কিন্নাৰ (হিজৰা)ৰ প্ৰতি সমাজৰ চিন্তাধাৰা-আব্দুল কাদেৰ মিঞা

©Admin
0
কৰ্মময় জীৱনত আমি আপুনি জীৱিকাৰ বাবে নানা কামত ব্যস্ত থাকোঁ। বৰ্তমান আধুনিক সমাজৰ  কিছু সংখ্যক মানুহে ইমান ব্যস্ততাৰ মাজত জীৱন নিৰ্বাহ কৰি আছে যে কেতিয়াবা নিজৰ কাষতে ঘটি যোৱা ডাঙৰ দূৰ্ঘটনাৰ  দৃশ্য এটা  ভালকৈ প্ৰত্যক্ষ কৰাৰ সময়  নাথাকে। মোৰ দোকানত বহু গ্ৰাহকৰ মাজৰ পৰা কাষৰ দোকানখত  এগৰাকী মহিলাক প্ৰত্যক্ষ কৰিলো সময়  তেতিয়া  ১২.৩০ মিনিট, দুপৰীয়া খোৱাৰ সময় , এনেতে ৪/৫ জন গ্ৰাহকে কিবা কিবি লৈ আছে। আৰু মই  এওঁলোকৰ লগত  কথা পাতি আছোঁ। কিন্তু মনৰ পৰা গ্ৰাহকৰ প্ৰতি কোনো ভাল আকৰ্ষন নাই। খুদাৰ্থ পেটৰ ওচৰত যেন মানুহৰ অমিয়া মাতেও কোনো আকৰ্ষণ আনিব নোৱাৰে। মোৰ এতিয়া দোকান বন্ধ কৰাৰ সময় । দুপৰীয়া  ১২ বজাত  দোকান বন্ধ কৰি ঘৰত গৈ খাই-বৈ আকৌ দোকানত আহিব লাগিব বুলি ভাবি থাকোতেই ১২.৩০ মিনিট হৈ গল, তাতে আকৌ গ্ৰাহকৰ ভিৰ। মই গ্ৰাহকৰ পিনে মনোযোগেৰে দৃষ্টি আকৰ্ষণ কৰি কথা পাতি থাকোতেই সেই গৰাকী মহিলাৰ পিনে ভালকৈ দৃষ্টি গোচৰ হ’ল। বয়স অনুমান ৩০/৩৫ বছৰীয়া যেন অনুভৱ হ'ল। দেখাত ধুনীয়া মুখৰ কণ্ঠও ভাল। এনেতে ভালকৈ প্ৰত্যক্ষ কৰি চালো তাই এজনী কিন্নাৰ (হিজৰা)। মোৰ ওচৰত আহি হাত চাপৰি দিয়াৰ শব্দ শুনা নাছিলোঁ। দাদা বুলি কওঁতেই ১০ টকীয়া নোট এটা তৎক্ষনাত উলিয়াই দিলো আৰু সৃষ্টিকৰ্তাক মনে মনে ধন্যবাদ দিলো, পৃথিৱীত  ইমান মোহনীয়তাৰ  সৃষ্টি কৰিও কিছু সংখ্যক মানুহৰ অন্তৰত কিমান বেদনাৰ সাগৰৰ সৃষ্টি কৰি ৰাখিছে। সম্পূৰ্ণ মানৱ দেহ থকা সত্বেও আজি সমাজৰ ওচৰত হাত পাতিব লগা হয়।  মোৰ দোকানৰ মহিলা গ্ৰাহক এজনীয়ে প্ৰশ্ন কৰিলে, -কিহৰ চান্দা লৈ আছে মহিলা জনীয়ে, মোৰ ওচৰত যেন তেওঁৰ প্ৰশ্নৰ উত্তৰ প্ৰশ্ন হৈয়ে ৰৈ গ’ল। মুখৰ পৰা একো শব্দ ফুটি নুঠিল। তেতিয়া কাষত থকা আন এজনী মহিলাই তৎক্ষনাত উচ্চ সুৰে কৈ দিলে এইটো হিজৰা (কিন্নাৰ) হয়, কথাটো কোৱাত যেন কোনো কুন্ঠা বোধ নকৰিলে আৰু ক’লে ইহতঁৰ এটা গ্ৰুপ আছে আজি কিয়বা   অকলে আহিছে। মই মহিলা জনীৰ মুখৰ পিনে ভালকৈ দৃষ্টি নিক্ষেপ কৰি আছিলোঁ আৰু তেওঁৰ অন্তৰত থকা কিন্নাৰ (হিজৰা)ৰ প্ৰতি মানৱীয়তা কিমান তাকে জনাৰ প্ৰয়াস কৰিছিলোঁ। কিন্নাৰ (হিজৰা) জনীৰ বিষয়ে তাইৰ অন্তৰত কিমান মৰম চেনেহ আছে তাকে জনাৰ কাৰণে ইচ্ছুক হৈ থমকি আছিলোঁ কিন্তু মোৰ হৃদয়ত মহিলাজনীয়ে কঠোৰভাৱে আঘাত হানি কিন্নাৰ(হিজৰা) জনীৰ প্ৰতি থকা অমানৱীয়তাৰ আচৰণ দেখাই দিলে। সাধাৰণতে আমি মহিলা এজনীক যিদৰে প্ৰত্যক্ষ কৰোঁ কিন্নাৰ (হিজৰা)ৰ ক্ষেত্ৰত যেন প্ৰতিজন মানুহৰ ভিন্ন ৰূপ দেখিৱলৈ পোৱা যায়। বৰ্তমান সময়ত প্ৰকৃত কিন্নাৰ (হিজৰা) দুষ্ট চক্ৰৰ দ্বাৰা লাঞ্চিত হ’ব লগা হৈছে। কিন্নাৰ (হিজৰা)ৰ ৰূপ ধাৰণ কৰি নিজৰ মোনাফা অৰ্জন কৰি কিন্নাৰ (হিজৰা) সমাজক কিছু দুষ্ট চক্ৰই বদনাম কৰি আছে আৰু সাধাৰণ মানুহৰ মাজত কিন্নাৰ (হিজৰা)ৰ প্ৰতি হিংসাৰ বৃক্ষ ৰোপন কৰি সমাজৰ কিছু সচেতন মানুহে সাধাৰণ জনতাৰ মাজত ভয়ৰ প্ৰভাৱ বিস্তাৰ কৰি আছে। বিভিন্ন ঠাইত সংগঠিত হোৱা ভুৱা কিন্নাৰ (হিজৰা)ৰ বাতৰি বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ কৰি মানুহৰ মাজত আতংকৰ সৃষ্টি কৰি ৰাখিছে আৰু প্ৰকৃত কিন্নাৰ (হিজৰা)ৰ মনত বৰকৈ আঘাত হানি আছে। আমি শিক্ষিত সমাজৰ মানুহ হৈ মানৱ জাতিকে যেন বিভক্ত কৰি আছোঁ। এয়া আমাৰ মানৱ জীৱনৰ কৰ্মফল নে আমি শিক্ষিত হৈয়ো উপযুক্ত শিক্ষাৰ অভাৱত আছোঁ। আজি আমি কিন্নাৰ (হিজৰা)ক বন্ধুত্বৰ হাত মেলি দিবলৈ কষ্ট অনুভৱ কৰোঁ, পাহৰি যাও সিহঁতৰ জীৱন যাত্ৰাৰ কথা। নিজকে আঁতৰাই ৰাখো প্ৰতিজন কিন্নাৰ (হিজৰা)ৰ জীৱনৰ আঁৰত থকা কষ্টৰ কথা। এবাৰো অনুভৱ নকৰো আমাৰ পৰিয়ালত যদি জন্ম লয় এটা কিন্নাৰ (হিজৰা) সন্তান, তেতিয়া থাকিব নে তেনে ক্ষমতা? তেতিয়া সমাজে আমাক আকোৱালী ধৰিব, তোমাৰ সন্তান কিন্নাৰ (হিজৰা) তেতিয়া তুমি নিজকে কিমান অসহায় আৰু দুৰ্বল বুলি অনুভৱ কৰিবা।
কাষত থকা দোকান কেইখনৰ পৰা Collection (চান্দা) কৰি ৰাস্তাৰ কাষত থকা শাক-পাচলিৰ দোকানী এজনৰ কাষত গৈ হাত চাপৰি দি ক’লে - “এ হিৰ’ দহ টকা এটা দিয়া”, দোকানীয়ে ক’লে 
-কিহৰ কাৰণে দহ টকা দিম আপোনাক?
