নয়ডাৰ চেক্টৰ ৬৩ত এখন বিশেষ শাক-পাচলিৰ দোকান আছে । মুৰুলী বোলা বঙালী মানুহ এজনৰ দোকানখনত সপ্তাহত এবাৰ হ'লেও ঢেঁকীয়াশাক, মানিমুনি, ঔটেঙা,ক'লা জলকীয়া,কল প'চলা, কাজি নেমু, ভেদাই লতা ইত্যাদি বিচাৰি যাওঁ । যিমানেই সম্ভ্ৰান্ত বিলাতী দেখাবলৈ বিচাৰিলেও শিপা হেৰুওৱা ইমান সহজ কথা নহয়। সেয়েহে আধুনিক পিজ্জা,বাৰ্গাৰ,স্পেগেটি, বিৰিয়ানী, পৰঠা আৰু টন্দুৰীৰ স্বাদৰ মাজতো সপ্তাহত মানিমুনি কিম্বা নৰসিংহ-পঁচতীয়া অথৱা ভেদাই লতাৰ জালুকীয়া জোল, বুটমাহৰ ঢেঁকীয়া শাকৰ ভাঁজি , ভীমকলৰ প'চলাৰ খাৰ নতুবা খাৰলি আৰু আলু পোৰাৰে নিখনীয়া ভাত এসাঁজ খোৱাৰ লোভ সামৰিব নোৱাৰি চিধাই মুৰুলীদাৰ দোকান পাওঁ গৈ । কাইলৈ সৰস্বতী পূজা। বিগত দহ বছৰ বছৰ কৰ্মসূত্রে অসম এৰি বাংগালোৰ আৰু নয়ডাত থকাৰ বাবে ছোৱালীজনীয়ে সৰস্বতী পূজাৰ প্ৰকৃত আনন্দৰ পৰা বঞ্চিত হৈছে। অসমত থকা হেতেঁন পূজাৰ দিনাখন মাকৰ আটাইতকৈ ধুনীয়া কাপোৰ এযোৰ জোৰ কৰি হলেও গাত সুমুৱাই লগৰীৰ লগত স্কুলে স্কুলে পূজা চাবলৈ গ'ল হেতেঁন। অহা বছৰৰ তাইৰ স্কুলীয়া শিক্ষা সাঙ পৰিব । পাছে সিহঁতৰ স্কুলত আজি পৰ্য্যন্ত সৰস্বতী পূজা পতা নাই । কথাবোৰ মনতে ভাবি ঘৰতেই সৰস্বতী পূজা এভাগি কৰিম বুলি ভাবি অফিচৰ পৰা চিধাই মুৰুলীদাৰ দোকান পালোঁগৈ । কাৰণ সৰস্বতী পূজাৰ কাৰণে মূৰ্তি পোৱাৰ একমাত্ৰ আশাভাৰষাৰ স্থান হৈছে মুৰুলীদাৰ দোকান।
দোকানত উপস্থিত হৈ দেখিলোঁ প্ৰচণ্ড ভিৰ। নয়ডাৰ চেক্টৰ ৬৩ৰ ওচৰ পাজৰে থকা বঙালী মানুহে সৰস্বতী পূজাৰ কাৰণে বজাৰ কৰিব আহি মুৰুলীদাৰ দোকানত খদমদম লগাইছে।
এপদ দুপদ কৰি ময়ো সেই ভিৰৰ মাজতে পূজাৰ সামগ্ৰী সংগ্ৰহ কৰিব ধৰিলোঁ।
পূজাৰ বজাৰ কৰি থকাৰ মাজতে মুৰুলীদাৰ দোকানত হঠাত কেইপদমান বস্তুৰ ওপৰত চকু পৰাত মনটো একে কোবেই মোৰ জন্ম স্থান কুৰুৱা পালেগৈ । আৱেগ সামৰিব নোৱাৰি দৰদাম নকৰি মনটো একেবাৰেই নষ্টালজিক কৰি তোলা ঘিলা, ভৈৰা আৰু মুড়িৰ লাড়ু কেইটামানৰ লগতে বেনীমাধৱৰ ফুল পঞ্জিকা এখন কিনি ঘৰলৈ উভতি আহিলোঁ। ছোৱালীজনীক মই বজাৰৰ পৰা অনা এই বস্তু কেইপদ দেখুৱাই তাৰ বিশেষত্ব কোৱাৰ মাজতে মনটো বাৰে বাৰে অতীতলৈ উৰা মাৰিছিল। নষ্টালজিক হৈ পৰা মনটোৱে কিবা হেৰুৱাৰ ক্ষোভত হাহাঁকাৰ কৰি উঠিছিল।
পণ্ডচ পাউডাৰৰ টেমা আৰু ঘিলা .........
