৰেহি।
আকাশখন থৰ লাগে
যেন নিজৰ নীলাখিনিও
মোৰ সৈতে ভাগ-বতৰা কৰে,
আকাশৰ আলিঙ্গনে নদীক
হেঙুলীয়া এটি গান হৈ ওমলাই।
নদীখন ৰঙীন হৈ পৰে
মসৃন ছাল, গোলাপী ওঠেৰে নহয়
হয়টো ভালপোৱাৰ ৰঙেৰে,
হয়টো শীতৰ একাঁজলী কোমল ৰ'দালিৰ উমেৰে,
হয়টো নিজক নিজেই বুজাৰ হেপাঁহতে।
✍বিপাশা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