চাহ জনগোষ্ঠীৰ অন্তৰ্গত ৰবিদাস সম্প্ৰদায়ৰ বিবাহৰ ৰীতি নীতি•• কল্পনা ৰবিদাস

@admin
0
চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজতো বিভিন্ন জাতি আছে তাৰে ভিতৰত ৰবিদাস সকল ।এই ৰবিদাস সকলৰো বৈবাহিক ক্ষেত্ৰত নিজস্ব স্বকীয় ৰীতি-নীতি আছে। তেওঁ লোকৰ একে গোত্ৰ বা একে জাতিৰ মাজত বিবাহ কাৰ্য্য পুৰোহিতৰ দ্বাৰা বা (স্বজাতিৰ নীতি-নিয়ম জনা এজন পুৰোহিত বনাই লোৱা হয়) সম্পন্ন কৰোৱা হয়। কিন্তু অন্য জাতিৰ ছোৱালী আনিলে বা গ'লে বাৰগঞা বা উদ্ধাৰণী কৰোৱা হয়। বৰ্তমান অন্য জাতিৰ লগতো দুয়োঘৰৰ মতামত ত বিয়াবাৰু কৰোৱা দেখা গৈছে।
 চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত বিবাহৰ ক্ষেত্ৰত দেখা যায়, ঘৰৰ ডাঙৰ সন্তান হ'লে প্ৰবাদ মতে জেঠ মাহত আৰু জন্ম মাহত বিবাহ কাৰ্য্য কৰা নিষেধ। আনহাতে ল'ৰা ছোৱালী পচন্দ অনুসৰি বিবাহ কাৰ্য্য কৰিব যাওঁতে প্ৰথমে কইনা ঘৰে দৰাক তিলক দিয়া বা আঙঠি পিন্ধাই লয় তাৰ পাছত বিবাহৰ তিনিদিনৰ আগত দৰা পক্ষই কইনাক (জোৰন দিয়াৰ) লগন দিয়াৰ নিয়ম আছে।লগনত দৰা কইনাই লগন নবন্ধালৈকে উপবাসে থাকিবলৈ দিয়া হয়।

লগন দিয়াৰ নিয়ম --------- দৰা পক্ষই কইনা ঘৰলৈ দিয়াৰ সামগ্ৰী--- কইনাৰ সম্পূৰ্ণ সাজ পোছাক হালধীয়া হ'ব লাগে,লগতে খাড়ী মোহৰ(প্ৰসাধন সামগ্ৰী লগতে আ- অলংকাৰ)
পাত ময়ুৰ (কইনাৰ মুকুট)পাটুৱাছি(এখন বগা মাৰ্কিন কাপোৰত হালধীৰে ৰঙীন কৰি ক'লা আৰু ৰঙা আক মাৰি দিয়া হয়),এখন উৰনা ৰঙা ৰঙৰ ।কইনাৰ মাক,নানী,(মাকৰ মাক),আৰু দাদী বা আযী (কইনাৰ দেউতাকৰ মাক) কাৰনে তিনিখন শাড়ী দিয়া হয়।মাকৰ শাড়ীখনত ২১টকা মাননি মিঠাই পাছপোৱা আৰু তেল সেন্দুৰ প্ৰসাধন সামগ্ৰী আই মাইৰ কাৰনে দিয়া হয়।
লগনৰ নিয়মৰ বাবে --কেচা হালধী ৯টুকুৰা,একটকীয়া ৯টা, বেলপাত, আমপাত,ঘিউ,ধূনা,কেচা গাখীৰ,কেচা হালধী পিচা,ধান পাছপোৱা,দুটুকুৰা মাৰ্কিন কাপোৰ ,চুপাৰী নতুবা তামোল-পাণ যৱ ,তিল 
 আৰু হোমাগ্নীৰ কাৰনে পুৰুহিতৰ সামগ্ৰী ইত্যাদি।
