অসমৰ আদিবাসী
চাহ জনগোষ্ঠী
নৱ অসমীয়া আমি
আহা নানা জাতি উপজাতি
পাতিম এইবেলি বিহুটি
মৰম চেনহ ৰং ধেমালি
ঐক্যতাৰ এনাজৰী বান্ধি
থাকো আমি মিলিজুলি ৷
বৃটিছে আনিলে ঠগি
ওখোৰা মোখোৰা সমান কৰি
পাতিলো চাহনি
দেহৰ তেজ পানী কৰি
সেইবাবে অসম হ'ল চহকী
বিশ্ব দৰবাৰত নাম উজ্জ্বলিল ৷
পাহৰি নিজৰ কলাকৃষ্টি
ল'লো আদৰি অসমৰ সংস্কৃতি
ভুপেন দাই কোৱাৰ দৰে
আছে বুলি মিছাতে
নকৰিবা গৌৰৱ তুমি ৷
সম মৰ্যাদা সম অধিকাৰ
আছে নৱ অসমীয়াৰ
নাৰাখিবা কোনো প্ৰকাৰ
নহ'লে বিশ্বই হাঁহিব
ৰাজহাড় নাইকিয়া বুলি ৷
কবি - দুলাল ৰবিদাস
নুমলীগড় গোলাঘাট ( অসম )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