সেউজ অতীতৰ প্ৰহেলিকা

Rinku Rajowar
0
সেউজ বাগিচাৰ আৰে আৰে কঠিন বাস্তৱ বোৰ মোৰ চকুৰ আগত ধৰা দিয়েহি....
আজা পুইখাই দি থৈ যোৱা আপোন স্বভাৱ সুলভ মাদলৰ চেওত
গিগীজা গিজাও মাদলৰ মাতত
গোৱা ঝিংগাফুলীয়া অথবা খেমতা
ৰাতি সাৰ পালে এনেয়ে আওৰাই...
সাত সাগৰ তেৰ নদীৰ পাৰ হৈ অহা শিকৰৰ সন্ধানত, ভাষাৰ সন্ধানত সুদূৰ পৰাহত...
আজি ,আমি অসমীয়া,চাহ বাগিচাৰ ন-অসমীয়া...  
অসমৰ বায়ু পানী সেৱন কৰি
ধূল-মিট্টিত একাকাৰ হৈ
কি পাইছোঁ ?
সেই একেই হাজিৰা
দুটা টকা...
পষেকৰ মূৰত চাউল-আটা
দুইনম্বৰী চাহপাত...
আজিকালি আধুনিক চিকিৎসাৰ
উন্নতি নহল
এতিয়াও ব্যৱহাৰ কৰে বাগিচাৰ হস্পিতেলত
গৰম পানীত ঢুবাই ৰখা দুইনম্বৰী চিৰিঞ্জ...
মেনেজমেণ্টে টকা বচাই...
সেই একে ইউনিয়নৰ নেতা পালিনেতাৰ শোষণ বঞ্চনা...
মনৰ দুখবোৰ কিঞ্চিত পাতলবা বিচৰা ....
তিনিআলি চাৰিআলিৰ মাদিৰা পান
শৈশৱতে ধূলিসাৎ হোৱা সপোনৰ ভগ্নাৱশেষ..
কত যে কি ?
চাহ পাতৰ আৰৰ দুখ যন্ত্ৰণাৰ ব্যাথা
কলে এখন উপন্যাস হ'ব।
কোনো কয় বাগিচাৰ লৰা-ছোৱালীৰ
প্ৰতিভা নাই...
চাকিৰ পোহৰত ষ্টাৰ মাৰ্ক পোৱা
সংগ্ৰাম বোৰ শুনা নাই....
মাত্ৰ পৰিৱেশ পোৱা নাই...
কত--হত বছৰত প্ৰশাসনিক সেৱা পৰীক্ষাত বহাৰ মানসিকতা গঢ় লোৱা নাই...
অভিভাৱকৰ চকু পানী বোৰ মচিবলৈ উপযুক্ত সময় দিব পৰা নাই.…
বাস্তৱ বোৰ ইমান কঠিন হৈ পৰা নাই..
নে পৰিৱৰ্তন সময়ৰ,যুগান্তৰৰ
সেউজ বিপ্লৱৰ....
এতিয়া আধুনিক প্ৰযুক্তিৰ টি-বেগ আহিল...! 
শ্ৰমৰ মূল্য বোৰ পৰি ৰল এইদৰে
সেউজ আৱৰণত...
কেচা পাতবোৰ চেপি চেপি 
শুকান কৰা ড্ৰায়াৰ মেচিনত....
দোলায়িত ভৰ যৌৱনৰ আৱেগবোৰত..

     🔰নৃপেন ৰাজোৱাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)