দৰা ঘৰে সমাজৰ মুখীয়াল,আৰু দুজনমান গন্যমান্য ব্যক্তি সহ দেউতাক আৰু পৰিয়ালৰ দুজন মান লগত লৈ লগন আনিবলৈ কইনা ঘৰ পাইগৈ। কইনা ঘৰৰ সৰু ছোৱালী এগৰাকীয়ে তেওঁ লোকৰ ভৰি ধুওৱা নিয়ম কৰি নিদিষ্ট আসনত বহুৱাই ।
কইনা পক্ষৰ সমাজৰ মুখীয়াল আৰু আয়তী সকলক কইনা আৰু আই মাইৰ বস্তু সমজাই দি কইনাক সমাজৰ মাজলৈ আহবলৈ অনুৰোধ জনাই।কইনা ঘৰৰ সমাজে অতিথি আপ্যায়নৰ ব্যস্ততাৰ মাজতো আয়তী সকলে কইনাক দৰাঘৰৰ বস্ত্ৰ আ অলংকাৰ পিন্ধাই সমাজলৈ ওৰনাৰে ঢাকি উলিয়ায় দিয়ে লগে লগে আয়তীয়ে মঙ্গল ধ্বনি ৰে ৰভাঘৰ মুখৰিত কৰে অৱশেষত পুৰোহিতৰ হোমৰ ওচৰত কইনা সহ দুয়োপক্ষৰ দেউতাক ,সমাজৰ মাজত বেদ বাক্য পাঠ কিন্তু বৰ্তমান কিছু সংখ্যকে শংকৰ সংঘত সোমাই সংঘৰ মতে কৰে ,আন কিছুৱে নিজ গুৰুজনাৰ ওচৰত দীক্ষিত হৈয়ো গুৰুবাণীৰেও শুভ কাৰ্য কৰে আৰু আমপাতত হালধী দি দৰা কইনা উভয়ে নাম গত্ৰ আদিৰে পূৰ্বপুৰুষৰ নামেৰে মন্ত্ৰোস্বাৰিত দুটা তাবিজৰ আকৃতিত বান্ধি এটা কইনাৰ বাবে আনটো দৰা বাবে ধানৰমাজত হালধী টুকুৰা, চুপাৰি,(তামোল হলেও হয় )টকীয়া নোট এই সামগ্ৰীসমূহ দৰাৰ বাবে মাৰ্কিনৰ টুকুৰাত বান্ধি লৈ অনা হয়।কইনা ঘৰে দৰাৰ বিবাহৰ সাজযোৰ লগতে দি পঠাই।
দৰা ঘৰপোৱাৰ লগে লগে দৰাৰ মাকে লগন অনাজনক ভৰি ধুৱাই ধূনা আৰু সৰিয়হেৰে মূখ ভাঙি আনি দৰাঘৰৰ (আঙঠা দিয়া হয়)চিৰাঘৰত(গোসাইঘৰ)লগন থোৱা হয় লগতে দৰা সাজ যোৰো থোৱাৰ নিয়ম।
চাহ জনগোষ্ঠীৰ ৰবিদাস সকলৰ বিবাহৰ বাবে জয়ঢোল হৈছে মুল বাদ্য যন্ত্ৰ সেয়েহে বাদ্য ৰ চেয়ে চেয়ে জুমুইৰ নৃত্য কৰা দেখা যায় বৰ্তমান ঠাই বিশেষে দেখা যায়। গধূলী মাৰোৱা বেদীৰ ওচৰত এটা খাম্বী খুটাও পোতা দেখা যায় কিন্তু যিবিলাক লোকে ঘিউঠাৰি কৰে তেওঁ লোকৰ নিয়মত খাম্বী খুটা পোতে।মাৰোৱা বেদীৰ ওচৰত দৰাক বহুৱাই এগচি বন্তি জ্বলাই লগন চুমান কৰে (চুমান হৈছে আৰৈ চাউল ,দুবৰি বন,সেন্দুৰে ভগৱানৰ নাম লৈ চটিওৱা) ভনীয়েক, বৌয়েক সম্বন্ধীয় লোকে ধানৰ মাজৰ পৰা উলিয়াই দৰাৰ সো হাতত পিন্ধা ই তাৰ পাছত কইনা পক্ষলৈ খবৰ দিয়াত কইনাঘৰে কইনাক বাওঁহাতত পিন্ধাই ।
