কলহংসৰ দৰে শান্ত গুঞ্জৰিত শৱদৰ কল্লোলিত
কবিতাৰ আমৃত্যু প্ৰেমিক
তুমি নীল নক্ষত্ৰৰ দীপ্তি
পূবে উদয় হোৱা দিনমণিৰ দৰে তোমাৰ নয়নদ্বয়ৰ ৰং
সুতীব্ৰ, নীৰৱ আৰু গাম্ভীয্যপূৰ্ণ (!)
তোমাৰ এমোকোৰা হাঁহি বুটলিবলৈ বুলি
কবিতাৰ ববচা বনত বিচৰণ কৰিছোঁ
নেপথ্যৰ কাহিনীৰ দৰে...
তুমিয়েই দেখিলা সুৰৰ স্বৰলিপি
বাঙ্ময় কবিতাৰ আমৃত্যু সৃষ্টি
তুমিয়েইটো দেখিলা বুঢ়ালুইতৰ বুকুত
শুই পৰা বেলিৰ সূৰ্যাস্ত
তুমিয়েইটো দিলা
গোলাপী জামুৰ লগ্নৰ সংজ্ঞা (!)
তুমি কৌটি সূৰ্য্যৰ দেশৰ প্ৰহৰী
অতন্দ্ৰা তৰঙ্গিনীৰ নীৰৱ চিৰঞ্জীৱ হেমন্তৰ পক্ষী
তুমি ৰাতি গলি গলি
নিজৰি নিজৰি বোৱা
এখন নীল কাব্যৰ নদী ;
বৰ্ণময় সৌৰভৰ স্বৰ্ণিল পৰিক্ৰমা
জোন গলা এটা ৰাতিৰ অবিশ্ৰান্ত দূৰন্ত গতিৰ পাছত
অৰ্ক মলিন হ’ল
নৈৰ মৰণান্তিক মৰাসুঁতিৰ এখন ৰাজ্যৰ ৰাজপাট
ভোগ কৰিবলৈ বৈ গলা তুমি (!)
তুমি মোৰ স্বপ্নৰ প্ৰভাকৰৰ মানুহ
নীলা ব্যোমৰ দৰে উদ্বেলিত নীলা আস্তৰণ
সেইদিনা , হৃদয় ভগা ৰাতিৰ মাজত তুমি
দেখিছিলা হেনো গোলাপী জামুৰ লগ্ন
নিশিৰ বৈভৱৰ স্পন্দনত শুনিছিলা হেনো
নিৰ্য্যাসিত হংসধ্বনি (!)
মই এতিয়া শুনিছোঁ মাথোঁ
নিনাদিত নিৰ্জনতা
তিলফুলৰ মালিতা,
অন্তহীন সাধনাৰ পথিক তুমি
এটা গুঞ্জৰিত নীলশংখ (!)
হে কাব্যভীষ্ম,
তুমিয়েইটো দেখিলা লুইতৰ বুকুৰ পাতি–সোণাৰুৰ বেলি
ফুলি উঠিলা উদিত সূৰুযৰ বুকুত হৈ
খৰিকাজাইৰ নিৰ্মল হাঁহি
নিঃসৃত নীলশঙ্খৰ ধ্বনি
✍️সুশান্ত দাস, শিৱসাগৰ।।
যোগাযোগ: ৯১২৭২৪৭৫১৯
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