অব্যক্ত••মনিষা বেগম

@admin
0
ক'ত অধ্যাত্ম সময়ে কোৰ্হাল কৰে!
ক'ত উন্মত্ত স্বপ্নই আগভেটি ধৰে,
ছটিয়াই দিয়া বিয়লিৰ বাটত তাই ৰয় ;
অকলশৰে 
নিৰৱে ।
পুৰণি এটুকুৰা ঘাঁৰ খজুৱতিত
তাই বহি ৰয় ।
দৰৱে কাম নিদিয়া ঠাইত
তাই সযত্নে এটি টোপাল দিয়ে
অশ্ৰুৰ ।

তাই অপ্ৰকৃতিস্থ
খজুৱতিত?
বিষত?
তাড়নাত...

উমাল বুকুত হাত থৈ তাই সশব্দে  উচ্চাৰণ কৰে 

মই নিথৰুৱা ।
মই অৱৰুদ্ধ।
          
                  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)