কৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰকাশত অৰ্জুন ভঞ্জন নাটক - মণিৰূপা মিশ্ৰ

©Admin
0
ভাগৱত পুৰাণৰ ওপৰত আধাৰিত অৰ্জুন ভঞ্জন নাটকখন মহাপুৰুষ মাধৱদেৱৰ প্ৰথম নাট । নাটকত মাধৱদেৱে শিশু কৃষ্ণৰ বিভিন্ন কাৰ্য কলাপৰ মাজেৰে দাঙি ধৰা দুষ্টালিৰ দ্বাৰা কৃষ্ণৰ অপাৰ মহিমা ব্যক্ত কৰিছে। মাধৱদেৱৰ সৃষ্টি ৰাজিৰ মূলতে আছিল কৃষ্ণৰ শ্ৰেষ্ঠত্ব দেখুওৱা। অৰ্জুন ভঞ্জন নাটকতো সেয়ে শিশু কৃষ্ণ আৰু মাতৃ যশোদাৰ মাজত বিৰোধ, যমলাৰ্জুন ভংগ আৰু শেষত নন্দ আৰু যশোদাৰ মাজত চলা বাক বিতণ্ডা এই তিনিটা স্তৰত ৰচনা কৰি প্ৰতিটো অংশতে পাকে প্ৰকাৰে কৃষ্ণৰ মাহাত্ম্য প্ৰকাশ কৰিছে।
   নাটকখনৰ কাহিনী ভাগ গাঁৱলীয়া পটভূমিত ৰচনা কৰা। যশোদা, কৃষ্ণ, নন্দ, ৰোহিনী, গোৱাল, গোৱালী, কুবেৰৰ পুত্ৰদ্বয় নল কুবেৰ আৰু মণিগ্ৰীব ইত্যাদি কেইবাটাও চৰিত্ৰৰ ইয়াত সমাবেশ ঘটিছে। কৃষ্ণ আৰু যশোদাৰ চৰিত্ৰই মুখ্য যদিও কাহিনীৰ অগ্ৰগতিত বাকী চৰিত্ৰ সমূহৰ যথেষ্ট ভূমিকা আছে ।
নাটকৰ আৰম্ভণিতে কৃষ্ণৰ মাতৃ যশোদাই ঘৰৰ গোপীসকলে দধি মথিলে ভাল নহয় বাবে তেওঁলোকক দধি মথিবলৈ নিদি নিজেই কামত লাগিছে। নাটকত কৈছে " তোৰাসব কৈচন দধি মথন কৰহ ? শুহি দধিক কলসে পুৰুৰক সমানে লবনু কৈছে নাহি পাৱত? তোৰাসৱক গাৱে কি বল নাহি?..." যশোদাৰ কথাখিনিৰ দ্বাৰা তেওঁক এগৰাকী সাধাৰণ গ্ৰাম্য মহিলা হিচাপে চিহ্নিত হৈছে। যশোদাই দধি মথি থাকোঁতে সমুখত খেলি থকা পুত্ৰ কৃষ্ণক চাই চাইও আনন্দ লভি আছে। লগে লগে কৃষ্ণৰ ৰূপ গুণৰ বৰ্ণনা কৰিব ধৰিছে। তেওঁ কৈছে " হে বাপু কৃষ্ণ , তুহো হামাৰি কোটি পুৰুষক পৰম দেৱতা, মাথাত মুকুট, শিৰত ভূষণ, গলাৰ সাতসৰী , কৰ্ণৰ কুণ্ডল, কৰৰ কংকন। আহে বাপু , তোহাৰি অৰুণ অধৰক বালাই লঞো।...." । যশোদাৰ ঐকান্তিক ভক্তিত সন্তুষ্ট হৈ কৃষ্ণই মনতে ভাবিলে " হামু পৰমেশ্বৰ, লক্ষ্মীৰ নায়ক, ইহাৰি গৃহে ভকতিক ব্শ্য হয় ৰহলছি। হামু জীৱক পৰম দুৰ্লভ।..." অথচ কৃষ্ণক পুত্ৰ হিচাপে পাইও যেন যশোদাই সাধাৰণ বস্তুৰ প্ৰতি লোভ সামৰিব নোৱাৰাত কৃষ্ণৰ খং উঠিছে । কৃষ্ণই কৈছে "... ভল , বস্তুক বাঞ্ছা নাহি টুটত। হামাৰা ভকতা গোপী সৱক কোপ কৰিয়ে লৱণু অধিক কৰিয়ে গোপীসবক দণ্ড কৰিতে অতয়ে শ্ৰম কৰিতে লাগল । ইহাক আজু লৱণু তুলিতে নাহি দেৱব। " তেওঁ যশোদা মাতৃৰ স্তন পান কৰিব বিচাৰিছে। দধি মথি থকা অৱস্থাতো যশোদাই কৃষ্ণক মৰমেৰে স্তন পান কৰাইছে। কিন্তু সেই