উচুপে গোপনে

Rinku Rajowar
0
শিলৰ উচুপনি 
শুনিছানে কেতিয়াবা ?
কিমান বেদনা সাৱতি,
পৰি ৰয় ৰাজপথত পদপৃষ্ঠহৈ,,,,,
কোনোবাই গছকি যায়
উন্নতিৰ দিশে ,
কোনোবাই যাত্ৰা কৰে শ্মশান অভিমুখে
কোনোৱে দলিয়াই যায়
উজুটিত ছিগি নখ
নোসোধে কোনেও তোৰ ঠাই কিয় ৰাজপথ !
শিলেৰে গঢ়ে মূৰ্তি ৰং তেল সানি
নিতৌ পূজা কৰে ভগৱান মানি
কিমান হাতুৰীৰ কোব পৰিছিল সাজোঁতে ,
নাভাৱে নাভাৱে কোনোৱে ।।
নদীৰ বুকুত পৰি পাশান শিলে
ভৰ লয় স্ৰোতশ্ৰীনি গাভৰু নদীৰ ,
পাহাৰক সাৱতি ধৰি ৰাখে চিৰদিন
নিতৌ উচুপে নিৰৱে,,,,,
শিলৰ বুকুত পানী
শিলৰ বুকুত জুই
শিলে সাঁচি ৰাখে ইতিহাস গোপনে গোপনে ।
শিলৰো থাকে ইতিহাস
অনাদৃত , অনাকাংক্ষিত অথবা অৱহেলিত ।
শিলৰ চকুপানী দেখিছেনে কেতিয়াবা ,
মই দেখিছোঁ !!

🔰নবযানী বৰুৱা শইকীয়া
    ডিগবৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)