 তেতিয়া কিন্নাৰে (হিজৰা) ক’লে
 - “মই তোমাৰ Wife (পত্নী) হওঁ দিবই লাগিব”।
 দোকানীয়ে ক’লে
- মোৰ ওচৰত দহ টকা নাই।
 কিন্নাৰ (হিজৰা) জনীয়ে ক’লে
- বিশ টকা দিয়া মই দহ টকা ঘুৰাই দি আছোঁ।
 কোনো উপায় নাপাই দোকানীয়ে বহু কষ্ট অনুভৱ কৰি দহ টকা দি দিলে। এনেকৈ বহু লোকৰ বহু ভাষ্য শুনি Collection (চান্দা) কৰি আছে আৰু আমাৰ সভ্য সমাজৰ প্ৰতি জন মানুহে কিবা নহয় কিবা মনোভাৱ লৈ তেওঁৰ বিষয়ে বহুতো মন্তব্য প্ৰকাশ কৰি নিজৰ মাজত আনন্দৰ খোৰাক জগাই আছে। 
ইয়াত মই কিন্নাৰ (হিজৰা)ৰ প্ৰতি থকা ভাল মনেভাৱৰ ব্যক্তি এজনো প্ৰত্যক্ষ কৰিব পৰা নাই। আজিও কিছু সংখ্যক ব্যক্তিয়ে কিন্নাৰ (হিজৰা) দেখিলে অমঙ্গল বুলি অনুভৱ কৰে, আমাৰ এই ধাৰণা কেতিয়া নাইকিয়া হ’ব, আমি বিজ্ঞান প্ৰযুক্তিৰ সময়তো অন্ধবিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰোঁ। এয়া আমাৰ ভূল ধাৰণা আমি এতিয়াও সজাগ হ’ব পাৰো, সময়ৰ সোঁতত নিজকে পৰিবৰ্তন কৰি, পৰিয়াল, সমাজ আৰু দেশক উন্নতিৰ দিশত আগুৱাই লৈ যোৱাটো প্ৰতিজন মানুহৰ কৰ্তব্য, আৰু এয়া নিৰ্ভৰ কৰিব সমাজৰ প্ৰতিজন সতেচন ব্যক্তিৰ ওপৰত। সৃষ্টি হ’ব সমাজত মানৱীয়তাৰ এক বিশাল শান্তিৰ বাৰ্তা। 
হঠাৎ এখন দোকানৰ ওচৰত বহু মানুহৰ সমাগম দেখি ভাৱিলো হয়তো কাৰোবাৰ মাজত কাজিয়াৰ সূত্ৰপাত হ’ল নেকি? তেনেতে দেখিলো কিন্নাৰ (হিজৰা) জনীয়ে টকা বিচৰাত দোকানীয়ে নিদিও বুলি কওঁতেই কিন্নাৰ জনীয়ে কাপোৰ উঠাই দোকানীক গুপ্তাংগ দেখুৱাৰ ফলত এক কাজিয়াৰ সূত্ৰপাত হয় আৰু যি মুখত আহে তাকে ক’বলৈ আৰম্ভ কৰিলে। কিন্নাৰ (হিজৰা) আৰু দোকানীয়ে এটা বেয়া পৰিবেশৰ সৃষ্টি কৰিলে আৰু ওচৰে পাজৰে থকা মানুহে এটা এটা মন্তব্য প্ৰকাশ কৰি আনন্দ অনুভৱ কৰি আছে। এয়া আমাৰ সভ্য সমাজৰ অসভ্য মানুহ । এজনে কাজিয়াৰ সৃষ্টি কৰিব আৰু দহজনে ইয়াৰ সমাধানৰ বাট মুকলি নকৰি কাজিয়া কৰা জনৰ সঙ্গ দিব। আমি জীৱশ্ৰেষ্ঠ মানুহ হৈয়ো যেন মানুহক সহায়ৰ হাত মেলি