সময়ত গোপী সকলে আহি যেতিয়া যশোদাক ক'লে যে চৌকাত থালী ভৰাই যি ক্ষীৰ উতলাই ৰখা হৈছে , সেইয়া পৰিবলৈ ধৰিছে আৰু তেওঁ সোনকালে আহিব লাগে। তেতিয়া যশোদাই কৃষ্ণক পিছত স্তন পান কৰিব দিব বুলি কোলাৰ পৰা নামিবলৈ দিলে। কৃষ্ণই কিন্তু নানামি আকোৰগো‍ঁজ হৈ থাকিল। শেষত যশোদাই খঙতে কৃষ্ণক থেকেচা মাৰি মাটিত নমাই ক্ষীৰ নমাবলৈ দৌৰি গ'ল। ইয়াতেই কৃষ্ণই খং কৰি পটা গুটি দলিয়াই মথনি দণ্ডৰ লগতে দধিৰ ভাণ্ড ভাঙি চুৰমাৰ কৰে আৰু বানৰৰ লগত নিজেও দধি ভোজন কৰিবলৈ ধৰে। মাক যশোদাই কৃষ্ণৰ এনে কাৰ্য কলাপ দেখি মাৰিবলৈ উদ্যত হওঁতে কৃষ্ণই আকৌ পলাই লৰ মাৰে। শেষত ধৰা পৰাত চকু পানী টুকি সহানুভূতি ল'ব বিচাৰে। এই কাৰ্যাৱলীৰ মাজেৰে কৃষ্ণক এটি সাধাৰণ শিশু ৰূপে দেখা পোৱা যায়। কৃষ্ণৰ দুষ্টালিৰ বাবে মাতৃ যশোদাই কৃষ্ণক উৰালত বান্ধিব খুজিছে কিন্তু বাৰে বাৰে দুই আঙুলি ৰচী কম হোৱা বাবে চেষ্টা কৰি কৰি ভাগৰি পৰিছে। শেষত কৃষ্ণই নিজেই বন্ধন মানি লোৱা বাবেহে কৃষ্ণক বন্ধাতো সম্ভৱ হ'ল। ৰচি ডাল বাৰে বাৰে চুটি হোৱা কাৰ্য্যই যশোদাৰ লগতে গোপী সকলকো আচম্বিত কৰি তুলিছে । এই ঘটনাৰ দ্বাৰা স্বৰূপাৰ্থত শ্ৰীকৃষ্ণৰ মাহাত্ম্যহে প্ৰকাশ পাইছে । নিজৰ পুত্ৰ কৃষ্ণতকৈ যশোদাই পাৰ্থিৱ বস্তুকহে বেছি প্ৰাধান্য দিছে। ধন জন পুত্ৰ মোহত বন্দী যশোদা। এই মায়া আৰু মোহৰ বাবেই দুখৰ জন্ম হয়। কৃষ্ণক বান্ধিব খোজাতোৰ দ্বাৰা আচলতে যশোদাৰ মমতা আৰু অহংকাৰ প্ৰকাশ পাইছে। দুই আঙুলি ৰচি চুটি কৰি থোৱা কথাটো কৃষ্ণৰ মাহাত্ম্যৰ স্বৰূপ লগতে যশোদাৰ অহংকাৰৰ ফল । কিন্তু ভগৱন্ত ভক্ত বৎসল। যশোদাই কৃষ্ণক পুত্ৰ ৰূপে পাইছে। সেয়ে মাতৃৰ দায়িত্বৰে কেতিয়াবা খং ৰাগ কৰিলেও যশোদাৰ সুখ দুখ কৃষ্ণৰ লগত বান্ধ খাই আছে। কৃষ্ণৰ প্ৰতি থকা প্ৰেম, মমতা, কৰুণা দায়বদ্ধতাই যশোদাক কৃষ্ণৰ সৈতে সংযোগ কৰি ৰাখিছে। সেইবাবে শেষত কৃষ্ণই নিজেই যশোদাৰ ৰচীত বান্ধ খাই গ'ল। ভগৱন্তৰ ঐশ্বৰিক শক্তি বা মাহাত্ম্যক উপলব্ধি কৰিবলৈ কৃষ্ণই মানৱ ৰূপেৰে বিভিন্ন ক্ৰিয়া কলাপৰ মাজেৰে নিজৰ শ্ৰেষ্ঠত্ব দেখুৱাইছে । এটা স্বাভাৱিক মানৱ শিশু ৰূপে মানুহৰ মাজত ডাঙৰ হোৱা কৃষ্ণক অইনৰ দৰে সকলোৱে ভাবে যদিও সময়ে সময়ে কৃষ্ণৰ বিস্ময় আৰু আশ্বৰ্য্যজনক কাৰ্য্য কলাপে সকলোকে আচৰিত কৰোৱায়। কৃষ্ণ এফালে পৰম পুৰুষ পৰমেশ্বৰ আন ফালে মানৱ। কৃষ্ণক উৰালত বান্ধি দিয়া বাবে যশোদাই বলোৰামৰ মাতৃ ৰোহিনী, গোপী সকলৰ পৰা নানান কথা শুনিব লগা হৈছে। ৰোহিনীয়ে কৈছে " ওহি মনুষ্য বালক নহি; প্ৰভাৱ দেখিয়ে হামু জানল, ওহি জগতক কাৰণ নাৰায়ণ।" ৰোহিনীৰ কথাৰ দ্বাৰা আচলতে কৃষ্ণৰ অলৌকিক আচৰণ প্ৰকাশ কৰিব বিচাৰিছে।