শেষত তেল হালধী লগাই পাটোৱাচিটো কপালত বন্ধা হয় লগতে পুনৰ লগন নোখোলা পৰ্যন্ত এখন চুৰি কটাৰি দিয়া হয় আৰু আয়তী সকলে বিয়া নাম গাই দৰাক বা কইনাক জোকাই ও গীতৰ জৰিয়তে সু পৰামৰ্শ দিয়ে অন্তত ভোজন কৰিবলৈ দিয়া হয়।
মাৰোৱা বা বিবাহৰ বেদী--- দৰা বা কইনাৰ ভিনীয়েক বা সম্বন্ধীয় ভিনীয়েকে বা জোৱায়েকে নতুবা জোৱাই সম্বন্ধীয় ই মাৰোৱা খুটা অনাৰ নিয়ম। দৰা বা কইনাই যিটো বেদীৰ ওচৰত বহি হোমক সাক্ষী কৰি আজীৱন দুয়ো দুয়োৰ বাবে প্ৰতিশ্ৰুতি দিয়া ঠাই বিশেষৰ ওচৰত পোতা এবিধ বাঘনলাপুলি বা ডাল খুটা হিচাপে পোতাকে মাৰোৱা খুটা বুলি জনা যায়। এই খুটাৰসৈতে যুৱলি আমপাত বেলপাত বাহ পাত আদি দি কিছুমানে ধান খেৰ দি মাটিৰে লিপি দিয়াও দেখা যায় আন কিছুমানে বান্ধি দিয়ে।খুটা টো লগনৰ দিনা গধূলী নিমন্ত্ৰণ দি থোৱা হয়। নিমন্ত্ৰণ দিবলৈ এগচ বন্তি জ্বলাই কেচাসূতাৰে ডাল বা গছপুলি জোপাক তিনিপাক মেৰাই সেন্দুৰে তিনিটা ফোট দি আৰৈ চাউল দুবৰি বনেৰে চুমাই থৈ অহা হয় পিছ দিনা পানি তুলিবলৈ যোৱাৰ আগত গৈ পুলিটো কাটি অনা হয় আৰু মাৰোৱা বেদী তৈয়াৰ কৰা হয়।
বিবাহৰ দ্বিতীয় দিনাৰ পুৱাই দৰা বা কইনাক লঘু আহাৰ খুৱাই তেল হালধী লগাই পানী তোলিবলৈ নিয়া হয়। পানী তোলা বা পানী কটাৰ সামগ্ৰী------ এখন দীঘল দা(ফাৰচা) এখনৰুটি মইদা ৰে ঘিউ দি বনোৱা ৰুটি ।ৰুটিটো দৰা বা কই নাৰ মাকে উপবাসে থাকি তেওঁ লোকৰ চিৰা ঘৰত বনোৱাৰ নিয়ম লগতে আৰু দুটা ৰুটি বনাই পূৰ্ব পুৰুষৰ স্মৃতিত দি এটা বাঁহেৰে বনোৱা চিকিয়াত ওপৰত থোৱা হয় যাতে পৰুৱাই খাব নোৱাৰে।এটা সজাই থোৱা টেকেলী,এটা বাঁহৰ পাছি,এখন কোৰ ,কলহটো ঢাকিবৰ বাবে এখন মাৰ্কিন ত হালধী লগাই লোৱা হয়,কলহটোৰ মুখত এডাল সৰু লাঠি সোমুৱাই দিয়া হয় যাতে ঢাকনি কাপোৰখন ওপৰ লৈ জোঙা হৈ থাকে,এটা ছাতি। বাঁহৰ পাছিত এগচ চাকি ,দলি চপৰা পাছটা,এৱা সূতা‌ ,এৱা গাখীৰ,সেন্দুৰ,দুবৰি বন ধূপ, জুইশলা,পইছা একটকা,তামোল পাণ এটা
