যি গান গাবলৈ আহিছিলোঁ মই••ডাঃ মুনীন্দ্ৰ মেধি

Sibani Baruah
0
আজিও যি গান গাবলৈ আহিছিলো মই
হোৱা নাই সেই গান গোৱা,
আজিও কেৱল সুৰ বিচাৰোঁ,মই গাবলৈ খোজা।

মোৰ লগা নাই যে সুৰ,মই
 লিখা নাই যে সেই কাম 
মাথোঁ প্ৰাণৰ মাজতে আছে
গানৰ ব্যাকুলতা।
আজিও ফুলা নাই সেই ফুল, মাথোঁ
বলিছে এচাটি বতাহ।

মই দেখা নাই তেওঁৰ মুখ,মই
শুনা নাই তেওঁৰ বাণী
কেৱলশুনো ক্ষণে ক্ষণে তেওঁৰ খোজৰ পদধ্বনি‌।
মোৰ ঘৰৰ সমুখৰে তেওঁ যে
কৰে অহা-যোৱা।

মাথোঁ আসন পাতিলোঁ মই
গোটেই দিন ধৰি
ঘৰত জ্বলোৱা নাই প্ৰদীপমালা,
তেওঁক মাতো কেনে কৰি!
আছো পোৱাৰ আশা লৈ,তেওঁক
নহ'ল আৰু পোৱা।

  মূল ৰচনা---ৰবীন্দ্ৰনাথ ঠাকুৰ (গীতাঞ্জলি,নং ৩৯)
  অসমীয়া অনুবাদ--ডাঃ মুনীন্দ্ৰ মেধি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)