সেউজীয়া সুৱাসৰ মিঠা এটি হাঁহি-কল্পনা বৰা

©Admin
0
কেতিয়াবা বাৰু জোনাক নিশা মায়াসনা আকাশখন
মুগ্ধ হৈ একেথৰে চাই ৰৈছেনে আপুনি?
হেৰাই চাওঁচোন মৌনতাৰ মাজত হেৰুৱাই নিজক
তৰাভৰা বিশাল আকাশৰ প্ৰেমত ডুবি।
আকাশৰ জোনবায়ে হাঁহি মাৰি ৰিঙিয়াই মাতে..
নুবুজো সেই হাঁহিৰ অৰ্থ !
আছে জানো হাঁহিটিত লুকাই মনৰ সজীৱতা ?
নে আছে গোপনে বিষাদৰ গাঁথা ! কৰুণ যন্ত্ৰনা ? 

সমীৰে আহি চুই যায়....
স্পৰ্শ কৰি মন..;
দেহত তুলি যায় শান্তিৰ এক শিহৰণ।
মেঘালী চুলিটাৰিও ঢৌ হৈ বতাহত নাচে..
হালে জালে বতাহৰ লহৰৰ তালে তালে ।
পৱনে বা কঢ়িয়াই আনিছে কিহৰে বতৰা !
উল্লাসৰ বিজয়ধ্বনি নে দুখৰ ছায়া ?

দূৰৰ পৰা জুমি জুমি চাওঁ..
দেখা পাওঁ সেউজীয়া পাহাৰখনি বৰ মোহময়ী ;
প্ৰেমৰ ৰঙীন আৱিৰে আঁকি যায় এবুকু ভালপোৱা...
দেহত জগায় যায় এক নিৰ্মল প্ৰশান্ত শান্তিৰ কঁপনি।

আকাশৰ নীলাবোৰ যদি মোৰ হ'লহেঁতেন
ধৰি ৰাখিলোহেঁতেন দুহাতে আকোঁৱালি,
সিঁচি দিলোহেঁতেন আপোনাৰ দুচকুত 
প্ৰেমৰ সাক্ষী গভীৰ নীলাখিনি ।
সমুদ্ৰৰ গভীৰতাখিনি যদি মোক দিয়ে 
আলফুলে হৃদয়ত সযতনে ৰাখিম; 
নিঃস্বাৰ্থ প্ৰেমৰ মালাধাৰী গুঠি 
আগুৱাই দিয়ক আলফুলে দুহাতেৰে..
দুচকুৰে সুখৰ চকুলো বোৱাই
প্ৰীতিস্নেহ , মৰমেৰে দুহাত পাতিম ।

                 ✍️ কল্পনা বৰা, গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)