নিচাযুক্ত দ্ৰব্য কৃপা কৰি এৰি দিয়ক

Rinku Rajowar
0
নিচাযুক্ত দ্ৰব্যৰ পৰা মানৱজাতিটোৰ কিবা উপকাৰ হয় নে বাৰু যদি উপকাৰ নহয় তেন্তে কিয় একাংশ এৰিব নোৱাৰে?এনে দ্ৰব্যৰ দ্বাৰা সুন্দৰ মনোমহা জীৱন ধ্বংস হয়?গতিকে সময় থাকোতেই এইবোৰ নিচাযুক্ত দ্ৰব্য পৰিত্যাগ কৰক আৰু নিজৰ জীৱন নিজেই সুৰক্ষিত কৰক।
যিটো বস্তুত লিখা থাকে যে এইবোৰ নাখাব এইবোৰ দ্ৰব্য খালে বা সেৱন কৰিলে  ভয়াবহ বেমাৰত ভুগিব লাগিব তথাপিও কিছুমানে কোনটো যুক্তিত এনে নিচাযুক্ত দ্ৰব্য খায়? গতিকে পলম নকৰি আজিৰ পৰা প্ৰতিজ্ঞা বদ্ধ হৈ নিজৰ জীৱন আৰু নিজৰ পৰিয়ালৰ কথা ভাবি অতি সোনকালেই এৰি দিয়ক আৰু সুস্বাস্থ্যৰ অধিকাৰী হওক আৰু আনকো সুস্বাস্হ্য কৰি ৰাখক । অতীতৰ কিছুমানে কয় মানুহ এবাৰে পৃথিৱীত জন্ম গ্ৰহণ কৰে বুলি ,পৃথিৱীত যদি এবাৰে জন্ম গ্ৰহণ কৰা হয় তেনে আমি জীৱনটো সৰ্বাংগ সুন্দৰ ভাৱে এজন সুস্বাস্হ্যবান মানুহ হিচাপে জীয়াই থাকিব নোৱাৰো নে? যদি পাৰো তেনে আজিৰ পৰাই আপোনাক যিসকলে এইবোৰ সেৱন কৰে তেওঁলোকক উদ্দেশ্য কৰি কওঁ কৃপা কৰি এইবোৰ এৰি দিয়ক ।আপোলোকক মই বাৰু পইচা নিদিওঁ এইবোৰ খাবলৈ তথাপিও আমিতো সাধাৰণ এটা অনুৰোধ কৰিবতো পাৰো "নাখাব" বুলি ।এই নিচাজাতীয় দ্ৰব্যবোৰক আমি বিষ বুলিও ভাৱিব পাৰো কাৰণ এই বিষবোৰৰ সেৱন কৰাৰ পিছত আমাৰ জীৱনলৈ বহু সমস্যা আহিব পাৰে তথা বেমাৰ হ'ব , আৰু এই বেমাৰ হ'লে নিজেও অসুস্থ হৈ থাকিব লগতে নিজৰ পৰিয়াল বৰ্গই কি অবস্থাৰ সন্মুখিন হ'ব এবাৰ ভাবি চাইছেনে? মোৰ এই পষ্ট চাই কিছুমানে কবও পাৰে "তুমি আমাক পইচা দিছা নেকি এইবোৰ খাবলে"? মই কওঁ এইবোৰ কথা কৈছো কেৱল আপোনাৰ কাৰণে মোৰ কাৰণে নহয় । নিচাযুক্ত দ্ৰব্য বাদ দিয়ক নিজৰ জীৱন ৰক্ষা কৰক , আৰু পৰিয়াল বৰ্গক শান্তিৰে জীয়াই থাকিবলৈ দিয়ক ।

  ✍ ৰিন্টু কুৰ্মী 
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)