ভাগৰুৱা হাঁহি- ৰেণু শৰ্মা

©Admin
0
একাবেঁকা বাটেৰে
আগুৱাই আহি আহি পালোঁ। আজি জীৱনৰ শেষ উপত্যকা৷
জীৱন যুজত ক্ষত বিক্ষত হৈও
এবাৰলে হাৰ মনা নাই ৷
মোৰ দুবাহুত বল থাকে মানে 
সাতুৰি থাকিম সময় নদীৰ শত পকনীয়া ৰোধি অক্লান্ত চিতেৰে ৷
আগলৈ পিচলৈ চাবলৈযে সময় নাই

আগত যিপাওঁ তাকেই কৰি যাওঁ৷
কাৰণ কৰ্মই জীৱন৷
এলেহুৱা অকৰ্মণ্য আজীৱন মৃত্যুৰ নামান্তৰ ৷

যৌৱনত ভৰ বয়সত যিখিনি নাপালোঁ 
শেষ অংকৰ দৃশ্যপটত সকলো আঁকিলো ছবি মনোৰমকৈ৷

তথাপি ,
তথাপি জাঁনো গুচিব সুখৰ বাটৰ কাঁইট?
ফৰকাল আকাশ 
ডাৱৰে ঢাকি ধৰে
পূৰ্ণচন্দ্ৰক ৰাহুৱে গ্ৰাস কৰে৷
গতিকে ,শান্তিৰ কপৌহালিক
কোনোবা আততায়ীয়ে ডিঙি মুচৰি মাৰি পেলালে৷
আজি মই নিস্ব ৷
সকলো থাকিও যেন একো নাই৷

✍️ৰেণু শৰ্মা৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)