সপোনৰ ৰাজ্য-চেমিমা চুলতানা

Rinku Rajowar
0
নামি অহা বৰষুণৰ 
টোপালৰ লগত লগ হৈ, 
মনতো উৰি যায় কেনিবা
সপোনৰ ৰাজ্যলৈ.... 
সপোনৰ কাৰেং গঢ়িবলৈ..... 

সাতোৰঙিন ৰামধেনুৰ পৰা
ৰংবোৰ আনিম বুটলি, 
ৰঙীন কৰিম এই জীৱন, 
ৰঙীন কৰিম সপোনৰ কাৰেং... 

চৰাইৰ ডেউকাত বহি
ভোমোৰাৰ সৈতে গান গাই.. 
পখিলাৰ সৈতে কথা পাতি... 
পামগৈ মোৰ সপোনৰ দেশ... 

বতাহ জাকে আনিব শান্তি 
ফুলবোৰে বিলাব সুবাস... 
বৰষুণজাকে জীৱনৰ সকলো দুখ মচি
সুখবোৰেৰে কৰিব জিপাল... 

নিজান ঠাইৰ ঘাঁহনিৰ 
সেউজীয়া দলিচাত বহিলে 
কোমল বতাহজাকে যেতিয়া 
স্পৰ্শ কৰে... 
তাৰ পৰশে দি যাব
প্ৰকৃতিৰ বতৰা....... 

               ✍️চেমিমা চুলতানা
                 মৰিগাঁও, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)