সৰ্বোত্তম শ্রেষ্ঠ-আসাদ মদনী

Rinku Rajowar
0
মাৰ পৰা শৈশৱত শিক্ষা
জন্মৰ পিছতেই আৰম্ভ, 
মাৰ পিছত শিক্ষক হ'ল
চৈতন্যৰ এক আদৰ্শ। 
এটা জাতিৰ মেৰুদণ্ড
প্ৰতিভাৰ ৰক্ষক
এক আদৰ্শৱান শিক্ষক।
যি শিক্ষক আদৰ্শৰে
শিক্ষা বিলাইছিল জীৱন জুৰি
তেখেত সকলক দেখিলেই মই
শ্ৰদ্ধাত যাওঁ শিৰ নত কৰি । 
শিক্ষক সমাজ ন্যস্ত থাকে
পোহৰ বিলোৱাৰ ধ্যানে 
সন্মান কৰিলে গুৰুজনাক 
কৃতকার্য্যতা আহে। 
শিক্ষক হ'ল শ্ৰদ্ধাৰ পাত্ৰ
শিক্ষাৰ অতি সুজনত্ব
শিক্ষকেই গঢ়ি তুলে 
মানৱ জাতিৰ কল্যাণ...!
ৰচনা কাল ০৩/০৯/২০২১

◾আসাদ মদনী
নাগাবন্দা (নগাঁও)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)