চাৰিডাল মমৰ কথোপকথন-অনিল বৰ্মন

   মই এটা কোঠাত চাৰিডাল মম জ্বলাই থৈছিলোঁ। মম কেইডালে নিজৰ মাজতে কথোপকথন কৰি আছিল। চাৰিওডাল মমবাতিয়ে মোক এনেদৰে চিনাকী কৰি দিলে যে প্ৰথম মমডালে ক'লে-"মোৰ নাম শান্তি।" কিন্তু মোক প্ৰথম মমবাতিয়ে ক'লে যে বৰ্তমানৰ বাস্তৱ পৃথিৱীখনত শান্তি বুলিবলৈ একোৱেই নাই। কেউফালে কেৱল অশান্তি , অসূয়া, কোলাহল, কত যে কিমান হুলস্থূল। গতিকে মই জ্বলি কি কৰিম। এই বুলি কৈ বেদনাত মমডাল নুমাই গ'ল।
      এইবাৰ দ্বিতীয় মমবাতিডালে মাত লগালে আৰু ক'লে -"মোৰ নাম বিশ্বাস।" দুৰ্ভাগ্যবশতঃ এতিয়াৰ পৰা বিশ্বাসৰ বিলুপ্তি ঘটিছে। অবিশ্বাসী আৰু বিশ্বাসঘাতক মানুহেৰে দুনীয়াখন ভৰি পৰিছে। গতিকে মই জ্বলি থকাটো উচিত নহয়, কথাষাৰ কৈয়েই দ্বিতীয় মমবাতিডালো নুমাই থাকিল। সঁচাকৈ মই অনুভৱ কৰিলোঁ যে বৰ্তমান যুগত নিজৰ ছাঁটোকো বিশ্বাস কৰিবলৈ টান হৈ পৰিল।
      দ্বিতীয় মমবাতিডালৰ পিছত তৃতীয় মমবাতিডালে মোক ক'লে যে-" মোৰ নাম ভালপোৱা।" কিন্তু এতিয়া মানুহৰ মাজত মিলাপ্ৰীতি তথা আত্মীয়-স্বজনেই হওক যান্ত্ৰিকতাই সকলোকে মৰম-ভালপোৱাৰ পৰা বিচ্ছিন্ন কৰিলে। ঘৃণা আৰু হিংসাইহে চৌপাশ আৱৰি ধৰিছে। তেনেস্থলত মই জ্বলি থকাটো উচিত হোৱা নাই। এই বুলি কৈ তৃতীয় মমবাতিডালো নুমাই থাকিল ।কোঠাটোত থকা তিনিওডাল মম নুমাই যোৱাৰ বাবে মোৰ অন্তৰত বৰ বেজাৰ লাগিল। দুচকুৰে কান্দি কান্দি থৰ পৰি গলোঁ তোমালোক কিয় নুমাই থাকিলা? তোমালোকতো বহু সময়লৈকে জ্বলি থকাৰ কথা আছিল। কিন্তু চতুৰ্থ মমবাতি তেতিয়াও জ্বলি আছিল। মোৰ মুখখনলৈ চাই আশ্বাস, প্ৰেৰণা তথা সাহসেৰে ক'লে -"হেৰা ভাইটি, মোৰ ফালে চোৱাচোন, চিনি পাইছানে মোক?মোৰ নাম আশা আৰু মই এতিয়াও জ্বলি আছোঁ দেখিছা। যেতিয়ালৈকে আশা জীয়াই থাকিব, তেতিয়ালৈকে শান্তি, বিশ্বাস আৰু ভালপোৱাও জীয়াই থাকিব। মোৰ সহায় লৈ তুমি নুমাই যোৱা মমকেইডাল পুনৰ জ্বলাই দিয়া যোৱা।" মমডালৰ কথা শুনি সঁচাকৈ মোৰ মনতো আনন্দত আত্মহাৰা হৈ পৰিল। এনেদৰে মই এডাল এডালকৈ তিনিওডাল মম পুনৰ জ্বলাই দিলোঁ। গতিকে এই চাৰিওডাল মমবাতিৰ কথোপকথনৰ জৰিয়তে এটা কথা স্পষ্ট যে আশা থাকিলে সপোন, সপোন থাকিলে বাস্তৱত জীয়াই থকাৰ দুৰ্বাৰ হেপাঁহ।


✍️অনিল বৰ্মন

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send