দিবলৈ কষ্ট অনুভৱ কৰোঁ। এয়া আমাৰ ব্যক্তিগত স্বভাৱ নে পূৰ্ব পূৰুষৰ পৰা পোৱা  পৈতৃক সম্পতি। আজি আমি সমাজৰ পৰা বিভিন্ন সম্প্ৰদায়ৰ মানুহক আমাৰ পৰা আতঁৰাই ৰাখিছোঁ। হিংসাৰ বীজ ৰোপণ কৰি ডাঙৰ ডাঙৰ হিংসাত্মক বৃক্ষৰ গৰাকী হৈ সমাজৰ কিছু দুৰ্বল সম্প্ৰদায়ৰ মানুহৰ কথা পাহৰি গৈছোঁ। আজি আমি সময়ৰ সোঁতত কোটি-পতি হৈ নিজৰ বিবেকক টকাৰ ওচৰত বিক্ৰি কৰিছোঁ কিন্তু সময় কাৰো স্থায়ী সম্পতি নহয় ইয়াৰ গতিবেগ ইমাল দ্ৰুত গতিত চলি আছে আমি কেতিয়াও অনুভৱ কৰিব নোৱাৰিম। সময়ৰ ব্যৱধানত আমি কোটিপতিৰ পৰা বাটৰ ভিখাৰী হ’ব পাৰোঁ। আমাৰ সৌন্দৰ্য্যময়  শৰীৰ এদিন শুকান মাছত পৰিণত হ’ব ।তথাপিও এবাৰো অনুভৱ নকৰোঁ বাস্তৱ জীৱনত কিমান অমানৱীয় কৰ্মত নিজকে লিপ্ত কৰি ৰাখিছো। ৰাতিপুৱা বিচনাৰ পৰা আৰম্ভ কৰি আকৌ ৰাতি টোপনি যোৱালৈকে আমাৰ জীৱন বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে তথাপিও যেন আমাৰ চিন্তাধাৰা বিজ্ঞানৰ পৰা আঁতৰি আছে। ভৰি পৰিছে জীৱনত অতিতৰ কু-সংস্কাৰ গঢ় লৈ উঠিছে সাম্প্ৰদায়িক চিন্তাধাৰা। 
যিটো সময়ত দেশৰ চৰকাৰে প্ৰতিটো সম্প্ৰদায়ৰ মানুহক নিজৰ নিজৰ অধিকাৰ আইনগতভাৱে ভাৰতীয় সংবিধানত সুকীয়া স্থান দিব পাৰে আমি কিয় মানৱ সমাজৰ প্ৰতিজন সম্প্ৰদায়ৰ মানুহক আকোঁৱালী লব নোৱাৰিম। জীৱশ্ৰেষ্ঠ প্ৰতিজন মানুহৰ চিন্তাধাৰা কেতিয়াও কাৰো চিন্তাধাৰাৰ লগত সংলগ্ন নহবও পাৰে।তাৰ কাৰণে এজন বেলেগ সম্প্ৰদায়ৰ মানুহৰ অনুভূতিক আঘাত দিয়াৰ আমাৰ কোনো অধিকাৰ নাই। সৃষ্টি কৰ্তাই বনোৱা প্ৰতিটো জীৱ-জন্তুৰ প্ৰতি সম  ভালপোৱা হ’ল মানৱ জাতিৰ শ্ৰেষ্ঠ ধৰ্ম। ইয়াত কিন্নাৰ বুলি কোনো কথা নাই। এজন কিন্নাৰক যদি ভগৱানে সৃষ্টি কৰিছে, ঠিক আমাৰ নিচিনা  মানুহকো  ভগৱানেই সৃষ্টি কৰিছে। 
নিজৰ চিন্তাধাৰা সলনি  কৰি সকলো সম্প্ৰদায়ৰ  মানুহক আকোঁৱালি এখন সুন্দৰ সমাজ  গঠন কৰা প্ৰতিজন   নাগৰিকৰ কৰ্তব্য।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)