      উৰালত বন্ধনৰত অৱস্থাত কৃষ্ণই বাহিৰলৈ ওলাই আহে। নাৰদৰ অভিশাপত কুবেৰৰ দুই পুত্ৰ নলকুৱেৰ আৰু মণিগ্ৰীৱ যমলাৰ্জুন ৰূপে অভিশাপগ্ৰস্ত হৈ আছিল। কৃষ্ণৰ দ্বাৰাহে তেওঁলোক অভিশাপ মুক্ত হ'ব পাৰিব। কৃষ্ণই কুৱেৰ পুত্ৰদ্বয়ক মুক্ত কৰাৰ বাবে যমলাৰ্জুন গছ দুডালৰ মাজেৰে উৰালৰ সৈতে পাৰ হৈ আহি দুয়ো জোপা গছ বগৰাই পেলালে। প্ৰকাণ্ড শব্দ কৰি গছ দুডাল উভালি পৰিল আৰু তাৰ পৰা কুবেৰ পুত্ৰদ্বয় শাপ মুক্ত হৈ ওলাই আহিল । " জয় জয় কৃষ্ণ বোলি দণ্ডৱতে বাৰম্বাৰ পৰনাম" কৰি কুৱেৰ পুত্ৰদ্বয় অন্তৰ্ধান হয়। এই দৃশ্য প্ৰত্যক্ষ কৰি আছিল বাহিৰত খেলি থকা কৃষ্ণৰ লগৰীয়াবোৰে। প্ৰকাণ্ড গছ দুজোপা বতাহ বৰষুণ নোহোৱা সত্বেও ভাঙি পৰাত পিতৃ নন্দৰ লগতে সকলোৱে আচৰিত হৈছে। গোৱাল বালক সকলে আশ্চৰ্য প্ৰকাশ কৰি কৈছে " ওহি কি অদভুত , বাত নাহি , বৃষ্টি নাহি , নিৰ্ঘাত বজ্ৰপাত নাহি , হস্তীসৱক বিক্ৰান্ত দোষ নাহি , অতয়ে বালক বৃক্ষ কৈচন উভালি পৰল? " নন্দই কৃষ্ণক সুৰক্ষিত হয় থকা দেখি স্বস্তি বোধ কৰিলেও কণমানি শিশুটিক এনেকুৱা শাস্তি দিয়া বাবে যশোদাক গালি পাৰিবলৈ ধৰিলে যে গভাইড চুৰকো তেনে শাস্তি নিদিয়ে। ক'ত তপস্যাৰ ফলত কৃষ্ণক বৃদ্ধ বয়সত পুত্ৰ হিচাপে পাইছে, অথচ সেই প্ৰাণৰ পুত্ৰক গৰুৰ পঘাৰে বান্ধিছে । নন্দই কৈছে " তুহু কি নিমিত্তে মানুষী ভেলিহ্ল ৰাক্ষসতো ধিক।" নন্দৰ কথাত যশোদাই আকৌ নন্দৰ লগত বাক যুদ্ধত লিপ্ত হয়। তাতেই নাটকৰ পৰিসমাপ্তি ঘটিছে।
                 মাধৱদেৱে অৰ্জুন ভঞ্জন নাটকখনত যশোদা আৰু নন্দকে আদি কৰি বিভিন্ন চৰিত্ৰৰ দ্বাৰা কৃষ্ণৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিছে। কৃষ্ণক বন্ধন কৰ্মই ভক্তিৰ শ্ৰেষ্ঠত্ব নিৰুপন কৰে। এই ভগৱত প্ৰেমে ঈশ্বৰ বন্ধন আৰু জীৱৰ মুক্তি সূচনা কৰে। গতিকে দেখা যায় নাটকখনত বিভিন্ন ঘটনাৰ দ্বাৰা কৃষ্ণৰ মাহাত্ম্যৰ লগতে কৃষ্ণ ভক্তিৰ স্বৰূপ সুন্দৰকৈ ব্যক্ত হৈছে।
               
✍️মণিৰূপা মিশ্ৰ
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকন'লজি, আজাৰা
গুৱাহাটী-১৭
ফোন নং- ৮৬৩৮৬৮৪৮৯১

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)