এক বদনামী দাগ ধৰ্ষিতা | সুস্মিতা বড়া

দুপাখি মেলি মইয়ো উৰিব
বিচাৰোঁ
ডাৱৰ মইয়ো চুমিব
 বিচাৰোঁ,
কি জানা!
মোৰ দোষ নাই অ,
সেই যে পাষণ্ডহঁতে মই
 নিবিচৰাকৈয়ে
মোক ধৰি নিছিল অ,
হাত ভৰি বান্ধি লৈ 
মোৰ অৱশ হৈ যোৱা শৰীৰটো
সিহঁতৰ হাতত ভাগৰি পৰিছিল অ,
মোক ধৰ্ষণ কৰি ধৰ্ষিতা নাম
 দিলে। 

সেই যে দল সংগঠনবোৰে
 মোৰ হ'কে মাতিছিল,
দুদিনতে দেখোন সকলো মৌন হৈ পৰিল!
মই এজনী ধৰ্ষিতা
সমাজৰ বোজা
ঘৰৰ বোজা
মই বদনামী আজি।

মইয়ো সাঁচি ৰাখিছিলোঁ
আন ছোৱালীৰ দৰে 
মোৰ এই যৌৱন পুষ্ট দেহাটো 
মোৰ সপোন কোঁৱৰলৈ।
যিয়ে মাত্ৰ আৱিষ্কাৰ কৰিব
 মোৰ দেহৰ গোপন ৰহস্য!!
কিন্তু মোৰ এই সপোন পূৰণ
 হ'বলৈ ভগৱানে নিদিলে। কোনোবা পাষণ্ডই আহি 
মোৰ দেহা লুতি নি মোক শেষ
 কৰিলে।

মোক সমাজৰ পৰা সিহঁতে
 অকলশৰীয়া কৰিলে,
মোক ঘৰৰ মানুহৰ পৰা
 আঁতৰাই আনিলে।
দিলে মাত্ৰ এক বদনামী দাগ
 ধৰ্ষিতা।

মই এতিয়া বন্ধ কোঠাৰ
 চাৰিবেৰৰ মাজত আৱদ্ধ!
কিন্তু সিহঁতেটো এতিয়াও
 মুকলি আকাশৰ তলত
 বিচৰণ কৰি ফুৰিছে!
সিহঁতক জানো সমাজে দোষ
 দিছে!!
কেতিয়াও আৰু যেন এনেকৈ
 চেপি চেপি শেষ নকৰে ৰক্ত
 গোলাপ বোৰ।
কেতিয়াও যেন শেষ নকৰে
 ফুলিব খোজা সপোনবোৰ।
কিয় মোৰ সন্মান হেৰাল?
কিয় মই ধৰ্ষিতা হ'লো?
কিয় এই সমাজে পাষণ্ডহঁতক
সমাজৰ গৰিহণাৰ পাত্ৰ
 নকৰিলে?

 ✍🏻সুস্মিতা বড়া, নামতি

Post a Comment

Previous Post Next Post