ল'ৰালিতে স্কুল চুটীৰ পাছত ভাত কেইটা নাকেমুখে গুঁজি মনেমনে খালি পৰি থকা পণ্ডচ পাউডাৰৰ গুলপীয়া ৰঙৰ টেমাটো হাতত লৈ লগৰীয়া মাতু,ইলি, জুপি আৰু মানিকৰ লগত ঘিলা খেলাটো আমাৰ এক দৈনন্দিন কাৰ্যসূচী আছিল । অতীতৰ সেই মাণিকী মধুৰী দিনবোৰ ক'ত ইমান খৰধৰ কৰি হেৰাই গ'ল আজি ঘিলাটো হাতত লৈ তাকেই ভাবি মনটোৱে আক্ষেপ কৰি উঠিল।
খুড়াই কুৰুৱা পাহাৰৰ পৰা আনি দিয়া সেই ঘিলা আমাৰ কাৰণে আজিৰ ল'ৰা-ছোৱালীবোৰৰ মোবাইল ফোনটোৰ দৰে ছব্বিশ ঘন্টা পকেটত আছিল। কিন্তু পাৰ্থক্যটো হ'ল সেই ঘিলাই বন্ধু বান্ধৱীৰ সতে নিকটতা বঢ়াইছিল। আজিৰ ল'ৰা-ছোৱালীবোৰ একে লগে থাকিলেও মোবাইলটো হাতত লৈ নিজৰ মাজত নিজক লৈয়েই ব্যস্ত হৈ থাকে। সেয়েহে সিহঁতৰ মাজত আৱেগিক বান্ধোন নাই ।
ভৈৰাৰ কেঁহা বাকলিৰ মিঠা স্মৃতি বিচাৰি.......
কুৰুৱা পাহাৰৰ ফৰেষ্ট অফিচৰ কাষত এডাল প্ৰকাণ্ড ভৈৰাৰ গছ আছিল।কেঁহা বাকলিৰ ভৈৰাৰ টান খোলাটোৰ ভিতৰত থকা শাহটো খাবলৈ বাদাম বাদাম লাগে । ভৈৰাৰ কেঁচা বাকলি চোবাই পানী খালে মিঠা মিঠা লাগে। ত্রিফলা বনোৱাৰ কাৰণে ব্যৱহাৰ হোৱা ভৈৰাৰ বহুতা ঔষধি গুন আছে । সেয়েহে সুগৰী, হৰিণ আদি পহুৰ কাৰণে ভৈৰা বৰ প্ৰিয়। ল'ৰালিত আঘোণ মাহত প্ৰায়েই ধান কঢ়িয়াই যোৱা মহ আৰু গৰুৰ গাড়ীৰ পৰা তলসৰি পৰা লেছেৰি বুটলিব যাওঁ । সমনীয়াৰ সতে লেছেৰি বুটলিবলৈ গলে ভৈৰা ডালৰ তলত সৰি পৰি থকা ভৈৰা সংগ্ৰহ কৰি জেপ ভৰাই আনো। স্কুলত লগৰীয়াৰ লগত সেই ভৈৰা,বগৰী, খেজুৰ আদিৰ আদান-প্ৰদানৰ জৰিয়তে পৰস্পৰ সান্নিধ্যতা বৃদ্ধি পাইছিল। বিনিময় প্ৰথাৰ অনুশীলন কৰিছিলোঁ। কিন্তু আজিৰ লৰা-ছোৱালীবোৰৰ মাজত ভগাই খোৱা ভগাই লোৱাৰ অভ্যাস নাইকিয়াই হ'ব ধৰিছে তাকে ভাবি মনটোৱে আজি গুজৰি গুমৰি উঠিল।
#লেছেৰি বুটলি পোৱা মুড়িৰ লাড়ু.............
