হেল্ল ! মই মদে কৈ আছোঁ ••যুৱৰাজ বাচকোটা

@admin
0
হেল্ল! হেল্ল! ৰাইজ মই মদে কৈ আছোঁ 
এচামে মোক বহুত ঘৃণাৰ চকুৰে চায়
আন এচামে মোক বহুত ভাল পায় ।
যি বিলাকে ভাল পায় মোৰ ওচৰত পায়
মই য'তেই লুকাই নাথাকো কিয় -----
বিচাৰি বিচাৰি মোক উলিয়াই লয়---
যি জনে জানে মোৰ এক অদ্ভুত শক্তিৰ ৰহস্য 
সেই জনে শুনা- চাউল নতুবা টকা লৈ
মোৰ ওচৰলৈ পায়
তেতিয়া মই অমান্তি নহওঁ
তেওঁলোকে আনন্দ মনেৰে মোক পি খায় 
কেতিয়াবা নাচে কেতিয়াবা গান গায় 
কেতিয়াবা খাললৈ পায় কেতিয়াবা দাঁত 
হেৰুৱাই চিকিৎসকৰ ওচৰলৈ পায়।
জানানে- সিহঁতে মোক কিমান ভাল পায়!
মোক সিহঁতে সহজে এৰিব নোৱাৰে
কাৰণ সিহঁতৰ বাবে মই কলিযুগৰ অমৃত।
আজি কালি নিৰ্বাচনত জয়ী হ'বলৈও
মোৰ অবিহনে অসম্ভৱ!
আনকি বিবাহ অতিথি আপ্যায়নতো মোক লৈ যায়!
মোক সিহঁতে যিমানেই পি খাই ভাল পায়
ময়ো কম নহয় 
জানিবা! ময়ো সিহঁতৰ বুকু কলিজা হাওঁফাওঁ খাওঁ
অন্তিমত সিহঁতক যমৰ যাতনা ভোগাই
যমপুৰীলৈ পঠাও।
হেল্ল! হেল্ল !ৰাইজ মই মদে কৈ আছোঁ।

       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)