নৰা চিগা আঘোণৰ পথাৰৰ কেঁকুৰিত ,
ছাঁ-পোহৰৰ মাজত তোমাক দেখা...
এতিয়া -
তুমি যে মোৰ ঠিকনা কবিতাৰ !
সৃষ্টিৰ তাড়নাৰে পৰশিম যেন
এচাটি ফাগুনী মলয়া হৈ...
প্ৰেমাকুল দলিচাৰে
দেৱদুৰ্ল্লভ খোজেৰে
আহানা--
ৰুণজুন নূপুৰ বজাই !
কবিতাৰ ছন্দেৰে হৃদয় কাৰেঙত
যাপন কৰিম মধুযামিনী ৰজনী,
আহানা, আহানা তুমি
শীতৰ সেমেকা ৰাতি
তড়িৎ উষ্ম উন্মাদনাৰে
পলাশৰ ৰঙেৰে সজাবলৈ !
আলফুলীয়া সপোনৰ শাৰী !!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