সপোনৰ সমাধি-মনি ডেকা

Rinku Rajowar
0
সপোনবোৰক সমাধিস্থ কৰি তাই ওলাই আহিল দৰিদ্ৰতাৰ কবলৰ পৰা ঘৰখনক বচাবলৈ। পিতৃহীন ঘৰখনত ৰুগীয়া মাতৃ আৰু সৰু ভায়েক দুজনক পোহ পাল দিবলৈকে প্লাৱিতাই এটি চাকৰিৰ সন্ধানত ঘৰৰ পৰা চহৰলৈ আহিল। তাতেই তাই লগ পালে কামিনী বাইদেউক।তাইৰ দুখৰ কথা শুনি কামিনী বাইদেউৱে তাইক ঘৰলৈ লৈ গ'ল। পিছদিনা বাইদেৱে টকা দুহেজাৰ দি ক'লে "লোৱা এইখিনি ঘৰলৈ পঠিয়াই দিয়া।মই তোমাৰ বাবে এটি চাকৰি যোগাৰ কৰিছোঁ ।টকা খিনি ঘৰলৈ পঠিয়াই ফোনত মাকক কলে"মা এজনী বৰ ভাল বাইদেউক লগ পাইছোঁ। তেখেতে মোক এটি চাকৰি যোগাৰ কৰি দিছে। তহঁতে চিন্তা নকৰিবি।টকা দুহেজাৰ পঠাইছোঁ তোৰ বাবে ঔষধ আৰু খোৱাৰ যোগাৰ আনিবি।।চাকৰিটো হ'ল যেতিয়া ভাইটিহঁতক পঢ়াব পাৰিম ।
○আবেলি কামিনী বাইদেউ আহি তাইক এঠাইত লৈ গ'ল।কলে তাই যিটো অফিচত চাকৰি পাইছে তাৰে চাৰ। কলিংবেল টিপাৰ লগে লগে মানুহ এজন আহি ভিতৰলৈ মাতি নি বহিবলৈ দিলে। অলপ পিছত এজন চল্লিছোৰ্ধৰ মানুহ আহি সিহঁতৰ সন্মুখৰ চকীখনত বহিল।কামিনীয়ে ক'লে নমস্কাৰ চাৰ এই জনী প্লাৱিতা ম‌ই যে কৈছিলো।প্লাৱিতাই নমস্কাৰ জনালে।
○"হ'ব হব বহা"
○"চাৰ আপুনি কথা পাতক মোৰ অকণমান কাম আছে কৰি আহো।" "বাৰু যোৱা"।
○তাই প্লাৱিতাক অকলে এৰি তাৰ পৰা গুছি গ'ল।প্লাৱিতাৰ কথাবোৰ ভাল নালাগিল যদিও চাকৰিটোৰ আশাত বহি ৰ'ল।মানুহজনে ক'লে..".ম‌ই অভিজিত চলিহা।আহা অলপ ভিতৰতে কথা পাতো।"
○যাওঁ নাযাওঁকৈ তাই পিছে পিছে গ'ল।
 মানুহ জনে ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে।
"চাৰ দুৱাৰখন কিয় বন্ধ কৰিছে?খোলক প্লিজ
মানুহ জনে আহি  সাৱটি ধৰি চুমা খাবলৈ ধৰিলে..প্লিজ চাৰ এৰি দিয়ক মোক এৰি দিয়ক
নহ'লে কামিনী বাইদেউক কৈ দিম মই।"
তোৰ কামিনী বাইদেৱে নগদ ৫০হাজাৰ টকাত তোক বেচি থৈ গ'ল।...."কি...মিছা কথা"
মিছা যদি ফোন কৰি চা চুইচ অফ পাবি।
তাই বাৰে বাৰে কল কৰিও নাপালে কামিনীক।
মানুহ ইমান নিৰ্দয় হ'ব পাৰেনে?নিমিষতে তাইৰ সপোনবোৰ শেষ হৈ গ'ল।
প্লিজ মোক যাবলৈ দিয়ক প্লিজ
"এই ছোৱালী যাবলৈ দিবলৈ ইমান টকা দিছোঁ তোৰ নামত হা?এই বুলি মানুহজনে তাইক চোঁচৰাই নি বিচনাত পেলাই লৈ  কাপোৰ খুলিবলৈ ল‌ওঁতেই
গাৰ সমস্ত শক্তিৰে গোৰ মাৰি মানুহ জনক বগৰাই দি প্ৰাণৰ মমতাত তাই দৌৰি পলাল তাৰ পৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)