১৯৭১বাংলাদেশ যুদ্ধৰ সময়ত সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ কৃপাত কিছুসংখ্যক বাংলাদেশী হিন্দু ভগনীয়া(নমোসূদ্ৰ) মানুহ আহি আমাৰ পশ্চিম কুৰুৱাত নিগাজী কৈ থাকিব লৈছিল। বঙালী সংস্কৃতিক বুকুত সাৱটি লৈ থকা সেই ভগনীয়া মানুহখিনিৰ এটা নিজস্ব পৰিচয় আছিল। তাত পতা প্ৰথম প্ৰাইমাৰী স্কুলখনতে মোৰ দেউতাই শিক্ষকতা কৰিছিল। সেয়েহে মানুহখিনিৰ প্ৰতি মোৰ এটা সদায়েই সদ্ভাৱ এটা আছে । ধান কটাৰ সময়ত সেই নমোসূদ্ৰ মানুহখিনিয়ে মুড়িৰ লাড়ু বিনিময়ত ধান লৈ যায় ।
গৰু-মহৰ গাড়ীৰ পৰা তলসৰি পৰা লেছেৰি বুটলি বুটলি সংগ্ৰহ হোৱা ধানবোৰৰ বিনিময়ত মুড়িৰ লাড়ু লোৱাটো আমাৰ চেমনীয়া সকলৰ কাৰণে এক নিচাত পৰিণত হৈছিল। সেই সময়চোৱাত বছৰেকীয়া পৰীক্ষা পাৰ হৈ যায় কাৰণে লেছেৰি বুটলিব গলে দেউতাইয়ো বৰ বিশেষ হকাবধা নকৰিছিল।
চেমনীয়াৰ লগত লেছেৰি বুটলি সংগ্ৰহ কৰা ধানৰ সলনি পোৱা মুড়িৰ লাড়ুবোৰ আছিল নদীৰ পাৰত বনোৱা ভেলাঘৰত উৰুকাৰ ৰাতি খোৱা ভোজৰ এটা উপাদান। সেইয়াই আছিল আমাৰ সকলোৰে মাজত থকা গভীৰ সম্প্ৰীতি আৰু স্নেহৰ বহিৰ্প্ৰকাশ। কুঁৱলীৰ আৱৰ্তত চকমক কৈ ধৰা দিয়া সেই অতীতৰ কথাবোৰে মনটো ক্ষণিকৰ কাৰণে আজি সচাঁকৈয়েই আৱেগিক কৰি তুলিলে।
#বেণীমাধৱৰ ফুলপঞ্জিকা আৰু বৰ্ষচক্র চোৱা দিনবোৰ..........
মাঘৰ সংক্ৰান্তিৰ দিনাখন ব্ৰহ্মপুৱাই ঘন কুঁৱলীৰ মাজত বৰলুইতত ডুব মাৰি কপি কপি উঠি আহি নদীৰ পাৰত জ্বলোৱা হোমৰ তাপ সেকি ঘৰলৈ আহি দেউতাৰ লগত অগ্নি থান, বকুল থান( দিহিং সত্র) আৰু ঘৰৰ নামঘৰত ধূপ চাকি জ্বলোৱা আমাৰ এক পৰম্পৰাত পৰিণত হৈছিল। গোসাঁই ঘৰত পূজা সেৱা কৰি উঠাৰ পাছত মায়ে দিয়া লাড়ু পিঠা খাই চিধাই দেৱদাৰুৰ ওচৰ চাপিছিলোঁ। উদ্দেশ্য হ'ল বৰ্ষচক্র চোৱা । বৰদেউতাৰ ল'ৰা দেৱদাদাই বছৰি উৰুকাৰ দিনাখন গুৱাহাটীৰ পৰা বেনীমাধৱৰ ফুল পঞ্জিকাখন কিনি আনে । সংক্ৰান্তিৰ দিনাখন দাদাৰ মুখত বছৰটোৰ ৰজা, মন্ত্ৰী, জলাধিপতি আৰু শস্যাধিপতিৰ নামবোৰ শুনি মনতে ইন্দ্ৰৰ ৰাজ্য স্বৰ্গৰ সমান্তৰাল কৈ থকা পৃথিৱীৰ ৰাজসভাৰ এখন ছবি কল্পনা কৰি নিজৰ অহা বছৰটো কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আগ্ৰহৰে শুনিছিলো। লগতে কেতিয়াবা বৰ্ষচক্রৰ মতে বছৰটোৰ কাৰণে বিদ্যাৰ স্থান সিমান ভাল নহ'ব বুলি জানিলে পৰীক্ষাৰ পাছত দেউতাৰ হাতৰ সাম্ভাৱ্য চৰ কেইটাৰ কথা কল্পনা কৰি শংকিত হৈ পৰিছিলোঁ।
আজি বেনীমাধৱৰ ফুলপঞ্জিকাখন হাতত তুলি লোৱাৰ লগে বৰ্ষচক্র, ৰাশিফল, লগ্ন ফল আৰু আয়- ব্যয়-স্থিতিৰ ভবিষ্যতবাণী শুনা দিনবোৰলৈ উৰা মাৰি গ'ল । পঞ্জিকাৰ ভবিষ্যতবাণীকে ভাৰষা নকৰি জীয়াবলৈ শিকিলোঁ যদিও পঞ্জিকা চোৱাৰ লোভ এতিয়াও সামৰিব নোৱাৰোঁ । কাৰণ জীৱনৰ ভেটিটো গঢ়াৰ পৰা বৰ্তমানলৈ কিছুমান বিশেষ মুহূৰ্তত পঞ্জিকাখনৰ প্ৰয়োজনীয়তা অনুভৱ কৰোঁ । কিছুমান কাম অৱশ্যে আগৰদৰেই কৰি থাকিও আমনি নালাগে । কাৰণ তাত কিছুমান সোঁৱৰণীৰ সুবাস লুকাই থাকে। যি সুবাসে মনটো মাজ সময়ে সজীৱ কৰি তোলে ।
✍️ চুমিন্দ্ৰ চৌধুৰী,
সাহিত্য অভিযন্তা,
নয়ডা, উত্তৰ প্ৰদেশ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