তুমি য'লৈকে যোৱা
লৈ যোৱা মোকো প্ৰিয়তম
তোমাৰ উশাহৰ স'তে
তোমাৰ সত্বাত বিলীন কৰি ।
তোমাৰ হাঁহিৰে উজ্বলিব খুজোঁ মই----
তোমাৰ আশাৰ আবিৰেৰে
নিজকে বুলাব খোজো---
দিগন্ত বিয়াপি মেলিব খোজো
হেঁপাহৰ পানচৈ ।
মোৰ ফাগুনী দেশলৈ
তুমি প্ৰায়ে আহা আৰু গুচি যোৱা
লগত লৈ আহা এজাক সুগন্ধি মলয়া ।
কিন্তু---তুমি যোৱাৰ পাছত
বেদনাৰ লহৰ তুলি মন গহনত
বৈ থাকে নীৰৱে যমুনা---
মনৰ নিজান কোণত মাথোঁ
বাজি থাকে ৰিণি ৰিণি
তোমাৰ বাঁহীৰ কৰুণ মূৰ্ছনা ।
লাগে এনেহে যেন
জন্ম জন্মান্তৰৰ পৰাই
তুমি মোৰ শ্যাম আৰু
মই তোমাৰ বিৰহিনী ৰাধা ।
📝 ডঃ কুঞ্জলতা গগৈ, ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