এতিয়া পানী তুলিবলৈ ওলোৱা পৰ্ব----দৰা কইনাৰ মাকে টেকেলীটো মূৰত লয়, পৰিয়ালৰ সধবা এগৰাকিয়ে পছিটো লয়,দৰাক দেউতাকে মুকুট পিন্ধাই দিয়ে সখীয়েকে ছাতি ধৰি পানী তুলিবলৈ যাবৰ বাবে সকলোৱে মাৰোৱা তলত গৈ সেৱা কৰি যাত্ৰা কৰে।ৰুটিটো পেহীয়েক বা পেহীয়েক সম্ন্ধীয়ই ফাৰচাত লগাই জয়ঢোলৰ চেয়ে চেয়ে নাচি নাচি যায়। পুখুৰী বা কুৱা টিউবেল ,নদী আদিৰ পৰা পানী তোলা হয়। গন্তব্যস্থলত কোৰেৰে মাটি খান্দি চুমান কৰি একটকাৰে পানী কিনি লোৱা হয় এৱা সুতেৰে গাখীৰে তিয়াই টেকেলীটোত মেৰিয়াই লয় পুখুৰীৰ পানী তুলি ফাৰচাটো দৰা বা কইনাৰ কান্ধত দি বিপৰীত দিশত এগৰাকী য়ে পানী ঢালে মাকে তলত টেকেলীটো ধৰি থাকে সন্মুখত এগৰাকীয়ে সোধে- কাৰ পানী কাটিছা দৰা বা কইনাই কয় আজোককাৰ, এনেকৈ পূৰ্বপুৰুষ ৰ নাম লৈ কটা হয়। পানী কাটি অহাৰ পাছত দৰাঘৰৰ পদূলিত এদাল টোকোনেৰে দৰা বা কইনাক সমুখত তিনিপাক ঘূৰাই সৰিয়হেৰে মুখ ভঙা নিয়ম কৰি ভৰি ধুৱাই চিৰা ঘৰলৈ লৈ যায় চিৰা ঘৰত চাৰিমুখিয়া চাকিত (সৰিয়হ দি লোৱা হয় যাতে চাকিৰ শলিতা টো জ্বলি নাযায় )জ্বলায় সকলো বস্তু পুনৰ তাতে থোৱা হয়।দৰাই গা ধুই নিৰামিষ ভোজন কৰি গধূলী দৰা বা কইনাই ,মাক দেউতাক (তিনিজন পাছজনে কৰা নিয়ম)মাৰোৱা তলত পানীপূৰ্ণ টেলেটো ধৰি আনি থয় লগতে এটা ঘটিতো পানী থোৱা হয় ।তাৰ পাছত কিছু লোকক দেখা যায় মাৰোৱা পূজা কৰা তাত এটা বগা পাঠা ছাগলী বলি দিয়ে আকৌ আন কিছু লোকে এটা গোটা ডিমত সেন্দুৰ ৰ ফোট ,তামোল পাণ, একটকা পইছা দি ডিমটো নভঙাকৈ পুতাহয় লগতে এডাল কেচা সূতাৰে মাৰোৱা খুটা তিনিপাক মেৰাই দিয়ে লগতে ধুনা জ্বলাই ধুনাত গাখীৰ ঘিউ দি মাৰোৱা খুটাৰ চাৰিও ফালে তিনিবাৰ দৰা ,মাক দেউতাকে ঘূৰে। পুনৰ তেল হালধি লগাই ৰাতিৰ সাজ খাই ৰঙৰহইছ কৰে ।মাৰোৱা তলতৰ চাকিগছ বিবাহ কৰ্ম নোহোৱা পৰ্যন্ত নুমাব নোৱাৰে। 
