মোৰ বুকু কঁপে নিৰৱে ,
কুহুমীয়া হাঁহি জাগে
গম্ভীৰ মুখৰ আঁৰে ।
পূৰ্ণতা বিহীন কেৱল শূন্যতা
মোৰ উকা বুকুখনত !
আজি চঞ্চল মন
পাষাণ হ'ব বিচাৰে ,
হিয়াৰ নিভৃত কোণত
কষ্টৰ বজাৰ পাতে ।
দুখৰ টোপালে
বৰষুণ হৈ কান্দে ,
লুকুৱা হৃদয়ে বহু কষ্টেৰে
সেই বৰষুণ সিঁচে ।
ভিজা দেহাটো কঁপি উঠে
চেঁচা শিহৰণ জাগে ,
মনত লাগে যেন
হৃদয়ৰ কোঁহে কোঁহে
সলাজ অৱয়বৰ সৃষ্টি হ'ব ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