মাতাল প্ৰেমিক মই-আলতাব হুছেইন

©Admin
0
ফাগুন অহা বাটেৰে 

পলাশ মদাৰৰ দৰে তেজৰঙী সাজ পিন্ধি 

মায়াসনা কুমলীয়া ওঁঠৰ ফাঁকেৰে

 মৌ-মিঠা হাঁহি মাৰি

তুমি আহিছিলা এদিন 

আধৰুৱা জীৱন বাটৰ সংগী হৈ !



তোমাৰ আগমনত বলিছে

মোৰ জীৱন বাটৰ চৌদিশে

ফাগুনৰ পছোৱা বতাহ 

সুগন্ধি সুবাসত আমোলমোল হৈ পৰিছে

আধৰুৱা জীৱন বাট ! 



যৌৱনৰ উন্মাদনাত

দেহ মন জ্বলি ছাই হোৱাৰ সময়

তোমাৰ দৰে এজনী সংগী পাই

 আজি হৈ পৰিছোঁ

মাতাল প্ৰেমিক মই !



চন্দ্ৰ নহ'লে যেনেকুৱা 

ৰাতিৰ আকাশ অস্তিত্ব বিহীন 

তুমি অবিহনে 

মোৰ জীৱন বাটৰ পথিক নাই !



মই ৰাগীয়াল দ্ৰৱ্য সেৱনৰ 

মাতাল প্ৰেমিক নহয় 

তোমাৰ এমুঠি প্ৰেম ভালপোৱাৰ 

মাতাল প্ৰেমিক মই !

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)