তৃতীয় দিনা ৰভাথলী সুন্দৰকৈ সজাই পৰাই তোলা হয় লগতে ৰভামন্দপৰ সন্মূখত এথোক তামোলেৰে অতিথিক আদৰণি জনায়। পুৱাই দৰাক গা ধুৱাই (দৰাৰ গা-ধোৱা পানী কইনাই ধুবলৈ নিবৰ বাবে থোৱা হয়) নিমন্ত্ৰিত অতিথিৰ আশীৰ্বাদ লৈ বৰযাত্ৰীৰ বাবে প্ৰস্তুত হয়।
 দৰা পক্ষই , কইনাৰ সাজ-পোছাক ,আ-অলংকাৰ, এখন উৰনা, আখৈ তোলা জনৰ বাবে এযোৰ পোছাক ,শৰাই, সেন্দুৰ ,কিয়া(সেন্দুৰ থোৱা পাত্ৰ) সেন্দুৰ দিবৰ বাবে মৰাপাটৰ টুকুৰা, আৰ কাপোৰ ,আখৈ ,কাচা ধোৱা খাৰু (বিবাহৰ সময়ত দৰাই কন্যাক পিন্ধিওৱা পাছপাত খাৰু) মালা, মঙ্গলসূত্ৰ,আখৈ দিয়া কোলাখন ,কিছুমানে আমপাতেৰেই কৰা দেখা যায়। হোমৰ বাবে পুৰোহিতৰ নিৰ্দেশ মৰ্মে সামগ্ৰী আদি লৈ নিৰ্ধাৰিত সময়ত দৰাসহ ছাতিধৰা, গাঁৱৰ মুখিয়াল দেউতাক পৰিয়ালৰ ব্যক্তি সমাজৰ লোক আইতী সকল বৰযাত্ৰী হিচাপে যায় কিন্তু দৰা মাক যোৱাৰ নিয়ম নাই।দৰাক বিদায় দিবৰ বাবে দৰাৰ মাকে পদুলিমূখত এজোপা আম গছৰ তলত গছ নাথাকিলে আমৰ দালি পুতি লৈ চেনী দিয়া গাখীৰ আম পাতেৰে তিনিবাৰ খোৱাই বিদায় দিয়ে। (আমল খোৱাই) ।
দৰাই কন্যা ঘৰ পোৱাৰ লগেলগে কন্যা ৰ মাকে দৰা আদৰে ।আদৰনি সময়ত কন্যাৰ এখন চুপত(দুটা চুক আকৃতিৰ এখন কোলা) এগচ বন্তি, ভাত আৰু গোবৰ লডা সাতটাকৈ ,পান তামোল। কন্যাৰ ভনীয়েকে দৰাক ভৰি ধোৱাই মাকে মুখ ভঙা নিয়ম কৰি পানেৰে দৰাৰ গালখন সেক দিয়ে আৰু লডাৰে ধেমালিৰ চলেৰে দৰাপক্ষলৈ নিক্ষেপ কৰে। শেষত সকলোকে নি নিদিষ্ট ঠাইত বহুৱাই। শুশ্ৰূষা কৰে। কিন্তু দৰা-কইনা আৰু দুয়ো পক্ষৰ মাক দেউতাক বিবাহ নোহোৱা পৰ্যন্ত উপবাসে থকাৰ নিয়ম। 
 দৰা আৰু ছাতিধৰাক কইনা ঘৰৰ বিবাহৰ বেদীৰ ওচৰত বহুৱাই পুৰুহিতৰ নিয়মবিশেষকৈ হৰ গৌৰী ৰ পুজা কৰে,কইনাৰ দেউতাকে দৰাক আৰু দৰাৰ দেউতাকে বোৱাৰী ৰূপে দৰাই আজীৱন লগৰী কৰাৰ প্ৰতিশ্ৰুতি বদ্ধ কৰোৱাই । আনহাতে দৰাই গাধোৱা পানীৰে কন্যাক আয়তী সকলে ধোৱাই কন্যাৰ মাকে আমল খোৱাই মাৰোৱা বেদীৰ ওচৰত বিবাহৰ বাবে বহাই।