অনামি প্ৰেমিকা-অনন্ত কুমাৰ ভূঞা

0
অনামি প্ৰেমিকা
নতুন চহৰত তোমাৰ প্ৰেমত পৰিছোঁ‌
মেলি দিছোঁ‌ মন 
বঠা বাবলৈ এখনি টুলুঙা নাওৰ 
কোৱাচোন
তুমি জানো ধুনীয়া দৈৱকীৰ দৰে
শুনাচোন 
দিবানে মৰম তোমাৰ পুত্ৰক 
যশোদাৰ দৰে 
ৰঙীন জীৱনৰ কত শত শব্দই 
মন ফুচুলাই 
কত যে মৰম ঢালে এপাহি ফুলে
চিঙিব নোৱাৰোঁ‌ সেই ফুল পাহ
ভাঙিব নোৱাৰোঁ‌ কাঁ‌ইটিয়া দাল
হঠাৎ কিয় খেলিমেলি হ'ল
স্বপ্ন কুহেলিকাই এৰি থৈ গল
সন্দিহান হৈ ৰ'ল জীৱন ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)