পৰ্বতৰ বুকুত সপোন সৰা।
চাহ পাতৰ ৰঙেৰে বাগিচা জীপাল,
কিন্তু সঁচাই কি সপোন পূৰাল?
শ্ৰমিকৰ তেজেৰে গঢ়া সকলো,
জীৱনৰ মূল্য পাইছোঁ নে অলপো।
মজুৰিৰ আশা নিৰাশা কৰি ৰ'লে,
অদেখা দুৰ্গতিয়ে হিয়া পোৰালে।
আৰু কিমান সহি যাব দুখ?
কিমান দিন থাকিব হিয়া মুখত?
স্বাস্থ্য, শিক্ষা, আৰু অধিকাৰৰ স্বৰ,
তীব্ৰ জুৰুলে নিগৰে অশ্ৰুৰে ভৰ।
পিছপৰা জীৱন, সুখৰ অভাৱ,
নিত্য দিনৰ যুঁজত ধীৰে কমে জঁৰাব।
উন্নতিৰ পথ ক'ত? সন্ধানৰ আশ,
কিন্তু অধিকাৰৰ মাটি হ'ব নে পাশ।
সুৰুযে সঘনে চকু মাৰিছে,
বাগানত যদিও বতাহ মলিয়াইছে।
আশাবোৰ নুমালেও জ্বলে অন্তৰৰ জুই,
এদিন জ্বলিব সংগ্ৰামৰ জুই।
তেতিয়াহে বাগিচাৰ সপোন পূৰ্ণ হ’ব,
জন্মৰ অধিকাৰে শ্ৰমিক জীৱন উজ্বলিব।
চাহৰ গন্ধত মিশ্ৰিত আনন্দৰ সুৰ,
নব প্ৰভাতৰ আহ্বান পাব নেকি পুনৰ?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