পুৰোহিতৰ নিয়ম বা শংকৰ গুৰু জনাৰ আদৰ্শৰ অথবা নিজ গুৰু গুৰু ৰবিদাস দেৱৰ আদৰ্শ অনুসৰি দৰা কইনাই বেদ বা শাস্ত্ৰীয় বাক্য উচ্চাৰণ কৰি দৰা কন্যাই উভয়ে উভয়ৰ দেউতাকৰ কোলাত তিনিবাৰকৈ বহুৱাই সিন্দুৰা দানৰ বাবে সাজু কৰে। লগনৰ সময়ত নিয়া ধান, হালধী ,টকীয়া নটা,চুপাৰি এই বিলাক এখন পটাৰ ওপৰত এটা এটাকৈ দি টকীয়া ৰ ওপৰত লৰাই সেন্দুৰ দিয়ে কন্যাই পুনৰ সেন্দুৰ কিয়াত ভৰাই আৰু কন্যাই ভৰিৰে লাহে লাহে মাটিত নপৰাকৈ সেন্দুৰ কিয়াত ভৰাই আৰু দৰাঘৰৰ আয়তী সকলে একেটা কিয়াতে সৰহ কৈ দি আৰ কাপোৰৰ মাজত দৰা কন্যা দুয়োকে বহাই এগৰাকী আয়তী দৰাক সেন্দুৰ দিয়াৰ নিয়ম দেখুৱাই দিয়ে সেইমতে সেন্দূৰ দিয়াৰ কাম সম্পন্ন হয় ইয়াক সিন্দুৰাদান বুলি কয় লগে লগে আয়তীৰ উৰুলীৰে মুখৰিত হয় ।পুনৰ আৰ কাপোৰ আতৰ কৰি বৰ মাল্য পিন্ধাই , কন্যাই পতিদেৱক সেৱা কৰে ।দৰাই মঙ্গলসূত্ৰ পিন্ধাই। এতিয়া আখৈ তোলা পৰ্ব- দৰাই ভায়েকক কাপোৰ সাজ দিয়ে সেই সাজ পিন্ধি দৰা-কইনা একেলগে আম পাত বা আখৈদিয়া কোলা লয়, ভায়েকে আখৈ দিয়ে কইনাই হোমৰ ওচৰত পেলাই এনেকৈ কন্যা ৰ ভায়েকৰ হতুৱাই বংশ ছেদ কৰাৰ নিয়ম। এনেদৰে বিবাহ কাৰ্য্য সম্পন্ন হোৱাৰ পাছত পৰিয়ালৰ লোকে চুমান কৰে। (কন্যা পক্ষই কন্যা ক লাগতীয়াল বস্তু দিয়ে।)অন্তত কন্যাৰ মাকে এঘটি পানী লৈ দুয়োকে মাৰোৱা তলত পাছ পাক ঘুৰাই ভিতৰলৈ নি আগতে নাম লিখা নিদিষ্ট ঠাইত বহুৱাই মিঠা ভাত বা মিঠাই দিয়া হয় কিন্তু এই মিঠাই দুয়োৱে দুয়োক খুওৱাৰ নিয়ম।তাৰ পাছত ভাত খুৱাই বিদায় দিয়া হয় ,বিদায় বেলাত কন্যা ৰ শাৰীৰ আচলত চাউল এপুৱা বান্ধি দিয়ে। ৰাইজৰ আশীৰ্বাদলৈ মুখ্য দ্বাৰৰ সন্মুখত ভিতৰলৈ বুলি মাকেদিয়া চাউল চটিয়াই ঘৰৰ লখিমী এৰাৰ নিয়ম। দৰা-কইনা সহিতে ৰাইজ দৰা ঘৰ পোৱাৰ পাছত দৰাৰ মাকে আদৰনি জনায় কন্যা ঘৰত দৰাক আদৰৰ দৰে ইয়াত দুয়োকে পানেৰে সেক দিয়া হয়।শেষত কন্যা ঘৰৰ দৰে দৰা-কইনাক নিদিষ্ট আসনত বহুৱাই একেধৰণে নিয়ম কৰি চিৰা ঘৰত সেৱা কৰাই দৰা পক্ষৰ সকলোকে সেৱা কৰাই মাৰোৱা তলত চটাৰি নাহোৱা (খুবাখুবিৰ) কাম কৰে ।এই নিয়মত মাৰোৱা খুটাৰ লগত বন্ধা যুৱলিটো খুলি দৰাকইনা দুয়োকে বহাই । মাৰোৱা খুটা অনাজনে দুটা গাত দিয়ে তাতে দুয়োজনেই আঙঠি লুকাৱা খেল কৰে পানীপূৰ্ণ গাতত আঙঠি বিচাৰি নাপাই লাজত দৰা বা  
