আন্ধাৰৰ আঁচল ফালি যেতিয়া গভীৰ অমানিশা নামি আহে,হয়তাে তেতিয়াই জীৱনে আলােকসন্ধানী এটি পথ বিছাৰি উকা পৃষ্ঠাবােৰ পূৰণ কৰে।
হাজাৰ হাজাৰ কোলাহলে
টুপনিত যেতিয়া ঘূমতি মাৰে
কাব্যপ্ৰেমিক কলমে তেতিয়া তােমাৰ শব্দ নিগৰাবলৈ
পথভ্ৰস্ত পথিকক ধুই নিকা কৰে।
কিন্তু তেতিয়াও যে বিশৃংখল এই অমানিশাৰ প্ৰতিতাে মূহূৰ্ত ।
মাজে মাজে কোলাহল গছৰ খুৰুঙত, বাঁহৰ জুপুৰিত জিৰনি লােৱা নিস্বাসৰ বিশ্বাসী প্ৰেমিক চৰাই জাক।
শব্দৰ শিল-শিলনি, ভাষাৰ যে অতুলনীয় ।
পােহৰৰ সন্ধানত দাকুৱাৰ চিয়ৰ সময়াে যে নাযায় নুপুৱাই দীঘলীয়া বাটৰ।
নিৰিবিলি জােনাকৰ অগা-দুৱা
হৃদয়ৰ অনুবাদ প্ৰতিতাে ক্ষণত,
আন্ধাৰৰ প্ৰতিতাে গলিৰে নিগৰি নিগৰি সৰকি যোৱা জোনাকী পৰুৱাৰ এয়াই সম্ভৱত অপেক্ষা পােহৰ।
✍️ৰঙিলী লইং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