বেবেৰিবাং

Rinku Rajowar
0
আজি বেবেৰিবাংত ক'বলৈ একো নাই । তথাপিও যিটো কথা ক'ম সেইটোৰ নিচিনা কথা এটা আপোনালোকে সৰু কালতে শুনিছে যদিও সেই কথাৰ লগত এইকথাৰ কোনো সম্পৰ্ক নাই দেই । সেইটো আছিল সাধুকথা আৰু এইটো হ'ল মোৰ নিজৰ সঁচা কথা । 
‌যোৱা বছৰ আজিৰ দিনটোতে মই ভৰ দুপৰীয়া নিজান লুংলুঙীয়া হাবি এডৰাৰ মাজেৰে বৈ যোৱা জান এটাৰ পাৰে পাৰে গৈ আছিলো । হিমচেচাঁ ফেৰ্ফেৰীয়া বতাহ । কিবা অজান ভয়ত বুকুখনো দুৰুদুৰু কঁপিছিল । তথাপি সাহস গোটাই আগবাঢ়িলো। হঠাৎ দেখা পালো জানটোৰ পানীত এটা মুখবন্ধ বটল উটি আহিছে । আঠোৱনীয়া পানীত নামি বটলটো উঠাই আনিলোঁ । পাৰত বহি বটলটো খুলিবলৈহে পালোহে ডাঠ ধোঁৱা ওলাবলৈ ধৰিলে । লাহে লাহে ধোঁৱাবোৰ এটা দৈত্যলৈ ৰূপান্তৰ হল । ইফালে মোৰ সৌপানী যাওঁ যাওঁ অৱস্থা । তেনেতে সি মাত লগালে - 'আকা ! ভয় নকৰিবা । মই তোমাৰ চাকৰ । তুমি যি আদেশ দিবা মই আজিৰ পৰা তাকেই মানিম, যি বিচাৰিবা তাকেই দিম । মাত্ৰ এটাই চৰ্ত । মোক এনেই ৰখাই থব নোৱাৰিবা । কামত লগাই থাকিব লাগিব । এনেয়ে বহুৱাই ৰাখিলে মই তোমাক খাই পেলাম ।' 
‌পিছে মই সুযোগ এৰি দিয়া ভকত নহয় । তাক ক'লো- ঠিক আছে তেনেহলে, এতিয়া মোৰ ঘৰলৈ ব'ল । মোৰ লগে লগে সিও ঘৰ পালেহি । ইফালে মোৰ মগজুত দৰকাৰী বস্তুৰ লিষ্ট ঘনে ঘনে দীঘল হৈ গৈয়ে আছে । তাক এটাৰ পিছত এটাকে মোৰ দৰকাৰী বস্তুবোৰৰ নাম কৈ গলো । এটা এটাকে সি তৎক্ষণাত আনি দি থাকিল । সোণৰ ঘৰ এটাও বনাই দিলে । মুঠতে এমাহ  দিনে ৰাতিয়ে একেৰাহে তাক ফাৰ্মাইছ দি থাকিলো আৰু সি আনি দি থাকিল  । মই পৃথিৱীৰ আটাইতকৈ ধনী মানুহটো হৈ পৰিলো । ইমানেই সম্পদ গোটাই দিলে যে আৰু মোক কি লাগিব নাম বিচাৰি উলিয়াব নোৱাৰা হ'লো । 
‌পিছে একো কামত লগাব নোৱাৰিলে সি এতিয়া মোক খাই পেলাব ! মই কি কৰিলো জানে ? তাক ক'লো -'তিনি কিলোমিটাৰ দীঘল লোৰ ডাঠ পাইপ এডাল আন আৰু এটা মূৰ আকাশত লাগি থকাকৈ আনটো মূৰ মাটিত থিয়কৈ পুতি দে ।' তৎক্ষণাত সি কামটো কৰি পেলালে । 
‌'আকা- এতিয়া কি কৰিম কোৱা ?' তাৰ প্ৰশ্ন ।
‌'মই যেতিয়ালৈকে তোক বন্ধ কৰিবলৈ নকওঁ, তেতিয়ালৈকে তই পাইপ ডালত তলৰ পৰা একেবাৰে ওপৰলৈ উঠা-নমা কৰি থাক ।' মোৰ কথামতে সি আজিলৈকে পাইপদালত উঠা-নমা কৰিয়েই আছে । সি মোক ক'ত আৰু খাব পাৰিব !
‌  মই যদি আপোনালোকক মিছা কৈছো তেন্তে কালিলৈ সন্ধিয়া ঠিক ১২ বজাত মোৰ ঘৰলৈ আহি প্ৰমাণ চাই যাব পাৰে ।

লেখকঃ  সৌৰভ কুমাৰ বৰুৱা
‌    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)