কইনা পক্ষৰ লগদিন বিলাকে ইতিংকিং কৰে।
 (লগদিন হৈছে দৰা বা কইনাৰ সখীয়েক বা লগত থকা)শেষত মাটিৰে তৈয়াৰ পাছটা চপৰাৰে দৰাক কইনা লদিয়াই ,কইনা ঘৰৰ পানী তোলা টেকেলীটো দৰা ঘৰলৈ কইনা লগতে অনা হয় ।সেই পানীৰে বৰজনাকে দৰা-কইনা দুয়োকে বিপৰীত দিশৰ পৰা মুৰত ঢালি কইনা ওৰণি পাছ বাৰ দাঙি দিয়ে।সেইদিনৰ পৰাই সেইজন বৰজনাকে বোৱাৰীৰ শিৰৰ সেন্দূৰ চাব নাপাই বুলি প্ৰবাদ আছে সেইয়ে বোৱাৰীয়েকে দীঘলকৈ ওৰণি লয় অথচ সেইজনৰ ওচৰত সমানে সমানে বহা বা বিচনাত বহা ,হাতে হাতে দিয়া লোৱা আদিতো নিষেধ।
দৰা-কইনা দুয়োৱে স্নান কৰাৰ পাছত টিউবেল বা পুখুৰী ,চৌকা আদিত ন কইনাই চুমান কৰি এসাজ ৰান্ধি সকলো খুৱাই দৰাপক্ষৰ লোকক মান ধৰি অষ্টম দিনা আঠমঙলাৰ বাবে আহিবৰ হয়।ঠাই বিশেষে তিনিদিনতে যায় ।
আঠমঙলাত কইনা পক্ষৰ বাবে মাংসৰ ভাজি লগত পিঠাগুড়িৰ পানী পিঠা ১১বা২১এনেকে বিযোৰিয়াকৈ দিয়া হয় । দৰা-কইনা আৰু দেউতাক মুখিয়াল সহ পাছজন বা সাতজন যোৱাৰ নিয়ম। কইনাই মাকৰ ঘৰলৈ গৈ স্ফূতিৰে এসাজ খাই একে দিনতে ঘৰলৈ ঘূৰি আহে।ইফালে দৰাঘৰৰ লোকে দৰা কইনা ওলাই অহাৰ পাছত খাম্বী খুটা উঠাই ঘৰৰ চালৰ ওপৰত তুলি থয় বা বাহ গছৰ গুৰিত থোৱাৰ নিয়ম।
 পুনৰ তিনিমাহৰ পাছত দৰা পক্ষই কইনা পক্ষৰ লোকক ভাতখুৱাই নিয়ম কৰে ভাত খুৱাই তেওঁলোকক বস্ত্ৰ দি সন্মান জনাই তাৰ পূৰ্বে দৰা ঘৰত কইনা পক্ষই ভাত নাখায়।ছয় মাহৰ পাছত বা আহাৰ মাহত মাৰোৱা খুটা দৰা কইনা আৰু মাকদেউতাক ,মাৰুৱা পোতাজন লগ হৈ উঠাই নৈ বা বাহ গছৰ তলত বিয়াত বহা দুয়োজনৰ মুকুটে সৈতে থয়। কিন্তু বিয়াৰ একবছৰ নোহোৱা পৰ্যন্ত দৰা-কইনা মাক-দেউতাক উভয়ে মৰা সকাম বা মৃতকৰ ওচৰত যোৱা নিষেধ।
এনেধৰনেৰে ৰবিদাস সকলে নীতি নিয়মৰ মাজেৰে তেওঁলোকৰ বিবাহ কাৰ্য্য সম্পন্ন কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)