এটি কথা কবিতা-জিতেন চেতিয়া

©Admin
0
পোহৰৰ গান গোৱা মানুহজনক লগ পালো
এটি মোহময় সন্ধিয়া
জনহীন আলিদোমোজাত ,,, 
তেওঁ ৰৈ আছিল
সুখৰ মধুছন্দা হৈ
তেওঁ কান্ধত সদায় থকাৰ দৰে সেইদিনাও আছিল
এভাৰ মেটমৰা প্ৰেমৰ ধান
চৌপাশে বিয়পিছিল হেপাঁহৰ এজাক আদিম ৰহস্য গোন্ধ
তেওঁ কাষে কাষে এজাক জোনাকী পৰুৱাৰ
শোভিত নৈশিক কান্তি
আকাশত পূৰ্ণজোনৰ চন্দ্ৰাৱলী ৰাতিৰ মিতিৰালী

মই কলো
গধূলিটো বৰ আমেজ সনা
ক্ষণিকতে পৰাজয় কৰিব পাৰে নৈৰাশ্য ভাৱনা……

কোন তুমি………
তেওঁ সুধিলে
পোহৰ সন্ধানী মানুহ ,, 
মই কলো
তেওঁৰ দুচকুত জিলিকি উঠিল মানুহৰ আত্মপাঠৰ জিজ্ঞাসা
মই ভৱা নাছিলো……

কি ?

মানুহে সচাঁ পোহৰৰ মাদকতা উপভোগ কৰিব জানে বুলি 
বৰ আচৰিত নহয়নে মানুহৰ প্ৰজাতি

হয় ! 
মানুহ নৰোত্তম
মানুহে মানুহৰ বৰ্ণনা কৰে সমবেত পথাৰত
প্ৰাৰ্থনা কৰে শতিকাজোৰা নিৰ্মম ইতিহাস পাহৰিবলৈ
মানুহৰ স্পৰ্শতেই জুপুৰি ঘৰবোৰ বৰ্নিল ৰূপত সলনি হয় 
জীৱনৰ উশাহ

তুমি জানানে ……
মানুহবোৰ সলনি হৈছে
সলনি হৈছে পৃথিৱী সলনি হৈছে প্ৰেমিক হাতৰ ৰং

সেইয়া মোৰ বিচাৰ্য বিষয় নেকি
হব পাৰে 
তথাপিও কওঁ
মানুহ কেতিয়াও শিল হ'ব নোৱাৰে
মানুহক সুখী কৰা দুৰন্ত তাগিদা মই বিচাৰি ফুৰিছোঁ
ফুল তৰা গান আৰু নিৰ্মল জোনাক
 
অ…হ …
হঠাৎ মধুৰ আলিংগনেৰে আৱদ্ধ কৰি
তেওঁ জালিকতা হাতখনেৰে গুজি দিলে মোৰ হাতত
এমুঠি প্ৰেমৰ ধান

কি আচৰিত……
মোৰ হাতত ক্ৰমে ঠন ধৰি গজি উঠিছে
সেই প্ৰেমৰ ধানবোৰ ………… ।

          ⭕জিতেন চেতিয়া ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)