সুৰীয়া বাঁহীৰ সুৰ - নমিতা কলিতা

©Admin
0
এটি জোনাক গলা ৰাতিৰ

এমুঠি হালধীয়া সপোন,

সোঁৱৰণিৰ পৃষ্ঠাত তেজৰঙী হোৱা

এহালি চৰাইৰ গাঁথা।

মনাকাশত ফুলি উঠে

এপাহ ৰক্তাক্ত গোলাপ,

কিছু নিভাঁজ প্রত্যাশা।

ভাব-লেখহীন এটি প্রশ্ন,

প্রণয় জানো হয়

কোনো কোলাহলৰ প্ৰতীক।

ভাগৰুৱা কঙ্কালৰ জিৰণি বেলাত,

শৰীৰৰ ভাঁজে ভাঁজে প্রাণ লয় এটি কাহিনী।

সময়ে চিনাকি দিয়া প্রেমিক হাইঠাৰ বিশ্বাস অবিশ্বাসৰ এহালিচা স্বাক্ষৰ।

ই জানো হ'ব পাৰে,

হৃদয় একাত্মবোধৰ এখন জোৱা খেল।

সেয়ে হয়তো হাস্যৰসত মেৰ খাই

এটি সুৰ গোপন,

এতিয়া যে দুভাগ ৰাতি ।

হৃদয় বলুকাত সপোন সন্মোহনী মোৰ,

জোনাকৰ ৰাগীত চিকমিক বিজুলি আঁকি

কোনে ৰজাই সেই সুৰীয়া বাঁহী


   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)