শেষ হ'ব পাৰে
মধুৰ লগনৰ পল....
পলকতে জানো লিখিব পাৰি স্মৃতি গ্ৰন্থ খন?
খোজেৰে মই আগুৱাই যাম
বাটৰ ফিৰিঙতি গুচাই
হাজাৰ বলেৰে, হাজাৰ সপোনে, হাত মেলি আনিম বিশাল আকাশৰ
তৰা থুপি কাঢ়ি,
গঢ়িম দুচকুৰ পন।
আত্মায় দিব সাহসৰ শক্তি
স্মৃতিয়ে দিব আস্থা,
দেহৰ সম্বল থাকে মানে হ'ব
জোৰনী জোৱাৰ জীৱন।
উপলব্ধি মোৰ সাধনা বলৰ প্ৰকৃতিয়ে দিব বিশ্বাস,
উকা কাগজৰ পৃষ্ঠাত লিখিম
বাৰ্তা জীৱনৰ পাতনি।
মূল্যবোধৰ দৰ-দাম নকৰোঁ
স্বভাৱ হ'ব সলনি
দেখাক দেখি দক্ষৰ ভাৱে বিবেক নকৰোঁ ভস্ম ,
বুটলি আনিম পেলনীয়া সেই
যজ্ঞ,জপ-তপ সৰ্বেও
নাপাই দূৰতে তেজিয়া এৰা পুষ্প মালাধাৰি,
গাঁঠি লৈ সজাঁম
আমাৰ ভঙা জুপুৰি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